XtGem Forum catalog
kkallol.xtgem.com

পৃথিৱীৰ কেইটামান উল্লেখযোগ্য ৱেবছাইৰ নাম ক'বলৈ গ'লে প্ৰথমে আমি নাম ল'ব লাগিব গুগলৰ । গুগল মূলত চার্ছ ইঞ্জিন । লগতে ইয়াৰ অন্যান্য

গুগল প্ৰডাক্টসমূহ
হ'ল- জি মেইল (উল্লেখযোগ্য ই-মেইল), গুগল+ (ফেচবুক আৰু টুইটাৰৰ পিছতে ই উল্লেখযোগ্য সামাজিক নেটৱার্ক), গুগল অনুবাদ, ইউ টিউব (ভিডিঅ' শ্বেয়াৰিং ছ'ছিয়েল নেটৱার্ক), ব্ল'গাৰ (গুগল ব্ল'গ), গুগল ক্ৰম ব্ৰাউজাৰ, অর্কুট (সামাজিক নেটৱার্ক), গুগল ভয়েচ, গুগল প্লে, গুগল নিউজ ইত্যাদি ।

সামাজিক নেটৱার্কৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ'ল ফেচবুক । ফেচবুকৰ পিছতে টুইটাৰৰ নাম ল'ব পাৰি । চাটিং নেটৱার্কৰ ভিতৰত পিপেৰ'নিটিৰ নাম ল'ব পাৰি । ই-মেইলৰ ভিতৰত উইনডোজমেইল আদি কম্পিউটাৰ ব্যৱহাৰকাৰীৰ বাবে উল্লেখযোগ্য । ম'বাইল ব্যৱহাৰকাৰীৰ ভিতৰত গুগলৰ জিমেইল, য়াহুৰ য়াহুমেইল, নকিয়ামেইল আৰু ৰেডিফৰ ৰেডিফমেইলৰ নাম ল'ব পাৰি । নিউট নেটৱার্কৰ ভিতৰত বি.বি.ছি. আৰু ছি.এন.এন. উল্লেখযোগ্য । মুক্ত বিশ্বকোষৰ ভিতৰত ৱিকিপিডিয়া, ভাষা শিক্ষাৰ ক্ষেত্ৰত অ'মনিগ্লোট উল্লেখযোগ্য ।

গুগলৰ পিছতে দ্বিতীয় উল্লেখযোগ্য ই-নেটৱার্ক হ'ল য়াহু । য়াহু চার্জ ইঞ্জিন, য়াহু নিউজ, য়াহু ৱেদাৰ, য়াহু ক্ৰিকেট, য়াহু মেইল ইত্যাদি য়াহুৰ প্ৰডাক্ট ।

য়াহু ইণ্ডিয়া
ভার্ছনত বাংলা আৰু মৰাঠী ভাষাতো য়াহু সংবাদ অন্তর্ভুক্ত কৰিছিল যদিও পিছত এইটো বন্ধ কৰে ।

য়াহুৰ পিছতে

ৰেডিফ
নামৰ ৱেবছাইটটোৰ নাম ল'ব পাৰি ।
ৰেডিফৰ প্ৰডাক্টসমূহ
হ'ল- ৰেডিফমেইল, পেজ, নিউজ, ভিডিঅ', মুভিচ, স্পর্টছ, ক্ৰিকেট, শ্ব'পিং, বিজনেজ, জাৰা বোল, প্ৰশ্নোত্তোৰ ইত্যাদি ।
ইণ্টাৰনেট ব্ৰাউজাৰৰ ক্ষেত্ৰত ৱিনডোজ, মজিলা ফায়াৰ ফক্স, গুগল ক্ৰম আদি উল্লেখযোগ্য । ম'বাইল ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত অপেৰা মিনি আৰু ইউ.ছি. অধিক জনপ্ৰিয় । অপেৰাৰ ব্ৰাউজাৰৰ উপৰিও অন্যান্য প্ৰডাক্টসমূহ হ'ল- অপেৰা ম'বাইল, অপেৰা টেবলেট, অপেৰা মেইল (বৰ্তমান বন্ধ), মাই অপেৰা ব্ল'গ (বৰ্তমান বন্ধ) ইত্যাদি ।

মুখ্য পৃষ্ঠা