XtGem Forum catalog
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

কোনো কাৰণ নহোৱাকৈয়ে
তোমাৰ দৰে ধুনীয়া ছোৱালীৰ
মই প্ৰেমত পৰোঁ

ভালপোৱা মানেই
বিবাহ বান্ধন নহয়
ভালপোৱা মানেই যৌনতাৰ নিসিদ্ধ ৰাতি নহয়

ভালপোৱা মানে মোৰ কবিতাৰ সম্ভাৱনা
ভালপোৱা মানে এখন সাঁকো
য'ত বহি মই লিখিব
পাৰোঁ
প্ৰেম-অপ্ৰেমৰ
কবিতা-অকবিতা

মিছাকৈ হ'লেও
তুমি এবাৰ মোক
ভালপোওঁ বুলি কোৱা

কিয়নো প্ৰেমৰ কবিতা লিখিবলৈ
মোৰ বৰ মন যায় অ'

দুদিন পিছত মিছাকৈ হ'লেও এবাৰ বেয়া পাওঁ বুলি ক'বা
বিষাদ বাকী
পাৰ কৰিবলৈ দিবা মোক
দুখৰ উজাগৰী ৰাতি !

ණ কন্দর্পজিৎ কল্লোল