kkallol.xtgem.com

মুখ্য পৃষ্ঠা

"নষ্ট প্ৰেমিকৰ নষ্ট প্ৰেমৰ অসম্পূর্ণ অধ্যায়"

(১) অনামিকা বর্মন : হয়তো মই তাইক ভালপাইছিলোঁ । কিন্তু কথাটো মই নিজেই অনুভৱ কৰিব পৰা নাছিলোঁ । তাইৰ বিয়াৰ পিছতহে কথাটো মোৰ হৃদয়ে অনুভৱ কৰিবলৈ লৈছিল । তাইক লগ নপোৱা প্ৰায় দহ বছৰমানেই হ'ল চাগে ! যতে আছা কুশলে থকা, এয়াই মোৰ শুভকামনা ।

(২) প্ৰিয়দর্শিনী কলিতা : তাইক ভালপাইছিলোঁ যদিও সেয়া উচিত নাছিল । সম্বন্ধত তাই মোৰ পেহী হয় । কথাটো আগতে জনা নাছিলোঁ । ভুল !

(৩) সুলোচনা ব্ৰহ্ম : তাইক মই খুব ভালপাইছিলোঁ । কিন্তু তাই নুবুজিলে । বহুতো ঘাত-প্ৰতিঘাত, বিপদক নেওচিও তাইক ভালপাবলৈ প্ৰস্তুত আছিলোঁ । সেইটো ঘটনাৰ আলমলৈয়ে কিছুমান দুষ্টচক্ৰৰ ব্যক্তিয়ে তেতিয়াৰ সশস্ত্ৰ উগ্ৰপন্থী BLTৰ ওচৰত মোৰ বিৰুদ্ধে জাননী । তথাপিও মই ভয় খোৱা নাছিলোঁ । কাৰণ উগ্ৰবাদীৰো এখন হৃদয় থাকে, সিহঁতেও হয়তো এদিন কাৰোবাৰ প্ৰেমত পৰে । অৱশেষত মদিৰাৰ আশ্ৰয় ল'লোঁ, তাইক পাহৰি থাকিবলৈ ।

(৪) বিপাশা ৰয় : সুলোচনা এৰি যোৱাৰ সুযোগলৈ তাই মোলৈ প্ৰেমৰ প্ৰস্তাৱ দিলে । মানি ল'লোঁ । কিন্তু যেতিয়া তাইৰ নষ্ট চৰিত্ৰৰ কথা গম পালোঁ তেতিয়া বন্ধু-বান্ধৱীসকলক মাতি এখন মিটিং মাতিলোঁ । আৰু তাইক তালক দিলোঁ । তায়ো চহী কৰি দিলে ।
তাৰ পিছত তাইৰ বিয়া হৈছিল । কিন্তু বর্তমান স্বামীৰ দ্বাৰা পৰিত্যক্ত । এতিয়া ঘৰতে আছে ।
আজিও তাইক মই ঘৃণা কৰোঁ ।

(৫) সাগৰীকা দেব :
বাংলা ভাষী । এতিয়া চাকৰী কৰে । মধুৰীআম পকিলে আজিও সাগৰীকালৈ মনত পৰে ।

(৬) কল্পিতা মণ্ডল : বাংলা ভাষী ছোৱালী । তাইক যেতিয়া বিদায় জনাইছিলোঁ সিদিনা আছিল ভেলেনটাইচ ডে । আৰু সিদিনা ৰাতি মই আৰু মোৰ বন্ধু Pradipta Sarkar । দুয়োজনে পানী অবিহনে মদ খাওঁ । আৰু তাইলৈ লৈ যোৱা উপহাৰ দলিয়াই দিওঁ ।

(৭) দ্বীপান্বিতা মণ্ডল : দেউতাক বাংলাভাষী । অৱশ্যে অসমীয়া ভাষা ভালদৰে জানে । মাকজনী অসমীয়া । বৰপেটা জিলাৰ । তাইৰ মাক-দেউতাক ৰাজি আছিল । কিন্তু সময়ৰ কিবা এটা পাকচক্ৰত পৰি তাইক হেৰুৱাবলৈ বাধ্য হওঁ । বর্তমান তাই বিবাহিতা । দুজনী যমজ ছোৱালী । শিলিগুড়িত থাকে ।
বিয়াৰ পিছত এবাৰ লগ পাইছিলোঁ । তাৰ পিছত ম'বাইলত যোগাযোগ চলি আছিল । কালক্ৰমত যোগাযোগ বন্ধ । ঈশ্বৰে তাইক ভালে ৰাখক তাকেই কামনা কৰোঁ ।

(৮) অনামিকা কলিতা : সম্প্ৰতি তায়ো বিবাহিতা । অনামিকা, যাৰ শৰীৰত মই প্ৰথম স্পর্শ কৰিছিলোঁ । কুশলে থাকক তাই ।


(৯) তেতিয়া মই এজনী বিষণ্ণ ব্যক্তি । প্ৰেমহীনতনা স্মৃতিৰ চিগাৰেট হুঁপো । মোৰ লগত পঢ়া দুজনী ছোৱালীয়ে একেলগে প্ৰেমৰ প্ৰস্তাৱ দিলে । সিহঁতৰ কথা যাক মন যায় তাকে ভালপাব পাৰোঁ । তাৰ বাবে সিহঁতৰ এজনীয়ে আনজনীক বেয়া নাপাব । ৰশ্মিতা বর্মন আৰু কুঁৱলী ৰয় । কুঁৱলীক পচন্দ কৰি ল'লোঁ । আমি তেতিয়া B.A. পঢ়োঁ । তাৰ পিছত প্ৰেমত পৰি গ'লোঁ ৰক্তিমা মেধীৰ । কথাটোৱে কুঁৱলীক দুখ দিলে । আৰু তাই দিয়া অন্তিম চিঠিখন পঢ়িলে মই নিজকে অপৰাধী যেন অনুভৱ কৰোঁ । কেবাবছৰো হ'ল কুঁৱলীক লগ নোপোৱা । তাইৰ এতিয়া বিয়া হৈছে বুলি Kalpajit Krishna Dev Barman -এ কৰোবাত শুনা বুলি কৈছে ।

(১০) ৰক্তিমা : ৰক্তিমাক খুবেই ভালপাইছিলোঁ । তাইৰ ঘৰৰ পৰা যেতিয়া বাধা পালোঁ তেতিয়া তাইৰ নামত এটা কবিতা লিখি কাকত এখনলৈ পঠিয়াওঁ । প্ৰকাশ হোৱাৰ পিছত তাকেলৈ মিটিং হ'ল । অৱশেষত কাকতখনলৈ প্ৰেমৰ স্বীকাৰোক্তি এটা লিখি পঠিয়াও । সেইটোও প্ৰকাশ হয় । তাকেলৈ মোৰ ওচৰত কিছুমান ব্যক্তি প্ৰতিশোধ পৰায়ণ হৈ উঠিল । সময়ত সেইবোৰ অতীত হৈ গ'ল । তাই এতিয়াও অবিবাহিতা ।

(১১) ৱাহিদা বেগম : হয়তো ধর্মৰ মাজত থকা বাধ্য-বাধকতাৰ বাবে তাই মোৰ প্ৰেমক স্বীকাৰ কৰিব নোৱাৰিলে ।

(১২) প্ৰার্থনা সাহা : বাংলা ভাষী । এতিয়া বিবাহিতা । তেতিয়া সন্ধিয়া সন্ধিয়া তাইক চাবলৈয়ে বাইকৰ তেল খৰচ কৰি ৭ কিঃমিঃ যাব লগা হৈছিল । একে লগে পঢ়া আছিলোঁ । কিন্তু তেতিয়া প্ৰেমত পৰা নাছিলোঁ । পঢ়া বাদ দিয়াৰ পিছতহে তাইৰ প্ৰেমত পৰোঁ । তাই মোৰ প্ৰেমক গ্ৰহণ নকৰিলে । তেতিয়া মোৰ হৃদয়ত এটাই কথা আছিল ---
"দুষ্ট মেয়ের মিষ্টি হাঁসি, সত্যি সত্যি প্রার্থনা
আমি তোমাকে ভালবাসি"


(১৩) ওপৰত উল্লেখ কৰা ঘটনাবোৰৰ বাহিৰেও আনবহুতৰে প্ৰেমত পৰিছিলোঁ । বহুতকে ক'ব পৰা নাছিলোঁ । বহুতকে এবাৰেই লগ পাইছোঁ । কাৰোবাক বাছত, কাৰোবাক বজাৰত,
কাৰোবাক ৰেলত, কাৰোবাক গ্ৰন্থমেলাত ...
সিহঁতৰ বিভিন্ন নাম দি ডায়েৰীত লিখি ৰাখিছোঁ । হেৰাই যোৱা এটা একাউণ্টত প্ৰায় ৭০ জনীমান প্ৰেয়সীৰ নাম লিখিছিলোঁ । ডায়েৰীতো লিখা আছে । আজিলৈকে শতাধিক নাৰীৰ প্ৰেমত পৰিছোঁ । এতিয়া আৰু নামবিলাক লিখি আপোনালোকক আমনি দিব নিবিচাৰোঁ । আৰু কাক ক'ত লগ পাইছিলোঁ কিছুমান মনত আছে, কিছুমান পাহৰণিৰ গর্ভত ।
"প্ৰেম হয়তো একটা উড়ন্ত
মৌ-মাছি !
আমার যাকে মন যায়, আমি তাকে ভালোবাসি !" বহুদিন ছিমৰণৰ প্ৰেমত পৰিছিলোঁ । কিন্তু ক'ব পৰা নাছিলোঁ । এনেকুৱা সৰু সুৰা বহুতো ঘটনা আছে । এইখিনিতে হঠাতে এজনী ছোৱালীৰ কথা মনত পৰিল । কোনো প্ৰেম অবিহনে তাই ডাইৰেক্ট মোক যৌনতাৰ প্ৰস্তাৱ দিছিল । মই প্ৰেমিক ব্যক্তি । গভীৰ প্ৰেমত যৌনতাৰ কথা আহি যাব পাৰে । কিন্তু প্ৰেমহীন যৌনতাক মই মানি ল'ব নোৱাৰোঁ । সেয়ে মানি নল'লোঁ । এতিয়া তাইয়ো বিবিহিতা । এনেকুৱা আৰু সৰু সৰু বহুত ঘটনা আছে । সেইবিলাক আৰু নকওঁ দিয়ক ।


(১৪) এদিনৰ সংবাদ, জালাহৰ নামাই ঈপ্সিতা তালুকদাৰ আৰু এজন নষ্ট অকবিৰ আত্মহত্যা :

'এদিনৰ সংবাদ'ৰ ২০/০৮/ ­০৮ সংখ্যাত প্ৰকাশ হৈছিল 'সিমান সহজ নহয় তোমাক বিদায় জনোৱা' নামৰ কবিতাটো। কবিতাটো পঢ়ি জালাহৰ পৰা এজনী ছোৱালীয়ে ফোন কৰিছিল। মোৰ বয়স জানিব বিচাৰিলে। কলোঁ। মোতকৈ তাই ডাঙৰ। তাইৰ সৰু ভনী আছে বুলি ক'লে আৰু তাইৰ ভনীৰ লগত কথা পাতিবলৈও দিলে। তাইৰ ভনীৰ নাম ঈপ্সিতা তালুকদাৰ। ঈপ্সিতাৰ প্ৰেমত পৰিলোঁ। বহু দিন এনেদৰেই গ'ল। ঈপ্সিতা, মোৰ টেলিফোনিক প্ৰেমিকা। নেদেখাকৈয়ে প্ৰেম-ভালপোৱা।...

তাইৰ ককাইদেউ (দাদা) বাহিৰত কিবা কাম কৰে। ঘৰলৈ আহি কথাবোৰ শুনে। পিছলৈ তেওঁৰ বাবে আমাৰ প্ৰেমৰ যৱনিকা পৰিল। সেইদিনা মই গুৱাহাটীত আছিলোঁ। সন্ধিয়া নটা মান বাজিছে। মদ খাই আছিলোঁ। অলপ খোৱাৰ পিছত জালাহলৈ ফোন কৰিলোঁ। জালাহ সম্প্ৰতি বাক্সা জিলাত। ফোন ৰিচিভ কৰিলে বাইদেউয়ে। অলপ কথা পাতিলোঁ, তাৰ পিছত ঈপ্সিতাক দিবলৈ ক'লোঁ। তাই কলে তাইৰ দাদাই এই সম্বন্ধ মানি ল'ব নিবিচাৰে। তেখেতৰ ভাষাত কবিবোৰ নষ্ট। ভাল মানুহে কবিতা নপঢ়ে। এতিয়া এজন নষ্ট অকবিৰ মৃত্যুৰ কথা। এদিন সন্ধিয়া সাপটগ্ৰামত মই আৰু ৰমেনদাই মদ খাই দীপান্বিতা মণ্ডলৰ ঘৰলৈ যাওঁ। তাইয়ো মোৰ প্ৰেমিকা আছিল। বিয়া হৈছে শিলিগুড়িত। (দীপান্বিতাৰ কথা আগৰ অধ্যায়ত কৈছোঁ) । তাতে দুয়োজনে আলোচনা কৰিলোঁ। তাৰ পিছত ৰমেন দাই সেই ছোৱালীজনীৰ ম'বাইলত ফোন কৰিলে। বায়েকে ফোন ৰিচিভ কৰিলে। ৰমেন দাই ক'লেঃ মই অ'.ছি. দিগন্ত কলিতাই কৈ আছোঁ। সাপটগ্ৰাম থানাৰ পৰা। কন্দর্পক চিনি পায় নহয়। তেওঁ আত্মহত্যা কৰিছে। তেওঁৰ লগত তোমালোকৰ সম্বন্ধ কি.....
ইত্যাদি ইত্যাদি।

কেইদিন মান পিছত সেই ছোৱালীজনীৰ ফোনৰ পৰা কল আহিল। ৰিচিভ কৰিলোঁ, পুৰুষ কণ্ঠ। মই ক'লোঁ: হেল্ল', কোনে কৈছে? তেওঁ কন্দর্পৰ বন্ধু বুলি ক'লে। মোৰ পৰিচয় সোধাত ক'লোঁ: মই কন্দর্পৰ বন্ধুই কৈ আছোঁ।
তেখেতে সুধিলেঃ কন্দর্পজিৎ কল্লোল নাই নেকি? মই ক'লোঁ: তেওঁ আৰু এই পৃথিৱীত নাই। জালাহৰ কোনোবা এজনীৰ ছোৱালীৰ বাবে তেওঁ আত্মহত্যা কৰিছে।
তেখেতে দুখ প্ৰকাশ কৰিলে। মোক সুধিলে ছোৱালীজনীৰ নম্বৰটো পাওঁ নেকি? মই নাপাওঁ বুলি ক'লোঁ। কেইদিনমান পিছৰ পৰা সেই নম্বৰটোত বহুত চেষ্টা কৰিছোঁ কিন্তু কোনো দিনে নালাগিল।

এজন নষ্ট অকবিৰ বাবে এজনী ছোৱালীৰ ছিমকার্ড এখন বর্বাদ!

(১৫) ৰাগিণী বর্মন : মই দিয়া নাম ৰাগিণী বর্মন । আচল নাম ৰুণুমী বর্মন । কেইদিনমানৰ প্ৰেমিকা । তাকো অজব দুনীয়াৰ গজব প্ৰেম ! তাৰ পিছত এতিয়ালৈকে মোৰ প্ৰেয়সী+পত্নী । তাইক মই দুবাৰ বিয়া কৰাইছোঁ । এজন ব্যক্তিয়ে এজনী যুৱতীক দুইবাৰ বিয়া ! হয়, সঁচা কথা । আগতে ক'ৰোবাত কৈছিলোঁ । এতিয়া আৰু এইবিষয়ে নকওঁ । পিছত কেতিয়াবা কম বাৰু । ধন্যবাদ ॥


Ring ring