XtGem Forum catalog
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

নষ্ট প্ৰেমিকৰ নষ্ট প্ৰেম
ණ কন্দর্পজিৎ কল্লোল

(১) সুলোচনা ব্ৰহ্ম

তেতিয়া মই অষ্টম শ্ৰেনীত। প্ৰেমত পৰিলোঁ সুলোচনাৰ, তাই বড়ো মাধ্যমৰ ছোৱালী। অসমীয়া পঢ়িব নোৱাৰে। সেয়ে মোক বড়ো ভাষা শিকিবলগীয়া হৈছিল। বড়ো আৰু হিন্দীৰ মিশ্ৰণ ভাষাত তাইলৈ চিঠি লিখিছিলোঁ। প্ৰথম যিবাৰ তাইৰ ঘৰলৈ গৈছিলোঁ, মই নিৰুদ্দেশ হোৱা বুলি হুলুস্থুল লাগিছিল। দ্বিতীয়বাৰ এজন বন্ধুক লৈ গৈছিলোঁ, ঘৰত প্ৰৱেশ কৰিয়েই যিহে জং জাঠি দেখিলে, বন্ধুজনৰ জিভা তালু শুকাই গৈছিল। আৰু এবাৰ সিহঁতৰ গাঁওলৈ গৈছিলোঁ কেইজনমান বন্ধুক লগত লৈ। এজন ব্যক্তিৰ হাতত দীঘল এখন মস্ত দা। সুধিলে, "খৰ ফৰা আহিসে, খত যাব"। মই উত্তৰ দিলোঁ। সেই কেইজন বন্ধুৱে মোক ক'লে আৰু জীৱনত ইয়ালৈ নাহোঁ।

ছোৱালীজনীয়ে মোক বিশ্বাসঘাতকতা কৰিলে। তাই এজন মুছলমান ল'ৰাক ভালপালে। এদিন সেই ল'ৰাজনৰ লগত ৰেলৱে ব্ৰিজত মাৰ-পিট। আন এজন মুছলমান ল'ৰা আহিল। তেওঁ সত্য আৰু যুক্তিৰ কথা কৈ কাজিয়াখনৰ সামৰণি ঘটলা। ইকাণে সিকাণে কথাটো তেতিয়া সস্ত্ৰ হৈ থকা BLT সংগঠনৰ ওচৰ পালে। মোৰ বিৰুদ্ধ সিহঁতে BLTক গোচৰ দিয়া বুলি শুনিছিলোঁ। মোৰ মনত ভয় নাছিল যদিও ম দাউতা আৰু বন্ধুসকলকে ভয় খাইছিল। অৱশ্যে পিছলৈ একো নহ'ল। তাই মোৰ জীৱনৰ পৰা আঁতৰি গ'ল। পানশালাত বিচাৰি গ'লোঁ জীৱনৰ গান। কিন্তু বিপাশা ৰয়ে মোক পানশালাৰ প্ৰেমিক হ'বলৈ নিদিলে।


(২)
নষ্ট চৰিত্ৰৰ আছিল বিপাশা ৰয়। মোৰ হৃদয়ত আছিল প্ৰেমৰ ৰং সেউজীয়া। তাইৰ বিষয়ে আৰু বেছি নকওঁ।

(৩)
প্ৰেমত পৰিলোঁ সাগৰীকা দেবৰ। তাই মধুৰীআম খুব ভাল পাইছিল। তাইৰ ঘৰলৈ মধুৰীআম লৈ গৈছিলোঁ, কলেজলৈও লৈ গৈছিলোঁ। মধুৰীআম ফলিলে এতিয়াও তাইৰ কথা মনলৈ আহে। এতিয়া কিবা চাকৰি কৰে। ভালে কুশলে আছে চাগে! তাইৰ ভাল হওক। মোৰ হৃদয়ত স্মৃতিবোৰ সাৰে ৰওক...

(৪)
ভেলেন্টাইছ ডে আহিলে প্ৰথমে মনলৈ আহে কল্পিতা মণ্ডল। ৰাতি তাইৰ বাবে তাইৰ ঘৰলৈ কিবা লৈ গৈছিলোঁ। নাৰাখিলে, পেলাই দিলোঁ। বন্ধু প্ৰদীপ্ত সৰকাৰৰ স'তে মদ খালোঁ। সেয়া কলেজীয়া জীৱনৰ ঘটনা। ধ্যেৎ, এইবোৰো আৰু প্ৰেম নে!

(৫)
প্ৰেমত পৰিলোঁ দীপান্বিতা মণ্ডলৰ। অৱশ্যে কোনো দিনে তাইক কথাটো কোৱা নহ'ল। দীপান্বিতাৰ দেউতাই মোৰ তাইৰ প্ৰেমিক বুলি ভাবিছিল। মদ খাইছিল খুব। এদিন মোক ক'লে "মোৰ ছোৱালীক তুমি য'ত লৈ যাব বিচৰা যাব পাৰা, মোৰ কোনো বাধা নাই, তোমাৰ লগত গ'লে ৰাতি নাহিলেও একো নকওঁ"।