XtGem Forum catalog
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

মোৰ হৃদয়ৰ আপোন নাৰী, মোক block কৰি থৈ copy কৰি লৈ গ'লা মোৰ এমুঠি কবিতা
―――――――

তুমি মোক block কৰি থ'লা
block কৰাৰতো কথা নাছিল !
কথা আছিল ১০ দিন তুমি
ফেচবুকত নাথাকিবা তথাপিও সময় পালে মাজে মাজে massage এটাকৈ দিবা

মোৰ একাউন্টলৈ তোমাৰ এটাও মেছেজ নাহিল দেউতাৰ একাউন্টলৈ এটা massage পঠিয়াই দিলা তুমি হেনো আৰু ১০ দিন ফেচবুকৰ মজিয়ালৈ নাহিবা

ঠিক আছে মানি ল'লোঁ
তোমাৰ ব্যস্ততা
তথাপিও মোলৈ অন্তত এটা massage দিবলৈ সময় নাপালা নে ?

বেছি নহ'লেও এটা "?" চিহ্ন তো পঠিয়াব পাৰিলা হেঁতেন !
তাতে বুজি ললোঁ হয় তুমি মোৰ খবৰ সুধিছা

তাকে নকৰি তুমি মোৰ এমুঠি কবিতা copy কৰি লৈ মোক block কৰি থৈ দিলা

মই জানো এদিন হ'লেও তুমি মোক unblock কৰি সোমাই আহিবা মোৰ হৃদয়ৰ ফেচবুকত

মই তোমাক block নকৰোঁ তোমাৰ status-ত মন গ'লে কেৱল like কৰিম নগ'লে নাই
no massage
no reply
no comment

হে মোৰ হৃদয়ৰ আপোন নাৰী,
মইতো তোমাক copy কৰি লৈ যাবলৈ বাধা দিয়া নাই মোৰ হৃদয়ৰ সেউজীয়া বাগিছা

তাৰ পিছতো কিয় মোক block কৰি থৈ copy কৰি লৈ গ'লা মোৰ সমস্ত নিদ্ৰা

এতিয়া মই নিদ্ৰাহীনতাত ছটফটাই মৰিছোঁ আৰু তুমি নিদ্ৰাদেৱীৰ বুকুত হাত থৈ টোপনি গৈছা

আজিৰ পৰা তোমাৰ status-ত
no comment
আজিৰ পৰা তোমাৰ massage-ৰ no reply

ණ কন্দর্পজিৎ কল্লোল