XtGem Forum catalog
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

মোৰ কবিতা গল্প ইত্যাদি
০ কন্দর্পজিৎ কল্লোল

মোৰ কবিতা প্ৰথম ছপা ৰূপত প্ৰকাশ হৈছিল ২০০৬ চনত। তাৰ পিছৰে পৰা আজিলৈকে লিখি আছোঁ। ব্যক্তিগত দৃষ্ট ভংগীত অৱশ্যে মই নিজকে এজন নষ্ট অকবি বুলিহে ভাবোঁ। আজিলৈকে কাকত আলোচনীত ৪০ টা মান কবিতা প্ৰকাশ হৈছে। তাৰে ভিতৰত প্ৰথম নিজৰ দৃষ্টিত'ঘৰ' কবিতাটো হে আচলতে কিছু কবিতাৰ শাৰীলৈ আহিছিল। সেয়া ২০০৬ চনত প্ৰকাশিত। মোৰ নিজৰ দৃষ্টভঙ্গীৰে ভাল লগা মোৰদ্বিতীয়টো কবিতা হ'ল ২০০৭ চনত প্ৰকাশিত 'সিমান সহজ নহয় তোমাক বিদায় জনোৱা' আৰু তৃতীয়টো কেইদিন মান আগতে লিখা 'ৰ'দেই হওক বা বৰষুণেই হওক ছাতিটো নেমেলিবা'। উক্ত কবিতা সমূহ মোৰ ৱেবছাইট আৰু ফেচবুক একাউন্টত আছে। প্ৰায় ৩০টা মান বাংলা কবিতা অসমীয়ালৈ অনুবাদ কৰিছোঁ। তাৰে কেবাটাও বিভিন্ন কাকত- আলোচনীত প্ৰকাশ হৈছে। অৱশ্যে সেইবোৰ ৱেব ছাইটত নাই। কেৱল শৰৎকুমাৰ মুখোপাধ্যায়ৰ এটা কবিতা 'ব্যতিক্ৰম'ত দিছোঁ। কামতাপুৰী কবিতাৰ ভিতৰত 'চেকাৰেৰ ঐপাৰেৰ চান' আৰু 'আথানিকুমাৰ' এই দুটাই মোৰ ভাল লাগে। আচলতে লিখিম বুলি লিখাটোত কৈ নিজে আহি হৃদয়ত থিতাপি লোৱাটো অলপ ভাল হয়। বাংলা আৰু অসমীয়া ভাষাৰ কেবাটাও কবিতা কামতাপুৰী ভাষালৈ অনুবাদ কৰিছোঁ। অসমীয়াৰ ভিতৰত নীলিম কুমাৰৰ 'নৰকাসুৰ', প্ৰণৱ কুমাৰ বর্মনৰ 'হাল্লা কৰক' আদি। এইবিলাকfacebook-KAMATA PUR গোটত আছে। নৰকাসুৰটো মোৰ ৱেব ছাইটতো আছে। প্ৰৱন্ধৰসংখ্যা খুব কম। গদ্যৰ ভিতৰত মোৰ ৱেবত আছে কামতাপুৰী ভাষাত লেখা নষ্ট অকবিৰ নষ্ট গদ্য 'প্ৰেম আকটা উড়ন্ত মৌ-মাছি' আৰু 'ৰণাঙ্গন' গোটত আছে অসমীয়াত লিখা 'নৰকত নষ্ট অকবিৰ ফাঁচিৰ ৰচি'। মোৰ কাব্য আৰু গল্প সংকলন খনত প্ৰকাশিত ৩০টা কবিতা আৰু ১০টা গল্পৰ ভিতৰত ৱেব ছাইটত আছে একমাত্ৰ 'কনডম' কবিতাটোৰ নিজে কৰা বাংলা ৰূপান্তৰটো। আৰু ফেচবুকত তাৰে পৰা আজি প্ৰকাশ কৰিলোঁ 'হিজল' কবিতাটো। গল্পৰ ভিতৰত এটাও ৱেবছাইটবা ফেচবুত দিয়া হোৱা নাই। আগতে কাকততো প্ৰকাশিত 'গল্পৰ সন্ধানত গল্প' নামৰগল্পটো এটা গোটলৈ পঠিয়াইছিলোঁ। আৰু সেইটো পঢ়ি এজন পাঠকে নিজকে জালুকবাৰীত উলংগ হোৱা যেনঅনুভৱ কৰিছিল আৰু প্ৰসাশকে লগে লগে সেইটো উঠাই দিছিল। তেখেত যদি ইয়াত আছে তেন্তে তেখেতক সুধিব বিচাৰিম যে তেখেতে হেম সৰস্বতীৰ 'কুমাৰ হৰণ' বা শংকৰ দেৱৰ 'কীর্ত্তন ঘোষা' পঢ়িছে নে নাই? ভাৰতীয় হিন্দু দর্শনৰ এখনশাস্ত্ৰও তেখেতৰ দৃষ্টত তেন্তে অশ্লীলতা মুক্ত নহ'ব। সেইবোৰ পঢ়ি কতো উলংগহোৱা যেন অনুভৱ হোৱা নাই নে আপোনাৰ! নে সেইবোৰৰ কথাক'লে জগৰ লাগিব, পাপে চুব! পাৰিব নেকি সেইবোৰ নিষিদ্ধ কৰিব, পাৰিব নেকি কনডমৰ বিজ্ঞাপন নিষিদ্ধ কৰিব! তাৰ বাহিৰেও আন গল্পৰ ভিতৰত 'অৰবিন্দ ৰাজখোৱাৰ ম'বাইল নম্বৰ', 'ছেক্স ছার্ভেচ ছুইচাইড' আদি। মোৰ ভাল লগাৰ ভিতৰত নিজকে নির্বাচন কৰিবলৈ দিলে 'গল্পৰ সন্ধানত গল্প'(যদিওবা আনৰ দৃষ্টিত অশ্লীল), 'কাঁচৰ প্ৰেমিক' আৰু 'ৰহিম চাচাৰ চকুপানী'।
অৱশ্যে এতিয়া আগতকৈ অশ্লীলতা বহুখিনি কমাইছোঁ। আগলৈ আৰু চেষ্টাকৰিম। ৪ বছৰ পিছত কেইদিন মান আগতে 'নষ্টালজিয়া'ত এটা দুই মিনিটৰ গল্প লিখিত। গল্প আৰু প্ৰৱন্ধ লিখা প্ৰায় বাদে দিলোঁ। কবিতা আৰু নষ্ট গদ্য এতিয়া ৱেব ছাইট নাইবা ফেচবুকত লিখি আছোঁ।

Yesterday at 02:20 · · Like · Share · Remove
Hiramba Barman and 5 others like this.
Sheersha Jyoti Borah
Kallol da likhi jauk.samoie apunar sristir murlya dbo.jibnjayi hble bhu ghat patighat par kribo.samalusan abor perona buli gahan karak.
Yesterday at 02:45 · Unlike · 1
~~~~~~~~~~~~~~~~~