Duck hunt
kkallol.xtgem.com

কবিতা
=====

(১)
এদিন তোমাক বুকুত বান্ধিলৈ
মই আত্মহত্যা কৰিছিলোঁ
তাৰ পিছত বুকুৰ একোণত লৈ ফুৰিছিলোঁ
এমুঠি বিষাদ

(২)
এদিন তোমাক মই হত্যা কৰিলোঁ
তাৰ পিছত গোটেই বুকুখন
হালধীয়া বিষাদে ভৰি পৰিল

(৩)
তুমি যাৰ হাতত গজি উঠিছিলা
তেওঁ আছিল গাঢ় নীলা
তেওঁৰ বুকুখন আছিল হালধীয়া
তেওঁৰ প্ৰকৃত অনুভৱ আছিল কয়লাতকৈও কলা

(৪)
তেওঁক নাপালোঁ
যিয়ে এদিন তোমাক
সৃষ্টি কৰিছিল
হালধীয়া হাবিডঁৰাত বহি
যিয়ে এদিন মোক পুৰি দিছিল
তামস নদীৰ পাৰঘাটত

(৫)
তেওঁক নাপালোঁ
সেয়ে তোমাকে মই হত্যা কৰিলোঁ
আৰু তাৰ পিছৰে পৰা
মোৰো দেহৰ বৰণ
হৈ উঠিল
হালধীয়া

(৬)
তেওঁক মই লগ পাইছিলোঁ যান্ত্ৰিক বন্ধুত্বতাৰ এখন টুলুং ভুটুং নাওঁত
যিখনৰ নাওঁৰ কোনো নিদৃষ্ট লক্ষ্য নাই
নাই কোনো গন্তৱ্য স্থান

(৭)
নাওঁৰ পৰা জাঁপ দিলোঁ ......

(০৭/১২/১৩)

[[ বিদায় "ফেচবুক"! ]]

মোৰ ৱেবছাইট:
http://www.kkallol.xtgem.com/
___________________________

ණ কন্দর্পজিৎ কল্লোল

মুখ্য পৃষ্ঠা