kkallol.xtgem.com

মুখ্য পৃষ্ঠা

যি ক'ম সঁচা ক'ম (ৰাজহুৱা স্বীকাৰোক্তি)

আজিৰ পৰা জীৱনত আৰু এটোপালো মদ নাখাম । নিজেও নাখাম । আনৰ লগতো নাখাম । ইয়াৰ বাবে কোনোবা বন্ধুই বেয়া পালেও উপায় নাই । কাৰণ মদ খাওঁতে মোৰ যিমান টকা খৰচ হয় তাতোকৈ বহুবেছি টকা খৰচ হয় মদ খোৱাৰ পিছত । এই মদৰ বাবেই উন্মাদহৈ নকৰিবলগীয়া কাম কৰোঁ । এই মদৰ বাবেই বাটে-ঘাটে পৰি থাকোঁ । এই মদৰ বাবেই বাইক দুর্ঘটনা । এই মদৰ বাবেই চিকিৎসালয় । এই মদৰ বাবেই সদায় পকেট ৰিক্ত । এই মদৰ বাবেই শাৰীৰিক অসুস্থতা । অৱশেষত এই মদৰ বাবেই এৰাতি কটাই আহিলোঁ থানাত । এজন চাইকেল চোৰৰ সৈতে এৰাতি ! ধিক্ মদিৰা ! মদ খাই সহ্য কৰিব নোৱাৰিলে নখোৱাই শ্ৰেয় । এই মদৰ বাবেই আজিলৈকে প্ৰায় ডেৰ কোটি টকা নষ্ট । যদিও মোক সকলোৱে ভালপায়, শ্ৰদ্ধা কৰে তথাপি এই মদৰ বাবেই মোক সকলোৱে বেয়া পায় । এই মদৰ বাবেই মই যোগ্য পুত্ৰ, যোগ্য ভাতৃ, যোগ্য স্বামী অথবা যোগ্য পিতৃ হ'ব পৰা নাই । বৰঞ্চ এই মদৰ বাবে সকলোকে কষ্ট কৰিবলগীয়া হয় । মই মদ খাই মাতাল হওঁ । মোৰ লগতে কষ্ট কৰিবলগীয়া হয় মোৰ পিতৃ, মাতৃ, ভগ্নী, পত্নী, বন্ধু ইত্যাদি । কাৰণ মদ খালে মই নিজকে পাহৰি যাওঁ । হৈ উঠোঁ মাতাল দেৱদাস । বুকুৰ বেমাৰ, সহ্য নহয় মদিৰা । তাৰ পিছতো মদ খাওঁ । এয়া অভ্যাস । আজিৰ পৰা এনে অভ্যাস একেবাৰে ত্যাগ কৰিলোঁ ।
বিদায় মদিৰা...... বিদায় মদিৰা...... এই বিদায় চিৰবিদায় হওক !

(১০/১২/১৩)

ණ কন্দর্পজিৎ কল্লোল

XtGem Forum catalog