XtGem Forum catalog
kkallol.xtgem.com

জন্মদিনৰ শুভকামনা আৰু দুটা কবিতা
================

(১)

ওঞা ওঞা ওঞাও
আপুনি দুখত কান্দিছিল নে সুখত

আপুনি দুখত কান্দিলেও তেতিয়া আপোনাৰ চকুপানী লুনীয়া নাছিল

আপুনি সুখত কান্দিলেও
তেতিয়া আপোনাৰ চকুপানী লুনীয়া নাছিল

আপুনি কান্দিছিল নে সঁচাকে'
নে কবিতা পাঠ কৰি আছিল
২৫ বছৰ আগত

আচলতে আপুনি
কন্দা নাছিল
কবিতা পাঠ কৰি আছিল

সেই কথা আপোনাৰ আয়েও নাজানিছিল
সেই কথা আপোনাৰ পিতায়েও নাজানিছিল

(২)

এতিয়া অকনমান কান্দি দিওক
২৫ বছৰ আগত যিদৰে কান্দিছিল

আৰু দুটোপাল চকুপানীলৈ চেলেকি চাওক

কেনে লাগিছে ?
তাৰ মানে .......

তাৰ মানে
আপোনাৰ চকুলো যিদৰে নিমখীয়া হৈ আছে
ঠিক তেনেকৈয়ে কবিতাবিলাক

আমি সকলোৱে এদিন নিমখৰ প্ৰেমত পৰোঁ

নিমখৰ প্ৰেমত পৰোঁ বাবেই
সুখে-দুখে অলপ
কান্দি দিওঁ

ঠিক আপোনাৰ কবিতাৰ দৰে ......

(১৬/১২/১৩)

চন্দনা শইকীয়াৰ হাতত...

ණ কন্দর্পজিৎ কল্লোল


মুখ্য পৃষ্ঠা