Teya Salat
kkallol.xtgem.com

বিদায় মেণ্ডেলা
===========

জনতাৰ চকুলোঁ
তোমাৰ শৰীৰৰ
ৰন্ধ্ৰে-ৰন্ধ্ৰে
তেজ হৈ বয়

তোমাৰ বুকুত বিষাদ
দুচকুত সপোন
সপোন ৰঙীন

মেলি দিয়া তুমি
মুক্তিৰ দুহাত
তোমাক দেখিলে
মোৰ বুকুত ভাঁহে
বিপ্লৱৰ নিনাদ

আজি তুমি নাই

সময় !

সময় ৰৈ নাথাকে
ইতিহাসে কথা কয়
এতিয়া তুমি ইতিহাসৰ
এটা সোণালী পৃষ্ঠা

বিদায় নেলচন মেণ্ডেলা
বিদায়

বিঃদ্ৰঃ এই বিদায় চিৰবিদায় নহয় ।
কাৰণ ইতিহাসে
কথা কয় ।

(০৬/১২/১৩)

ණ কন্দর্পজিৎ কল্লোল


মুখ্য পৃষ্ঠা