XtGem Forum catalog
kkallol.xtgem.com

"বিদায়ী ডিচেম্বৰৰ অকবিতা"

এই ডিচেম্বৰেই
শেষ ডিচেম্বৰ
শেষ বাৰৰ বাবে
চুই চাম তোমাক
বুকুৰ ৰক্তজবা ছিঙি
পাৰহৈ যোৱা নদীৰ দৰে

এই ডিচেম্বৰেই
শেষ ডিচেম্বৰ
শেষ বাৰৰ বাবে
তোমাৰ বুকুত লিখি থৈ যাম
তামস ৰাতিৰ তামসাবৃত্ত সপোনৰ কাহিনী

তোমাৰ বুকুৰ দুৱাৰত শেষ বাৰৰ বাবে
তলা ওলমাই থ'ম
যি তলা আৰু
বহু বছৰলৈকে নুখুলিম

চাবিপাত সংৰক্ষণ কৰি ৰাখি থ'ম
এন্ধাৰৰ এচুকত

এদিন তোমাৰ হৃদয়ৰ
বন্ধ দুৱাৰ খুলি
মোৰ ভৱিষ্যৎ প্ৰজন্মই বিচাৰি পাব মোক
য'ত লিপিবদ্ধ হৈ আছে
মোৰ দুখ-সুখৰ অলেখ কাহিনী

১১ বছৰ পিছৰ
কোনোবা এটা সন্ধিয়া
তোমাৰ বুকুৰ ভিতৰত বিচাৰিম মোক
স্মৃতিৰ কলিজা খুলি

সিদিনা নাজানো
কি ৰূপত দেখিবলৈ পাম তোক
তই মোৰ সমস্ত ইতিহাস
ঘূৰাইদিব পাৰিবানে মোক !

(০৭/১২/১৩)

ණ কন্দর্পজিৎ কল্লোল


মুখ্য পৃষ্ঠা