Duck hunt
kkallol.xtgem.com
অকবিতা
=======

মই য'ত
থিয়হৈ আছোঁ
তাৰ পৰা
নিজকে ভালদৰে
দেখিব নোৱাৰোঁ

গছৰ পাতবোৰৰ ৰং দেখোঁ
হালধীয়া
মোৰ প্ৰেয়সীৰ
চুলিবিলাক দেখোঁ
হালধীয়া
প্ৰিয় মানুহৰ
বুকুৰ ৰঙো
হালধীয়া

মই য'ত
থিয়হৈ আছোঁ
তাৰ পৰা
একাঁ-বেঁকা
পথটো দেখোঁ
শাঁকৰাজৰ দৰে
আকাশখন দেখোঁ
কালিঘুকিৰ দৰে

মই নাৰকীয় সপোনৰ
অন্ধ মুধচ
নিজকে হেৰুৱাই
সৰিপৰা সৰাপাত

ණ কন্দর্পজিৎ কল্লোল
৩১/০৫/৩৫


মুখ্য পৃষ্ঠা