XtGem Forum catalog
kkallol.xtgem.com
ණ কন্দর্পজিৎ কল্লোল

এজনে এটা ভুল কৰাটো স্বাভাবিক কিন্তু কোৱাৰ পিছতো সেই একেটা ভুলকে কৰি থাকিলে বেয়া লাগে । কাৰো নাম উল্লেখ নকৰাকৈ ক'ব বিচাৰোঁ যে মোৰ বানান ভুল হ'লে কোনোবাই দেখুৱাই দিলে ভাল পাওঁ । কেইজনমানক ময়ো দেখুৱাই দিওঁ । বেয়াপোৱা কেইজনক বর্তমান আঙুলিয়াই
নিদিওঁ । আনহাতে কেইজনমানে ভালো নাপায় বেয়াও নাপায় আৰু সজাগো নহয় । এজনক কমেও
১০ দিন কৈছোঁ 'ৰাত্ৰী' নহয় 'ৰাত্ৰি', আৰু 'আপুনী' নহয় 'আপুনি'হে হয়। আন এজনক 'সন্হা', 'গ্ৰন্হ', 'কিন্ত্ত' নহয়
বুলি বহুবাৰ কৈছোঁ । তৃতীয়জনে আকৌ 'আপোনি' বুলি লিখে । তেওঁকো কৈছোঁ । কিন্তু এইকেইজনে পৰবর্তী সময়তো ঠিক আগৰ দৰে ভুলকৈ লিখি থাকে । কেইজনমান আছে মোৰ এই
বানানটো ভুল হয়েই বুলি কৈ আনন্দ পায় আৰু আগলৈও ইচ্ছাকৃত ভাবে নে অনিচ্ছাকৃতভাবে নাজানো ভুলক
মোৰ কেইজনমান বন্ধুই সাধাৰণতে ভুলকৈ লিখি থকা কেইটামান শব্দ-

১। সন্হা, গ্ৰন্হ, স্হান > সন্থা,
গ্ৰন্থ, স্থান ।
২। কিন্ত্ত > কিন্তু ।
৩। আপোনি/ আপুনী > আপুনি ।
৪। আপুনাৰ > আপোনাৰ ।
৫। শুভৰাত্ৰী > শুভৰাত্ৰি ।
৬। শুপ্ৰভাত > সুপ্ৰভাত ।
৭। কৰিৱ, হৱ, ধৰিৱ > কৰিব, হ'ব, ধৰিব ।
৮। ছাৎৰ, মিৎৰ, সৎৰ > ছাত্ৰ, মিত্ৰ, সত্ৰ ।
৯। আচে, কৰিচে > আছে, কৰিছে ।
১০। আছৰিত > আচৰিত,
বিছাৰিছোঁ > বিচাৰিছোঁ ।
১১। ভূল > ভুল ।
ইয়াৰ বাহিৰেও 'ট' আৰু 'ত' ৰ ব্যবহাৰৰ ক্ষেত্ৰত কেইজনমানে ভুল কৰে ।

লগতে হ'ল, গ'ল, ল'ৰা আদিৰ ক্ষেত্ৰত কেইজনমানে ঊর্দ্ধকমা ব্যবহাৰ নকৰে । লগতে চিকিত্সা, হঠাত্ > চিকিৎসা, হঠাৎ আদি অনিচ্ছাকৃত
ভাবে বহুতেই ভুল কৰে । এয়া ম'বাইল হেণ্ডছেটৰ ভুল । তথাপিও
'ৎ'টো কপি কৰি ৰাখি শুদ্ধ কৰিব
পাৰি ।

আনহাতে মোৰো কেইটামান বানান আগতে ভুলকৈ লিখিছিলোঁ । পিছলৈ সূর্য বৰা ডাঙৰীয়া, কিৰণ দা নীলিম অনুৰাগ আদিৰ সহায়ত এতিয়া সেইকেইটা ভুল নহয় । যেনে- ঘন্টা, ইন্টাৰনেট > ঘণ্টা, ইণ্টাৰনেট । যোৱাকালি, অহাকালি > কালি, কাইলৈ আদি ।

3 September
· Like · 19 comments ·
Share · Delete
Samiran Saikia and 34
others like this.


Akashtultul Barman
মোৰো বহুত ভুল হয়। শিকিব
চেষ্টা কৰি আছো ।
Unlike · 1 · Delete · 3
September
দিব্যজ্যোতি শৰ্মা
প্ৰথমে মোৰো হৈছিল কিন্তু
এতিয়া আগতকৈ অলপ কম হয় চাগে....।
Unlike · 1 · Delete · 3
September
NiluTpal Luit Axom
'কিন্তু' এইটো মোৰ সদায় ভুল হয় হে..
মই 'কিন্ত্ত' লিখো..
Edited · Unlike · 1 · Delete
· 3 September
Nilim Anuraag
কয় একখান পৃষ্ঠা আছে ৷ এতোযে বানান
ভুল কৰে না! অনেক দিন ঠিক
কৰিবা যায়া প্ৰশাসকেৰ
কাথা শুনিবা লাগা হৈছে ৷
অইজইন্নে বাদে দিছুং এলা কোৱা ৷
Unlike · 5 · Delete · 3
September
কিৰণ খনিকৰ
Unlike · 1 · Delete · 3
September
ৰাজু দাস
অলপো বেয়া নাপাওঁ মই মোৰ ভুল
হ'লে লগে লগে ক'বা দেই...
Unlike · 2 · Delete · 3
September
J Bhaskar Saikia
বানান ভুল হ'লে দেখুৱাই দিলে ভাল
পাওঁ ।
Unlike · 2 · Delete · 3
September
কন্দর্পজিৎ কল্লোল
সকলোকে ধন্যবাদ । এতিয়া 'কিন্তু'
লিখিব বুলি আশা ৰাখিলোঁ @
NiluTpal । হয় নীলিম, কয়েকখান
পৃষ্ঠাত খুবেয় ভুল, প্ৰশাসকো সজাগ
নাহায় । নিশ্চয় কম @ ৰাজু দা & J.
Bhaskar Saikia
Like · 2 · Edit · 3
September
ৰাজু দাস
এবাৰ কোৱাৰ পিছত ভুল নকৰো দেই...
H.S পাছ কৰাৰ পৰা অসমীয়া লিখিব
পাহৰি পেলাইছিলো এতিয়া ফেচবুকত
লিখিব পাই কিমান ভাল
লাগিছে কেনেকৈ বুজাম অ'...
Unlike · 5 · Delete · 3
September
UP TO HERE
Write a comment...
Comment
Surjya Bora
ইমান দিনৰ আগৰ কথাটো এতিয়াও মনত
আছে ! যি কি নহওক ভুল
হোৱাটো অস্ৱাভাৱিক নহয়-কথা হ'ল
ভুলটো আঙুলিয়াই দিয়াৰ
পিছত,আমি অন্ততঃ ভাষাটোৰ
প্রতি শ্রদ্ধা যাচি, তাক
পুনৰাবৃত্তি ঘটিবলৈ দিব নেলাগে।মোৰ
আগৰ মন্তব্য দিওঁতা সকলৰ ভাষাটোৰ
প্রতি দায়বদ্ধতা আছে বুলি মন্তব্যখিনি
বোধ হৈছে ।এনে ব্যক্তিৰ সংখ্যা তাকৰ
হ'লেও ভাষাটোৰ সুৰক্ষাৰ
স্ৱার্থত,ভূমিক া কিন্তু গুৰুত্ৱপূর্ণ ।
ধন্যবাদ, কন্দর্পজিৎ কল্লোল।
Unlike · 4 · Delete · 3
September
J Bhaskar Saikia
অসমীয়া বিষয়টোকে প্ৰধান বিষয়
হিচাপে লৈ শিক্ষাজীৱন সামৰিলোঁ ।
ছাত্ৰাৱস্থাৰ পৰাই বানানৰ ক্ষেত্ৰত
সদাসতৰ্ক হৈ আহিছো ।
তথাপিও
তাৰমাজতে কেতিয়াবা অবাঞ্চিত
ভাৱে ভুল কৰি পেলাওঁ ।
সেইবোৰ দৃষ্টিগোচৰ
কৰিলে নথৈ আনন্দিত হম ।
Unlike · 2 · Delete · 3
September
Surjya Bora
J Bhaskar Saikia ডাঙৰীয়া,
আপোনাৰ কথাখিনি ভাল লাগিল ।
(অবাঞ্চিত->অবা ঞ্ছিত,হম->হ'ম-
বেয়া নেপায় নিশ্চয়।)
Edited · Unlike · 2 · Delete
· 3 September
J Bhaskar Saikia
বেয়া নাপাওঁ..
ধন্যবাদ |
Edited · Unlike · 2 · Delete
· 3 September
ৰাজু দাস
ভুল হোৱাটো স্বাভাৱিক কিন্তু শুধৰাই
দিয়াৰ পিছত ভুল কৰিলে বেয়া কথা...
Unlike · 4 · Delete · 3
September
কন্দর্পজিৎ কল্লোল
আমি সাধাৰণতে 'স্বভাৱ', 'গুৰুত্ব'...
এনেকৈ লিখোঁ । w=ৱ ।
সেইহিচাবে চাবলৈ গ'লে আপুনি লিখাৰ
দৰে 'স্ৱভাৱ', 'গুৰুত্ৱ' হ'ব লাগে ।
কিন্তু কিতাপ, বাতৰি-কাকত
আদিতো 'স্বভাৱ', 'গুৰুত্ব' আদিহে পাওঁ ।
এই বিষয়ত মই যথেষ্ট অসুবিধাত
পৰিছোঁ । অনুগ্ৰহ কৰি এই সন্দর্ভত
আপোনাৰ অভিমত ব্যক্ত কৰি মোক উপকৃত
কৰে যেন । @ Surjya Bora
Like · 5 · Edit · 3
September
Surjya Bora
এইটো
বৰ ভাল কথা সুধিলা ।মই
পৰীক্ষামূলকভাৱে মাজে মাজে লিখোঁ।
আচলতে আমাৰ
*পুৰণি ৰূপ সেইটোৱেই আছিল কিন্তু
বৃটিছে অসমতকৈ আগতে ছপাশাল
পাতিলেহি
কলিকতাত (কলকতা)-
অসমীয়া ছপা কামো তাতেই হৈছিল।
সেই ছপাশালত যিহেতু 'ৱ'
বর্ণটো নাছিল সেয়েহে 'ব'টোকে 'ৱ' ৰ
ঠাইত বহুৱাই দিলে বোধহয়- মানে য'ত
'ৱ'টো
যুক্ত বর্ণ হৈ আছিল তাত(অযুক্ত বর্ণত
ঠিকেই আছিল)।পিছলৈও
তেনেকৈয়ে থাকি গ'ল। এতিয়া কথা হ'ল
আমাৰ ভাষাৰ লিপিটোযে সুকীয়া তাৰ
একমাত্র প্রমাণ এই 'ৰ' 'ৱ'বর্ণ দুটা ।
তদুপৰি আমাৰ লিখিত ভাষাটো,এই
প্রযুক্তিৰ বিস্ফোৰণৰ যুগতো কিয় আমাৰ
লিপি সাপেক্ষ নহ'ব !?তুমি
ছাত্র-ছাত্রীক বাদেই দিয়া,শিক্ষক
বা বিখ্যাত সাহিত্যিককে সুধিবাচোন
-শ্ব,স্ব আদিত 'শ' ' স 'ৰ লগত কি বর্ণ
যোগ হৈছে ? তুমি চাবা,৯৫% উত্তৰ
হ'ব 'ব'।তেখেত সকলক বা কণমানিহঁতক
দোষ কোনোপধ্যেই দিব
নোৱাৰি যি দেখিছে
('ব')তাকেই কৈছে-
কেতিয়াবা চিন্তা হয় এই
সুকীয়া লিপিৰ প্রতীকহেন 'ৱ'টো
হেৰাই যাবগৈ নেকি !
আজিকালি নিয়মানুৱর্তী,ব্ যৱহাৰ,যুৱক
আদি শব্দত 'ব'হে
লিখা কৰিছে,ইফালে কাগজ কলমৰ
ব্যৱহাৰ
লাহে লাহে কমি আহিছে বুলিলেও
ভুল নহ'ব,যেতিয়া এজন মানুহে সদায় স
+ব টিপি 'স্ব' লিখি থাকিব
তেনে ব্যক্তিক
কাইলৈ সেইটো ' স +ৱ 'বুলি কোনেও
পতিয়ন নিয়াব নোৱাৰিব ।
(*পুৰণি কামৰূপী
লিপিত 'ৱ'টো ' র
'হিচাপে লিখা হৈছিল,এইটোকে এতিয়া
'ৰ' বুলি
লিখে।)
Edited · Unlike · 9 · Delete
· 4 September
কন্দর্পজিৎ কল্লোল
অশেষ ধন্যবাদ
Like · 3 · Edit · 4
September
Prasanta Rujmi Sensua
Apunalukor hokolure kotha
bur pohile pohi thakibole
mon jai. Hahityo gyan
2ngot ase.
Unlike · 2 · Delete · 4
September
সুনীল অমিয়
Moi eku nokou pai, moi
Axomiya vaxar (A) toye
najano, tothapio axomiya
lipit likhu aru ex-eburi
banan vul koru, zito mor
swvab nohoy vaxator proti
thok Agyota he. Banan bor
shudhorai dile nothoi sukhi
h'm.
Unlike · 1 · Delete · 10
September
Write a comment...
Comment


মুখ্য পৃষ্ঠা