pacman, rainbows, and roller s
kkallol.xtgem.com

মই এতিয়া যিটো কথা ক'ম,
সেইটো শুনিবলৈ ভাল নালাগিব
পাৰে তথাপি ক'মেই...
ফেচবুকত ৰোমান লিপিৰে কিয়
অসমীয়া ভাষা লিখা হয়?
উত্তৰঃ মোৰ ম'বাইলত অসমীয়া লিখিব নোৱাৰি।
* হয়, বেছিভাগ ম'বাইলত
অসমীয়া লিপি নাথাকে। তথাপিও
বহুতেই অনলাইন যোগে অসমীয়া লিপিৰে লিখি আছে। বা লিখিবলৈ চেষ্টা কৰি আছে, সিহঁতক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন
জ্ঞাপন কৰিলোঁ। কিছুমান ম'বাইলত আকৌ অনলাইন যোগেও লিখিব নোৱাৰি।
ম'বাইলটো তো পেলাই দি আন
এটা ম'বাইল ল'ব নোৱাৰি। টকা-
পইচাৰো কথা আছে। সেয়ে সিহঁত
উপায়হীন। বাৰু এইখিনিলৈকে ঠিকেই আছে। পিছে অসমৰ কেইজনমান উল্লেখযোগ্য
সাহিত্যিক আছে, সিহঁতৰ টকা-পইচাৰ অভাৱ নাই। গুৱাহাটীৰ
ৰাজপথেদি ধূলি উৰিয়াই চাৰি চকীয়া গাড়ী লৈ ঘূৰি ফুৰে। দেশ-বিদেশো ঘূৰি ফুৰে। লিখামেলাৰ
কাৰনে সিহঁতে মাননি পায়। এনে কি চৰকাৰী চাকৰীও কৰে বা বেলেগ কিবা ডাঙৰ ব্যৱসায় বাণিজ্য কৰে। সিহঁতৰ কবিতা, গল্প, গদ্য, প্ৰৱন্ধ, উপন্যাস আদি মোৰ প্ৰিয়। সিহঁতো ফেচবুক কৰে। সময় পালে মাজে সময়ে ফেচবুকত
আহিলে আমাৰ ভাল লাগে। সিহঁতে কিন্তু ফেচবুকত কবিতা, গল্প নিলিখে। হয়তো সময়ৰ অভাৱ!! মানি ল'লোঁ। পিছে যি অলপ সময়ৰ কাৰনে আহে তাতে সিহঁতক লগ পাওঁ। দুই এজনে দুই এটা ভাল ষ্টেটাচ দিয়ে, ভাল লাগে। সিহঁতৰ নতুন কিতাপৰ
খবৰো পাওঁ। মুঠতে ভালেই। পিছে এটা কথাতে মোৰ খুব খং উঠে।
সেইটো হ'ল সিহঁতে অসমীয়া লিপিৰে নিলিখে। আগতেই কৈছোঁ সিহঁতৰ টকা-পইচাৰ অভাৱ নাই।
সিহঁতে অসমীয়া লিপিৰে লিখিব
নোৱাৰাৰ কি অজুহাত দেখাব!! সিহঁতক মই বেয়া নাপাওঁ, সিহঁতৰ
সাহিত্যৰাজি মোৰ প্ৰিয়। কিন্তু
সিহঁতে এই অসমীয়া লিপিৰে অসমীয়া নিলিখা কাৰ্য্যক খুবেই গৰিহণা দিওঁ। খুব খং উঠি যায়।
নে বানান ভুল হোৱাৰ ভয় অসমীয়া লিপিৰে নিলিখে? হাতত
তো আৰু সকলো সময়তে অভিধান নাথাকে। নে আৰু কিবা?? সিহঁতৰ পৰা আমি কি আশা কৰিব পাৰি? অসম এৰি যোৱাটোৱেই ভাল। যি ৰাজ্যত
মাতৃমাষাৰ আদৰ নাই তেনে ৰাজ্যত জীয়াই থকাত কৈ ফাঁচি লগাই আত্মহত্যা কৰাই শ্ৰেয়।

ණ কন্দর্পজিৎ কল্লোল