Lamborghini Huracán LP 610-4 t
kkallol.xtgem.com
তুই ভাবাৰ মতো কৰিয়া নাহোবাৰো পায় কথাগুলা
=================

সগ কথায় তোৰ ভাবনাৰ চাকৰ নাহায়
যেমন তুই নাচাইলেও হঠাৎ নামি আইছে ঝ'ড়ি
ভিজিয়া দেয় শৰীৰ
তুই নাচাইলেও ৰৌদ
তুই নাচাইলেও বন্যা
ঠিক যেমন তোৰ কথা মতো ভোৰ নাহায়
তোৰ কথা মতো নাহায় সৈন্ধ্যা

তুই ভাবাৰ মতো কৰিয়া কথাগুলা নাহোবাৰো পায় জৈন্যেয়
মোৰ সপ্নগুলা বিষাদেৰ বৈন্ধ্যত্বা নিয়া ফেঁকুৰে
অষ্টপ্রহৰ কানামুনা আন্ধাৰেৰ আঁড়ালত

শিৰিস পাতাত তুফান
চোঁখেৰ সামনাত উন্ধালি আৰাও
বুকত বেস্বাপ্নিক বালাই
কুৰুকিয়া নেয় ভাবনাগুলা
এগুলা কি তোৰ ভাবাৰ মতো কৰিয়া হয় ?

হুৰাই-মুৰাই পলগুলা কি তোৰ কথা মতো বেপল
না আছান্দ্রা মাথাত বেগানিক তান
না কি তোৰ কথা মতো আলেয়া আলেয়া ৰাত্তি
বিষাদে নাযাব ঠালেয়া

মুঁই যেগুলান কথা নাবুজুং
ঐগুলায় তোৰ ভাবনাৰ সমুদ্র লহৰ
কিন্তু তুই ভাবাৰ মতো কৰিয়া
সগ কথায় নাহোবাৰো পায় !

(০২/১২/১৬)

#কন্দর্পজিৎ


কথাৰ ভাঁজত মৃত্যু হোৱা শূন্যতাৰ নিনাদ
============================

কিছু কথা
ৰৈ যায়
কিছু কথা
বৈ যায়

.................. ৰৈ যায়-বৈ যায়
.................. ওলমি থাকে

কিছু কথাৰ
জন্ম হয়
কিছু কথাৰ
মৃত্যু হয়

.................. সকলো মায়া
.................. সকলো ছাঁয়া

কিছু কথা
চুটি হয়
কিছু কথা
দীঘল হয়

..... কিছু কথাৰ অৰ্থ থাকে
কিছুমান কথা হয় অৰ্থহীন
কিন্তু সকলো কথাই শূন্য
আৰু শেষত সকলো কথাই
কথাৰ ভাঁজত মৃত্যু হোৱা
........ শূন্যতাৰ নিনাদ ........

#কন্দৰ্পজিৎ
###################
দুভাগ
----
আমি দুভাগ হ'লোঁ । এভাগত মোৰ সোঁহাতখন । আনটো ভাগত মোৰ বাওঁহাতখন । কিন্তু হৃদয়খন ক'তো নৰলগৈ । আমি দুখন কামিজ পিন্ধিলোঁ । এখন ৰঙা আৰু আনখন গেৰুৱা । কোনেও নিপিন্ধিলোঁ সেউজীয়া ।

#কন্দৰ্পজিৎ
######################
অলগ্ন নে বেলগ্ন ? নে ছাঁলগ্ন

দুপৰনিশা তাইৰ প্ৰেমৰ পৰোঁ
যি নাৰী সপোনতে জাগ্ৰত
দুপৰনিশা তাইৰ প্ৰেমত পৰোঁ
যি নাৰী আজীৱন অনাকাঙ্খিত মৃত

গুমসুম গুমসুম তেৰী নেয়না
সেই আদিম সুৰ
বিষাদ
তাৰ পিছতো ধিৰে ধিৰে প্ৰেম
এই ৰংগবতী ৰংগবতী
ৰংগবতী ৰংগবতী কণক লতা
হাঁসি পড়ে কাহা লো কথা

খেচেৎ খেচেৎ
স্তব্ধ
মৌন
অনাকাঙ্খিত
আশাহত

হৃদয়ত বিষাদ গাঁথা

ঝিক্ ঝাক্ ঝিক্
ৰিমিক্স
ছায়াস্বপ্ন
স্মৃতি
জাতিষ্মৰস্মৰণ

ৰাতি পুৱালে ...
নাউ ফ্ল' দ্যা ডেইলি ৰুটিন
ন' টাইম ফ'ৰ থিংকিং এবাউট দ্যেট ড্ৰিম

স্বপ্নতে সেই নাৰীৰ মৃত্যু

এয়া অলগ্ন নে বেলগ্ন
নে ছাঁলগ্ন
য'ত কেবল ৰৈ ৰৈ উচুপি উঠে
সেই নাৰী
যি নাৰী আজীৱন অনাকাঙ্খিত মৃত !

#কন্দৰ্পজিৎ
####################
কথা
---
বহু কথা থাকে হৃদয়ত ৰৈ
ৰৈ ৰৈ ... ৰৈ যায়
ৰৈ ৰৈ ... বৈ যায়
বৈ বৈ অশ্ৰু হয়
অশ্ৰু হৈ হৈ নিৰুদ্দেশ হয়

সেই কথাবিলাক
সোণালী সাপৰ নেজ
সেই কথাবিলাক
পানী ৰঙৰ তেজ !

ණ #কন্দৰ্পজিৎ কল্লোল
###################
পুতলা
====
প্ৰতিজন মানুহেই আচলতে একো-একোটা পুতলা
যাক লৈ খেলা কৰে সময়ে !

#কন্দৰ্পজিৎ
###############
অংক
====
এই অংকৰ কোনো উত্তৰ নাই
য'ত মানৱতাই বাট হেৰায় !

মই হাইস্কুলীয়া অৱস্থাৰে পৰা
অংকত বৰ দুৰ্বল
আজিও বুজি নাপাওঁ
জীৱনৰ অংক
য'ত বাৰে বাৰে একেই সূত্ৰ
সুখ² হ'লে দুখ⁴ হ'বই

আন এটা সূত্ৰ আছে
স্মাৰ্টনেচ v সৰলতা
কিম্বা এংগ্ৰি পাৰ্চন v নিমাখিত
ঠিক ইংলিশ v MIL-ৰ দৰে
য'ত a= অলৰাউণ্ডাৰ
b= বালেশ্ব বাল হৰিদাস পাল

এইবিলাক কথা মই
নিজেই নুবুজোঁ
আৰু আপোনালোককনো
কি বুজাম !

এই অংকৰ বাবে
মই বাকৰুদ্ধ হওঁ
এই অংকৰ বাবেই
মই বিদ্ৰোহী হ'ব বিচাৰোঁ

মই এনে এক অংক বিচাৰোঁ
য'ত (a+b)²=মানৱতা²+ভালপোৱা²-2দুখ,যন্ত্ৰণা

মাজে মাজে
এই অংকৰ বাবেই মই
নৈৰাশ্যবাদত বিচৰণ কৰোঁ
হত্যা কৰিব বিচাৰোঁ নিজকে
কিন্তু সেই অংকও নিমিলে

কিবা এটা অংকৰ সূত্ৰ
উলিয়াম
জীৱনৰ অংকৰ
য'ত বিয়োগ কৰিলেও
উত্তৰ ওলাব যোগ অংকৰ
অন্যথায়
মুখস্থ কৰিবলৈ আৰম্ভ কৰিম
বিয়োগ নেওতাৰ সীমাহীন আংকিকঘৰ

এই অংকৰ বাবেই
ৰাতি শুব নোৱাৰোঁ

সকলো অংকৰে উত্তৰ ০

শেষত এয়াই মাথোঁ বুজিলোঁ যে,
এই অংকৰ কোনো উত্তৰ নাই
য'ত মানৱতাই বাট হেৰায় !

ණ কন্দৰ্পজিৎ কল্লোল
######################
অশাব্দিক তামস পাত্ৰ

ৰৈ যায় আপুনি
ৰৈ যাওঁ মই
ৰৈ যায় সময়

উমহু
সময় ৰৈ নাযায়
বৈ যায় সময়
ৰৈ যায় সময়ৰ বুকুত
তামৰ তামস পাত্ৰৰ
অশাব্দিক অনুভূতি
যন্ত্ৰণা বিলাস

বহু কথাই এতিয়া ৰৈ যায় বুকুত
কৈয়েই বা কি লাভ
যি কথা মাথোঁ ৰৈ যায় কথা হৈ
তামৰ তামস পাত্ৰত লিখা
অস্পষ্ট তাম্ৰ লিপি হৈ !

ණ কন্দৰ্পজিৎ কল্লোল
####################
কালিদাস
======
কালিদাস! সঁচা কথা ক'বা
ইন্দুমতীৰ মৃত্যুশোকত
অজে কান্দিছিল নে তুমি কান্দিছিলা?
কালিদাস! সঁচা কথা ক'বা!
শিৱৰ তৃতীয় চকুৰ পৰা
ওলোৱা মহাজ্বালাত
ঘৃত-মিশ্ৰিত শুকান কাঠৰ দৰে
কামদেৱ যেতিয়া ভস্ম হৈ গ'ল
ৰতিৰ কান্দন শুনি চকুলোৰে
তুমিয়েইতো চকু ধুইছিলা
কালিদাস! সঁচা কথা ক'বা
ৰতিয়ে কান্দিছিল নে তুমি কান্দিছিলা?
বৰ্ষা ঋতুৰ স্নিগ্ধ ভূমিকা
প্ৰথম দিন আহাৰ মাহৰ
দেখিলোঁ আকাশত শ্যামল ঘনাবৃত্ত পথ
বিধুৰ যক্ষৰ মন যেতিয়া উচটিছিল
থিয়ই-থিয়ই তেতিয়া হাতযোৰ কৰি
চিত্ৰকূটৰ সুশোভিত শিখৰত
সেই বেচাৰাই পঠিয়াইছিল
যাৰেই দ্বাৰা সংবাদ
সেই পুষ্কৰাবৰ্ত মেঘৰ
লগৰী হৈ উৰিব লৈ ওলোৱা
কালিদাস! সঁচা কথা ক'বা
কিন্তু দুখত জুৰুলা-জুপুৰি হৈ
থক-থককৈ আৰু চূৰ্ণ-বিচূৰ্ণ হৈ
অমল-ধৱল পৰ্বতৰ শিখৰত
প্ৰিয়তম! তুমি কেতিয়ালৈকে শুই আছিলা?
কান্দিছিল যক্ষই নে তুমি কান্দিছিলা!
কালিদাস! সঁচা কথা ক'বা!

মূল : #নাগাৰ্জুন
অনুবাদ : #কন্দৰ্পজিৎ কল্লোল
###################
কোনেও কথা ৰখা নাই
================
কোনেও কথা ৰখা নাই,
তেত্ৰিছ বছৰ কটালোঁ,
কোনেও কথা ৰখা নাই
সৰু থাকোতে এজনী বৈষ্ণৱীয়ে তাৰ আগমনী গান হঠাৎ বন্ধ কৰি কৈছিল
শুক্লা দ্বাদশীৰ দিনা
অন্তৰাখিনি শুনাই যাম
তাৰপিছত কিমান চন্দ্ৰভুক
অমাবস্যা গুচি গ'ল,
কিন্তু সেই বৈষ্ণৱী আৰু নাহিল
পঁচিশ বছৰ প্ৰতিক্ষাত আছোঁ ।

মামা ঘৰৰ মাছমৰীয়া
নাদেৰ আলীয়ে কৈছিল,
ডাঙৰ হোৱা দাদাঠাকুৰ
তোমাক মই তিনি প্ৰহৰৰ বিল দেখাবলৈ লৈ যাম
তাত পদুমফুলৰ মূৰত সাপ
আৰু ভোমৰাই খেলা কৰে!
নাদেৰ আলী, মই আৰু কিমান
ডাঙৰ হ'ম ?
মোৰ মূৰ এই ঘৰৰ ছাঁদ ফুঁটি আকাশ স্পৰ্শ কৰিলে
তাৰ পিছত তুমি মোক
তিনি প্ৰহৰৰ বিল দেখাবা ?

এটাও ৰয়েল গুলি কিনব
পৰা নাই কেতিয়াও
লাঠি-লজেন্স দেখাই দেখাই
চুপিছে লস্কৰঘৰৰ ল'ৰাবোৰে
ভিখাৰীৰ দৰে চৌধুৰীহঁতৰ পদুলিত থিয়হৈ দেখিছোঁ
ভিতৰত ৰাস-উৎসৱ
অবিৰল ৰঙৰ ধাৰাৰ মাজত
সুবৰ্ণ কঙ্কণ পিন্ধা বগা ৰমণীহঁতে
কিমান ধৰণৰ আমোদত হাঁহিছে
মোৰ ফালে সিহঁতে ঘূৰিও
চোৱানাই !

দেউতাই মোৰ কাঁন্ধ চুই কৈছিল,
দেখিবা, এদিন,
মোৰো…
দেউতা এতিয়া অন্ধ,
আমাৰ দেখা হোৱানাই একোৱে
সেই ৰয়েল গুলি,
সেই লাঠি-লজেন্স,
সেই ৰাস-উৎসৱ
মোক কোনেও ঘূৰাই নিদিব !

বুকুৰ মাজত সুগন্ধি ৰুমাল ৰাখি বৰুণাই কৈছিল,
যিদিনা মোক সঁচাকৈয়ে ভালপাবা
সিদিনা মোৰ বুকুতো এনেধৰণৰ
আতৰৰ গন্ধ হ'ব !
ভালপোৱাৰ বাবে মই
হাতৰ মুঠিত প্ৰাণ লৈছোঁ
দূৰন্ত ষাঁড়ৰ চকুত বান্ধিছোঁ
ৰঙা কাপোৰ
বিশ্বসংসাৰ তন্ন তন্ন কৰি বিচাৰি আনিছোঁ ১০৮টা নীলপদ্ম
তথাপি কথা ৰখা নাই বৰুণাই, এতিয়া তাইৰ বুকুত মাথোঁ মাংসৰ গন্ধ
এতিয়া তাই যিকোনো নাৰী ।
কোনেও কথা ৰখানাই, তেত্ৰিছ
বছৰ হৈ গ'ল, কোনেও কথা নাৰাখে !

[ দাদাঠাকুৰ : নাতিয়েকক কৰা সম্বন্ধ বাচক শব্দ ]

মূল কবি : সুনীল গঙ্গোপাধ্যায়
(কবিতাটো তেখেতৰ কাব্য সংকলন "বন্দী জেগে আছো"ৰ অন্তৰ্গত)
অনুবাদ : #কন্দৰ্পজিৎ কল্লোল
#####################
কবিতা

যি কবিতাই মোৰ হৃদয়স্পৰ্শ কৰিব পাৰে সেইবিলাকেই মোৰ বাবে ভাল কবিতা বা বিশেষ কবিতা । তাৰে ভিতৰত যিবোৰ কেতিয়াও পাহৰিব নোৱাৰিম সেইবোৰ চিৰস্মৰণীয় কবিতা । আৰু যিবিলাক কবিতাই মোৰ হৃদয়স্পৰ্শ কৰিব নোৱাৰে সেইবিলাকো কবিতা যদিও মোৰ বাবে ভাল কবিতা নহয় । আনহাতে যিবিলাক কবিতাৰ দৰে লাগে কিন্তু তাত কবিতাৰ বৈশিষ্ট্য নাথাকে সেইবিলাকেই অকবিতা । আৰু যিবিলাক কেবল দেখাত কবিতাৰ দৰে কিন্তু তাত কবিতাৰ সামান্যতম গুণৰো প্ৰকাশ নাথাকে সেইবোৰ কবিতা নহয় ।
#######################
আকমিনিটেৰ মৌনতা
--------------
অদিয়া সড়কত আজি মাৰা গেইল
আখান সোণালী সাপ
আকটা কালা কুকুৰ
দূৰত্ব প্ৰায় ১০০ মিটাৰ
কাৰণ দূৰ্ঘটনা
কাৰণ নিৰাপত্তাহীনতা
কাৰণ যান্ত্ৰিকতা

তাৰ থাকিয়া আৰো ৩০০ মিটাৰ দূৰত
আকটা বিলাইৰ বাচ্ছা
মাতৃহাৰা
দিকভ্ৰান্ত

আৰ্ এদিয়া মাৰা নাযেয়াও
মাৰা যাওয়াৰ মতো
মোৰ অনুভবেৰ স্বাধীনতা

পথভ্ৰষ্ট
মোৰ সপ্নেৰ বিষাদগাঁথা

এই যান্ত্ৰিক সমায়েৰ দুখ্যোতে আকাশখানে আজি
সাৰা দিনে কান্দিল

আকাশে কান্দিল না ঝ'ড়ি পৰিল !

এলা শ্ৰদ্ধাঞ্জলি
আকমিনিটেৰ মৌনতা
ফিৰ্ কালিৰ থাকিয়া
সাবেক অন্য এক ব্যস্ততা ......

ණ কন্দৰ্পজিৎ কল্লোল
#######################
বিশৃঙ্খল অঅনুভৱ

লিখিব নোৱাৰা কথাবোৰেই যদি কবিতা হয় !
আচলতে বহু কথাই থাকে
যিবোৰ নিলিখাকৈয়েই ৰৈ যায়
বুকুৰ পাতত ......

মই যে নিৰুদ্দেশ...
এইকথা বাৰু কেইজনে জানে ?
যিয়ে জানে তেওঁ বা তাই মোৰ
বুকুৰ সহোদৰ
সেইকথা লিখা আছে
সৰাপাতৰ ভাঁজে-ভাঁজে ......

আৰু নিলিখোঁ
কাৰণ মই কবি হ'ব নিবিচাৰোঁ
মই ৰৈ যাব বিচাৰোঁ
তোমাৰ অথবা আপোনাৰ
বুকুৰ হৃদপিণ্ডত ......

বিঃদ্ৰঃ- হৃদপিণ্ড বানান "ণই ডই - ণ্ড" । "ন" (ন্ড) নহয় । কাৰণ "ন" হ'লেই মই আৰু তোমাৰ অথবা আপোনাৰ মাজত অনেক পাৰ্থক্য হ'ব ।

#কন্দৰ্পজিৎ
#########################
তাৰ পিছতো সপোন এটা লৈ ফুৰোঁ হৃদয়ত
==============================
হেঁচি ধৰে সময়ে
তীব্ৰ বিষ এটা উজাই আহে
ৰৈ-ৰৈ গৈ থাকোঁ
সময়ৰ পাকলগা ৰচীত ওলমি

জলকোঁৱৰ আৰু
বিৰিণা কুঁৱৰীৰ সাধুৰ দৰে
অতীতহৈ পৰে সময়
ছাঁয়াহৈ ভাঁহি উঠে
দুচকুৰ সমুখত

তাৰ পিছতো
সপোন এটা লৈ ফুৰোঁ হৃদয়ত

সপোন দেখিব জনাটোও
এটা কলা
ছাঁ আৰু প্ৰতিচ্ছায়াৰ
সীমাহীন পৰিকল্পনা

ණ কন্দৰ্পজিৎ কল্লোল
######################
মাটি আৰু মানুহ
============

মাটিৰ কবিতা
মাটিৰ চিঞাহীৰে লিখোঁ
মানুহৰ ঘামৰ বুকুত

এইবোৰ কবিতা নে অকবিতা !

কবিতা তেজৰ নদীত ভাঁহি থকা
কাগজৰ নৌকা
মাটি অক্ষত
মানুহ শাস্বত
কবিতা অন্তৰৰ ভোক

ভোক নে ভোগ ?

ভোক খাবলৈ নোপাৱা মানুহৰ যন্ত্ৰণা অভিলাশ
ভোগ সমস্ত মানুহৰ
আদিম বন্য উল্লাস

উৰাও আহক
ভোক আৰু ভোগৰ
হালধীয়া সৰাপাত !

ණ কন্দৰ্পজিৎ কল্লোল
###################
বীজ (১)

এজোপা গছৰ বীজ সিঁচিছিলোঁ
উভালি পেলালে তাই
বীজ সিঁচাৰ প্ৰচেষ্টা চলাই থাকিলোঁ
তাইয়ো ভূগৰ্ভত বিষ ঢালি ঢালি
বীজ ধ্বংস কৰিয়েই থাকিল

বহুদিন পিছত মোৰ প্ৰচেষ্টাত সফলতা লাভ কৰিলোঁ
আৰু এইবাৰ সিঁচা বীজটো অঙ্কুৰিতহৈ উঠিবলৈ ধৰিলে
কিন্তু তাইয়ো নিজৰ প্ৰচেষ্টাত অটল
বিষ ঢালিলে
লেৰেলি গ'ল
নাহ্ নিপাত নহ'ল
সেয়ে উভালি পেলোৱাৰ সিদ্ধান্ত ল'লে

ইমানৰ পিছতো আৰু
বীজ সিঁচাৰ সপোন দেখিব পাৰি নে !

#কন্দৰ্পজিৎ কল্লোল
#################
হাইকু (২)

বিষাদৰ নদীত নাও বাই বাই
সম্প্ৰতি মই অভ্যস্ত
দুচকুত কালিঘুকিৰ আন্ধাৰ
হৃদয়ত জলশামুকৰ খোলা !

#কন্দৰ্পজিৎ
##############
নষ্ট গদ্য : ভৱিষ্যত অপৈত্ৰিক বিষাদ (১৮+)

ভাল হ'বলৈ চেষ্টা কৰোঁ । চেষ্টাৰ ক্ষেত্ৰত বহুদূৰ সফল হওঁ । তাৰ পিছতে নামি আহে তামস নিশাৰ কলোৰৱ । সময় ! আচলতে এয়া মোৰ ওপৰত এয়া সময়ৰ অহেতুক নিৰ্জাতন । অৱশ্যে পাপত মগ্ন ইতিহাসে আমাৰ ভৱিষ্যতৰ লগত হয়তো খেলা কৰে । মাজে মাজে আত্মহত্যা কৰিবলৈ মন যায় । কিন্তু নোৱাৰোঁ । আত্মহত্যা নকৰাকৈ সম্প্ৰতি মই জীয়াই আছোঁ নে ? বহুত কষ্ট কৰিলোঁ, চেষ্টা কৰিলোঁ ! তাৰ পিছতো চূৰ্ণ-বিচূৰ্ণহৈ গ'ল মোৰ সপোন । উফ্ বৰ যন্ত্ৰণা ! আগৰদৰে মদ খাই যন্ত্ৰণাবোৰ ঢাকিবও নোৱাৰোঁ । মদ নখোৱাৰ দায়বদ্ধতা বৰ ডাঙৰ বস্তু । জীৱনত বহুত শিকিলোঁ । কিন্তু বেইমানী কৰিবলৈ নিশিকিলোঁ । এয়াই হয়তো মোৰ ভুল । আগতেই কৈছিলোঁ, "যিবোৰ কথা কাকো খুলি ক'ব নোৱাৰি সেইবোৰেই যন্ত্ৰণা !" আৰু কিমাননো দগ্ধ হ'ম ! এতিয়া শেষ সময় । ভৱিষ্যত অপৈত্ৰিক অথবা অপুত্ৰক কিম্বা বান্ধ্য বিষাদত যন্ত্ৰণাবোৰ গিলিম । ক্ৰমশঃ নিজৰ পৰা নিজকে নিঃশ্বেষ কৰিম । তাৰ পিছতো তুমি সুখী হোৱা, মোৰ যন্ত্ৰণাবোৰ দেখি দেখি । ভুল ! আকৌ ভুল ! উপলব্ধিত প্ৰাথমিক বৰ্ণমালাখনো দেখোন তুমি নজনা । নাৰী ! নাৰী বৰ বিচিত্ৰময়ী । আপুনি যিমানেই পৱিত্ৰ নহওক কিয় সিহঁতে আপোনাক সন্দেহৰ চকুৰে চাবই । বাদ দিলোঁ সেইবোৰ কথা । পিছে "নাৰী নিৰ্যাতন বন্ধ কৰক" ! "ভ্ৰুণ হত্যা বন্ধ কৰক" ! যেতিয়া নাৰীয়ে নিজৰ স্ব-ইচ্ছাৰে ভ্ৰুণ হত্যা কৰে তেতিয়া ? আহক নাৰী দিৱস পাতোঁ আৰু শ্লোগান দিওঁ "পুৰুষ নিৰ্যাতন আৰম্ভ কৰক" ! চকুপানীবোৰ বৰফ নহোৱালৈকে মই আজন্ম তোমাৰ প্ৰেমিক । যিমান পাৰা মোক পুৰি পুৰি ছাই কৰি দিয়া । হে ঈশ্বৰ, মোক নপুংসক কৰি দিয়া । অন্যথায় সেই নাৰীক বন্ধ্যা কৰি দিয়া যি নাৰীয়ে নাৰীত্ব বুজি নাপায় । বাদ দিলোঁ ঈশ্বৰক কথা, তুমি বৈজ্ঞানিক পদ্ধতিকে অৱলম্বন কৰা । অন্যথায় মই নিজেই পুৰুষ বন্ধ্যাকৰণ (নচবন্দি) কৰি ল'ম । সন্দেহৰ বাঁহডালো ভাগি থাকক । না ৰহেগা বাঁশ, না বজেগী বাসুৰী ।
###########################
হাইকু (১)

সময় ৰৈ নাথাকে
ৰৈ থাকে হেঁপাহৰ বাট
ৰৈ ৰৈ জিৰায়
মোৰ ভাগৰুৱা দুহাত !

#কন্দৰ্পজিৎ
###################
অনুভৱ (১)

আপুনি কুশলে আছে নে ? বহুদিন হ'ল আপোনাৰ খবৰ নোপোৱা । বহুদিন হ'ল আপুনি ফেচবুকত একো ষ্টেটাচ নিদিয়া অথবা এখনো ফটো আপলোড নকৰা । বহুদিন হ'ল আপোনাৰ স'তে বাৰ্তালাপ নকৰা । আপুনি কুশলে আছে তো ? ইমান কিহৰ অভিমান যে আপুনি শূন্যতাৰ প্ৰেমত পৰিব বিচাৰে মোক শূন্যতাৰ প্ৰেমিক কৰি থৈ ! আচলতে ময়ো হয়তো জীৱনৰ প্ৰেমত পৰি স্বাৰ্থপৰ হৈ পৰিছোঁ । খবৰ ল'ব পৰা নাই আপোনাৰ ।