Pair of Vintage Old School Fru
kkallol.xtgem.com
বিষাদৰ স্নেপশ্বৰ্ট
===========

কোনেও ৰঙা দলিচা পাৰি নথয় তোমাৰ বুকুৰ পদুলিত । সেয়ে তুমি মাজে মাজে নিঃসংগতা অনুভৱ কৰা । তুমি যিমানেই সপোনৰ সেউজীয়া বাটেৰে যাব বিচাৰিবি সিমানেই হালধীয়া হৈ উঠিব বাট । বাটেতে কাৰো কথা মতে মাত নিদিয়ে, কেৱল গৈ থাকে স্বাধীনভাবে, তোমাক পৰাধীন কৰি থৈ । সেয়ে তুমিও মাজে-মাজে স্বাধীনতা বিচৰা আৰু পান কৰা দুঃস্বপ্নৰ মদিৰা । কাৰণ তুমি আনৰ বাবে কান্দিব পাৰা, কান্দি উঠা গৰাখহনিয়াত নিঃচিহ্নহৈ যাব ধৰা বাটটোৰ দুৰ্গতি দেখি । অথচ তোমাৰ বাবে বাটটো বাটে-বাটে নগৈ অবাটে যায় । তাৰ পিছতো তুমি জীয়াই থকা । কাৰণ তুমি ইতিমধ্যেই মৃত । আৰু মৰিবলৈ আছেই বা কি তোৰ ! তাৰ পিছত এতিয়ানো কি নাম দিম তোৰ বুকুৰ বিষাদক ? কোন পথে লৈ যাবা সেই সময়ক ? ক্ৰমশঃ এন্ধাৰ আৰু পোহৰৰ ছয়াময়া আলোকত হেৰাই যাবা তুমি, তোমাৰ দৰে অকলে অকলে !
অথচ কাকো একো ক'ব নোৱাৰিবা । কাৰণ তোমাৰ বুকুৰ ভাষা কোনেও নুবুজে । আহা এতিয়া এই এন্ধাৰৰ সুযোগলৈ তুমি এবাৰ অশ্ৰু বোৱাই দিয়া ।

ණ কন্দৰ্পজিৎ কল্লোল
###################
অনুভৱ ১৮
=======
মই মৰিলে তোৰ জীৱনত
ৰজনীগন্ধা ফুটিব
হালধীয়া হ'ব
বুকুৰ সৰিশৃপ !
###################
"মই এতিয়া ক'ত প্ৰেচাব কৰিম ?"
(এজন মানসিক বিকাৰগ্ৰস্ত যুৱকৰ কথাৰে লিখা মোৰ প্ৰথম বেগল্প অথবা "সাধুকথা আৰু গল্পৰ খিচিৰি")

সন্ধিয়াৰ আড্ডা । মই আৰু অনুৰাগ ।
:-) তোমাৰ ভাল নে অনুৰাগ ?
B-) আছোঁ বেখাল্লাচ বিন্দাচ জীন্দেগী যাপন কৰি ।
:-) চিগাৰেট এডাল লগাই লওঁ নেকি ?
B-) ঠিক আছে লগোৱা বে । আৰু এটা কথা ।
:-) কি কথা কোৱা ?
B-) কালি মই দুপৰীয়া ১ বজাত গুৱাহাটীৰ চিৰিয়াখানৰ আগত থিয় হৈ আছিলোঁ । সমুখেদি এজনী ধুনীয়া ছোৱালী পাৰহৈ গৈ বঙাইগাঁওৰ পাৰ্কখনত সোমালে । মই তেতিয়া তাইৰ পিছে পিছে গৈ ৰেলত উঠিলোঁ । ৰেলত আৰু এজনী ধুনীয়া ছোৱালী আছিল । অলপদূৰ আগুৱাই হাওৰাত ৰেলখন ৰাখিলে । তাৰ পিছত মই ৰেলৰ পৰা নামি সাপটগ্ৰামৰ এখন চাহদোকানত সোমালোঁ । দোকানীজনক ক'লোঁ, এটা কোৱাৰ্টাৰ দিয়া । তাৰ পিছত তাতে মদ খাই কলেজলৈ গ'লোঁ । তেতিয়া সন্ধিয়া ৭ টা মান বাজিছে । অনামিকা আৰু মই গছৰ তলত বহিলোঁ । ঘড়ীটোলৈ চালোঁ । তেতিয়া দুপৰীয়া ৩টা । দুয়ো অলপ কথা পাতি বাইকলৈ ওলালোঁ । ৰাতি ৰক্তিম আৰু মই একেলগে মদ খাই এখন জঙ্গললৈ গ'লোঁ । তেতিয়া এখন দেশত এজন ৰজা আছিল ।
ৰজাই চিকাৰ কৰিবলৈ জঙ্গললৈ গৈছিল । ৰজাৰ প্ৰেচাব লাগিছে । চাৰিফালে জঙ্গল । কোনো প্ৰেচাবঘৰ বা ইউৰিনেল নাই । ৰজাৰ চিন্তা লাগি গ'ল । এতিয়া ক'ত প্ৰেচাব কৰিব ৰজাই । মুকলিকৈ জঙ্গলত প্ৰেচাব কৰাৰ অভ্যাস নাই ৰজাৰ । এতিয়া ক'ত প্ৰেচাব কৰিব ৰজাই ? ৰজাই উপাই নাপাই মোক সুধিলে । মই ৰিক্ত মদৰ বটলটো উলিয়াই দিলোঁ । তাতে ৰজাই প্ৰেচাব কৰি নদীত উটুৱাই দিলে । ৰজাৰ পৰা বিদায়লৈ আহিলোঁ । বাটতে কাজিয়া এখন দেখি থিয় হ'লোঁ । তেনেকৈ পলমহৈ গ'ল বন্ধু । ইফালে মই স্কুলত গৈ দেখোঁ ছবিঅঁকা পৰীক্ষা আৰম্ভ হৈছে । দুঘণ্টা পাৰহৈ গৈছে । আৰু আছে মাথোঁ এঘণ্টা । এনেই ভালকৈ অংক নাজানোঁ । তাতে আকৌ যিহে ইংৰাজীৰ প্ৰশ্ন । ভালকৈ ইংৰাজী পঢ়াওঁ হোৱা নাই । দেউতাই মোক মাতিবলৈ ধৰিলে । পৰীক্ষা নিদিয়াকৈ ওলাই আহি ৰক্তিমৰ লগত বজাৰলৈ গ'লোঁ । আবেলৈ ৪ বজাত গৈ পালোঁ গুৱাহাটীৰ গ্ৰন্থমেলা । ওলপ ঘূৰি আহি বিলাসীপাৰাৰ পৰা বোম কিনিলৈ আহিলোঁ দেৱালীত ফুটাবলৈ । ঘৰত আহি ভাবি আছোঁ ২৮ বছৰ পাৰহৈ গ'ল । কিমানদিন আৰু বৰলাহৈ থাকিম । এইবাৰ আঘোণত বিয়াখন পাতিমেই । তেনেতে পত্নীয়ে ৰুটি খাবলৈ মাতিল ।
:-) ঐ কেলা চুপ । তোৰ কথা আৰু মই নুশুনোঁ । চিগাৰেট শেষহৈ গ'ল । মই যাওগৈ ।
####################
অনুভৱ ১৭
প্ৰত্যেকজন চৰিত্ৰবান মানুহৰ ভিতৰত গোপনে হ'লেও একোজনকৈ চৰিত্ৰহীন মানুহে বাস কৰে ।
####################
আজি মহিষাসূৰ পূজা সমাপ্ত হ'ল ।
বিঃদ্ৰঃ - আমি যিদৰে প্ৰধান খাদ্য হিচাপে ভাত খাওঁ । কিন্তু ভাতৰ লগত বেলেগ নাম উল্লেখ নকৰিলেও সাধাৰণৰতে দালি খাওঁ । বিশেষকৈ নিমখ আৰু তেলক বাদ দি ভাত খাব নোৱাৰি । ঠিক তেনেদৰে যিহেতু দুৰ্গাৰ লগত মহিষাসূৰো থাকে, সেয়ে দুৰ্গা পূজা কৰা সকলে প্ৰত্যক্ষ ভাবে নকৰিলেও পৰক্ষভাবে হ'লেও মহিষাসূৰকো পূজা কৰে ।
#######################
দুৰ্গা এতিয়া মাতাৰ পৰা মাইকী হৈ গ'ল ! :-P
হিন্দী ভাষাত "জয় দুৰ্গা মাতা কী" নাইবা "জয় দুৰ্গা মা কী" । পঞ্জাৱীত "জয় দুৰ্গা মাতা দী" । তাৰ অনুৰূপত বাংলাত "জয় দুৰ্গা মায়েৰ" আৰু অসমীয়াত "জয় দুৰ্গা আইৰ" । কিন্তু বাংলা আৰু অসমীয়াত হিন্দী কী প্ৰত্যয়টোক ৰাখি "জয় দুৰ্গা মা কী" নাইবা "জয় দুৰ্গা মায় কী" বুলি চিঞৰা শুনিবলৈ পোৱা যায় বা তেনেদৰে লিখা দেখা যায় । কিন্তু বৰ্তমান কিছুমানে আকৌ এখোপ আগবাঢ়ি "জয় দুৰ্গা মাইকী" বুলি চিঞৰা শুনিবলৈ পালোঁ তথা তেনেকৈ লিখা দেখা পালোঁ । কথাটো দেখি-শুনি ভিতৰে ভিতৰে হাঁহিও উঠিছে । বিশেষকৈ অসমীয়া মানুহে যেতিয়া "জয় দুৰ্গা মাইকী" বুলি চিঞৰে বা লিখে তেতিয়া কথাটো কি হৈ যায় ভাবি চাওকচোন ।

আজি দুৰ্গা মাইকী যাবগৈ । কেইদিনমান পিছত ক্ৰমশঃ আহি আছে - লক্ষী মাইকী, কালী মাইকী, সৰস্বতী মাইকী ।

আগত হিন্দু মানুহৰ মাকৰ অভাৱ নাছিল । সকলোকে নিজৰ মাতৃ বুলি সেৱা কৰা হৈছিল । এতিয়া মাইকীৰ অভাৱ নাই । B-)
###############
ছিন্নমস্তা
=====
আই তোক যি লাগে
তাকে দিম
বধ্যভূমিত পৰি ৰওক
ছিন্নমস্তা শ !

তাৰ পিছতো তই
আই দশভূজা
তেজত ডুব যোৱা এটা
মৃণ্ময় মূৰ্তি !

তাতকৈ আজি মই
দশমূণ্ডক পূজিম

আজি ৰাৱন বধ হ'ব
মই উচুপি উঠিম
ৰাৱনৰ দুভৰিত ধৰি
সেৱা এটা জনাম ।
#####################
শৰৎ
===
শৰৎ মোৰ বিষাদ

হৃদয়ত লুকাই ৰাখোঁ
যন্ত্ৰণাৰ নীলাকাশ

তাৰ পিছতো
বিষাদবোৰ বাকি বাকি
নিজৰ স'তে নিজৰেই প্ৰলাপ !
#############
আপুনি "কোন ডোল মজি"ক চিনি পায় নে ?
কালি দুপৰীয়াৰ ঘটনা । এজন মানুহে হাতত এটুকুৰা কাগজলৈ আহিছিল সাপটগ্ৰামৰ সেৱক নামৰ ঠাইলৈ । তাতে লিখা আছিল "কোন ডোল মজি" । কেইখনমান দোকানত গৈ এই কাগজৰ টুকুৰাটো দেখুৱাইছে কিন্তু সকোলোৰে একেই উত্তৰ । কোনেও এই ব্যক্তিজনৰ নাম শুনা নাই । তাৰ পিছত আহিল মোৰ দোকানলৈ । মোৰ দোকানত এজন ল'ৰা বহি আছিল । তাক দেখুৱালে । সিয়ো নামটো চাই ক'লে যে "সাপটগ্ৰামত এই নামৰ কোনো মানুহে নাই ।" আচলতে সাপটগ্ৰাম কিয় সমস্তে অসম বা ভাৰততে এই নামৰ মানুহ নাই । বেলেগ দেশত থাকিব পাৰে । চীন, জাপান আদিৰ দৰে দেশত । তাৰ পিছত ময়ো কাগজ টুকুৰা পঢ়ি চালোঁ । মই সুধিলোঁ তেখেত ক'ৰ পৰা আহিছে আৰু কি কৰিবলৈ আহিছে । তাৰ পিছত ক'লে যে তেওঁৰ ছোৱালীয়ে যিখন স্কুলত পঢ়ে সেইখন স্কুলৰ প্ৰধান শিক্ষকে পঠিয়াইছে অনলাইনত তাইৰ ছোৱালীৰ স্ক'লাৰশ্বিপৰ কাম কৰিবলৈ । সিহঁতক হেনো শিক্ষকজনে কৈছিল যে "সেৱকত থকা কোন ডোল মজি"ৰ ওচৰত গ'লে কামটো কৰি দিব" । তেতিয়া কথাটো বুজিব পাৰিলোঁ । শিক্ষকজনে কৈছিল "কন্দৰ্পজিৎ", সিহঁতে লিখি লৈছে "কোন ডোল মজি" ।
####################
দেউবাৰ !
কেইদিনমানৰ পৰা ফেচবুকত "দেউবাৰ" শব্দটি পাই আছোঁ । পিছে অসমীয়া ভাষাত তেনেকুৱা বাৰৰ নাম আগতে পোৱা নাছিলোঁ । এজনে ক'লে "অবিধান"ত পাব । আৰে ভাই "অবিধান" কি বস্তু মই আজিলৈকে দেখা নাই ।

দেউবাৰ → দেওবাৰ ।
অবিধান → অভিধান ।
####################
কেতিয়াও লিখিব নোৱাৰা কবিতাটো
=========================
কেতিয়াও লিখিব নোৱাৰা কবিতাটো
এদিন ৰাতি সপোনতে লিখিছিলোঁ

আৰু সেই আনন্দতে সপোনতেই পান কৰিছিলোঁ এডিঙি মদিৰা

সপোনতে নিচা লাগি যোৱাত পাহৰি থাকিলোঁ কবিতাটো

আৰু কোনো দিনেই লিখিব নোৱাৰিলোঁ
কেতিয়াও লিখিব নোৱাৰা কবিতাটো

আৰু তেতিয়াৰ পৰাই মোৰ
কবিতা নিলিখাকৈ থকাৰ কচৰৎ !
##########################
কিছু অনুভৱ

(১)
বহুদিন হ'ল একো নিলিখা ।
লিখিব পৰা নাই একো ।
হৃদয়ৰ বহু কথাই হৃদয়ত চাপ দি ৰাখি ৰাখি সম্প্ৰতি অৰ্ধমৃত এটা শ !

(২)
বহুদিন হ'ল কোনেও মোৰ খবৰ লোৱা নাই । ময়ো কাৰো খবৰ ল'ব পৰা নাই । ক্ৰমশঃ আমি যান্ত্ৰিক হৈ গৈ আছোঁ !
######################
সৰ্পদংশন
------------
এটা অৰ্দ্ধ মৃত শ
হালধীয়া
মোৰ তেজত ডুবি থকা

ঢোৰাসাপে কামুৰিলেও
মানুহ মৰিব পাৰে
যদিহে সেইজন মই নহওঁ

এটা পাগল আৰু এখন নদী
আকাশেও নাজানে সেই কথা
এইট্টিন প্লাচ

আকাশৰ বয়স
আকাশৰ দৰে
বৃদ্ধ নাবালিক
ওলমি থকা সূতা

পাগলৰ আত্মপ্ৰলাপ
চুচৰি গৈ থকা আকণ্ঠ মদিৰা !
###################
বিষয় : বানান

উদাহৰণ ১ :
তোমাৰ কথাটোৰ বাবে মই দোষ পাইছোঁ । (ভুল বাক্য)
শুদ্ধ বাক্য : তোমাৰ কথাটোৰ বাবে মই দুখ পাইছোঁ ।

উদাহৰণ ২ :
মই কি দুখ কৰিছোঁ যে তুমি মোক শাস্তি দিলা ? (ভুল বাক্য)
শুদ্ধ বাক্য : মই কি দোষ কৰিছোঁ যে তুমি মোক শাস্তি দিলা ?

দোষ = জগৰ, অপৰাধ ।
দুখ = সুখৰ বিপৰীত, হৃদয়ৰ এক অনুভূতি য'ত হৃদয়ে কষ্ট পায় ।

(এই ক্ষেত্ৰত বহুতৰে ভুল বাক্য ফেচবুকত দেখিবলৈ পোৱা যায় ।)
####################
আৰু কিছু ভিন্ন অনুভৱ

#
আগুৱাই গ'লে বাঘ
পিছুৱাই গ'লে সাপ
মাজত অনিদ্ৰা-উপবাস !

#
খাবলৈ নোপোৱা মানুহৰ কোনো ধৰ্ম নাথাকে ! আজি নিজে অভিজ্ঞ ।

#
অকাৰণতে কেতিয়াবা
নামি আহে দুখ
মোৰ তেজৰ ৰন্ধ্ৰ ভেদি বুকুলৈকে তিয়াই !
##########################

অনুভৱ ১৪
আপোনাৰ জীৱনটো এখন চলচিত্ৰৰ দৰে । যাৰ নায়ক আপুনি, খলনায়ক আপুনি, পৰিচালক আপুনি । এনেকি দৰ্শকো আপুনিয়েই ।
####################
অনুভব ০২
তোৰ জৈন্যয় মুঁই শিকিবাৰ আৰাম্ভ কৰ্ছুং মৌনতাৰ গদ্য !

( তোৰ বাবেই মই শিকিবলৈ আৰম্ভ কৰিছোঁ মৌনতাৰ গদ্য ! )
####################
অনুভৱ ১২
মোৰ মৃত্যু উপত্যকাত তাই
জীৱনৰ গান ৰচে
তাকে দেখি
মোৰ হালধীয়া বিষাদবোৰ
উজাগৰে ছটফটাই থাকে !
#####################
অকবিতা : অসংলগ্ন !
=================
যি কথা তোমাক কেতিয়াও
সুধিব নোৱাৰিম
সেই কথাৰ বাবেই মই
সপোনতে মৃত !

যি কথা তোমাক কেতিয়াও
ক'ব নোৱাৰিম
সেই কথাৰ বাবেই মই
জীৱন্তে অগ্নিদগ্ধ !

তোমাৰ বাবেই বাদ দিলোঁ যি
সেয়া চাগে
মোৰ জীৱনৰ অপ্ৰাপ্য

আৰু মোৰ বাবে তুমি
বাদ নিদিলা যি
সেয়া চাগে
তোমাৰ জীৱনৰ দুষ্প্ৰাপ্য !

লিখিম বুলিও যি কথা
লিখিব নোৱাৰিলোঁ
সেয়া সৰাপাতৰ বিষাদ

লিখিও যি কথা কাকো
দেখুৱাব নোৱাৰি
ফালি পেলালোঁ
সেয়া মাজনিশাৰ
অব্যক্ত প্ৰলাপ !

যি কথা হৃদয়তে মৰহি যায়
সেই কথা কালিঘুকিৰ
এন্ধাৰ ডিঙিলৈকে উজাই অহা
নিষাদ গান্ধাৰ !

এয়া যদি ফেচবুকত লিখা
মোৰ হৃদয়ৰ শেষ শব্দগাঁথা হয়
তেন্তে মোৰ ......

তেন্তে মোৰ ক'বলৈ
একো বাকী নাই

যি বাকী ৰ'ল
সেয়া হৃদয়ৰ খাতাত
ৰৈ যোৱা অব্যক্ত অভিলাশ !

কাইলৈৰ পৰা
সৰু মানুহ
সৰু সপোন
সৰু সৰু শব্দ প্ৰৱাহ

টুইটাৰৰ বুকুত
কম শব্দেৰে লিখিব পৰা
শাব্দিক মায়াজাল !

বিঃদ্ৰঃ
"মায়ারে জীবন রে বন্ধু
তুই কী বুজবি ছল-চাতুরী
কখনো হাঁসায় বা
কখনো কাঁদায়" !
#####################
অনুভৱ ১১
তাই আজি মোৰ হৃদয়লৈ উভতি আহিলে
মোৰ বুকুত ছকুৰি শালিকীয়ে
ঝুমুৰ নাচিব !
###################
অনুভৱ ১০
ইলেকট্ৰনিক তাঁৰৰ মাজেদি বগাই বগাই তোৰ চুলিৰ সাগৰত নাও মেলি দিম !
####################
অনুভব
=====
সমায়ে মোৰ থাকিয়া
সগ কাড়িয়া নিল

হে সমায়,
তুই কুনদিন মোক কাড়িয়া নিবি
এই পৃথিবীৰ থাকিয়া ?
###############
NRC-ৰ লিগেচি ডাটাত তোমাৰ পিতৃপুৰুষৰ নাম নাথাকিলেও মই তোমাকেই ভালপাম
-----------------------------------------------------------
প্ৰেম আকাশতকৈও বহল
পৃথিৱীতকৈও বিশাল
সেয়ে NRC-ৰ লিগেচি ডাটাত তোমাৰ পিতৃপুৰুষৰ নাম নাথাকিলেও
মই তোমাকেই ভালপাম

প্ৰেম কোনো কাঁইটীয়া তাঁৰৰ বেৰ নহয়
অথবা যুদ্ধগ্ৰস্থ দুইদেশৰ সীমান্ত
সেয়ে, NRC-ৰ লিগেচি ডাটাত তোমাৰ পিতৃপুৰুষৰ নাম নাথাকিল বুলিয়েই
তোমাক মোৰ বুকুৰ লিগেচি ডাটা নিদিয়াকৈ নাথাকোঁ

NRC-ৰ লিগেচি ডাটাত তোমাৰ পিতৃপুৰুষৰ নাম নাথাকিলেও
তুমি মোৰ বুকুৰ বিষাদ ভূমিত সাজিব পাৰিবা
তোমাৰ সপোনৰ সৰু এটা ঘৰ
থাকিব পাৰিবা মোৰ কলিজাৰ নাগৰিক হৈ

কাৰণ NRC-এ মহিতিয়াই লৈ যাব নোৱাৰে
আমাৰ NRC ("নষ্ট ৰাতিৰ চাৰ্টিফিকেট")
আমাৰ প্ৰেমৰ অক্ষত স্মৃতি !
######################
অনুভৱ ০৯
-------
ৰাতি ৰাতি সৰি পৰে
বুকুৰ হেঁপাহ
অজানিতে জাগি উঠে জীৱনান্মাদনাৰ প্ৰলাপ !
###############
অনুভৱ ০৮
এতিয়া ফেচবুকত একো নিলিখোঁ । লিখা মানুহে একো নিলিখাকৈ থাকিব পৰাটোও হয়তো এটা কলা !
হৃদয়ৰ ভাবনাবিলাক ভাপহৈ উৰে । আকাশ চোৱাৰ হেঁপাহত সময়বিলাক জয়ালহৈ উঠে ।
#################
সম্পৰ্ক
=====
সম্পৰ্কবোৰ লাহে-লাহে
চুটিহৈ আহে !

তেজৰ শিপাই-শিপাই
ৰ'দৰ বিষাদে হেঁচা মাৰি ধৰে !
####################
পানীৰ টোপালৰ ৰেলগাড়ী
=================
কালি দুপৰীয়া প্ৰত্যক্ষ্য কৰিছিলোঁ
ওলমি ওলমি পাৰহৈ গৈ থকা
এখন পানীৰ টোপালৰ ৰেলগাড়ী
সাউৎকৈ গৈ থাকে

গৈ থকা দাবাৰ চিন-মোকাম নাই
কোনো ষ্টেচনতে ৰৈ নাযায়
নৰৈ নৰৈ বৈ যায়
পানীৰ টোপালৰ ৰেলগাড়ী
কাৰণ এবাৰ ৰৈ গ'লেই যে
ৰৈ যাব বহু ঘণ্টাৰ বাবে অচল হৈ

এখন পানীৰ টোপালৰ ৰেলগাড়ীয়ে
মহতিয়াই লৈ গ'ল
মোৰ পানীৰঙী সপোনৰ চিঞাহীৰে অঁকা
সপোনৰ সাঁচ

পৰি ৰ'লোঁ শ এটা হৈ
পানীৰ টোপালৰ ৰেলগাড়ীয়ে মহতিয়াই লৈ যোৱা
জীৱন এটাৰ
বেজীৱন ইতিহাস হৈ ......

বৰষুণৰ দিন এটাৰ অপেক্ষাত ......
যিদিনা সাপটগ্ৰাম বজাৰৰ এডাল ওলমি থকা ৰচীৰে
গৈ থাকিব
পানীৰ টোপালৰ ৰেলগাড়ী

পানীৰ টোপালৰ ৰেলগাড়ীত উঠিব নোৱাৰাৰ দুখত
মদ খাম আজি !

ණ কন্দৰ্পজিৎ কল্লোল
###################
অনুভৱ ০৭

বহুদিনৰ পৰা মই মোৰ মুখ
চাব পৰা নাই পোহৰত

এন্ধাৰত ওলমি আছোঁ
এখন দাপোন হৈ !
##################
নষ্ট অকবিৰ নষ্ট অকবিতা :
"হালধীয়া চোলা পিন্ধা কবি"
=================

হালধীয়া চোলা পিন্ধা কবিৰ হৃদয় হালধীয়া

সিহঁতে সেউজীয়া পাতৰ পোচাক পৰিধান কৰা
কবিৰ দৰে
লিখিব নোৱাৰে
মাটিৰ বুকুত নাঙলৰ কলমৰে ভালপোৱাৰ কবিতা

হালধীয়া চোলা পিন্ধা কবিয়ে কবিতা লিখে
হালধীয়া সৰাপাতৰ বেটুপাত থকা দামী পত্ৰিকাত

হালধীয়া চোলা পিন্ধা কবিয়ে দোতৰা চিনি নাপায়
সিহঁত টোপনি যায় ভায়লীনত আঙুলি বুলাই
হালধীয়া সপোন এটা
বুকুত মেৰিয়াই

আথানিকোঁৱৰ - জলকুঁৱৰী আৰু বিৰিণাকুঁৱৰীৰ সাধুকথা এটাই
ওৰে ৰাতি উচুপে
তামস নদীৰ তামসাবৃত্ত পাৰঘাটত

হালধীয়া চোলা পিন্ধা কবিয়ে বৰষুণ আহিলে
হালধীয়া ছাতি মেলি দিয়ে

সেউজীয়া পাতৰ পোচাক পৰিধান কৰা কবিয়ে
ৰ'দে-বৰষুণে পথাৰত লিখে অসমাপ্ত পাণ্ডুলিপি

বিঃদ্ৰঃ
হালধীয়া চোলা পিন্ধা কবিয়ে হালধীয়া চোলা পিন্ধিলে
সকলোকে হালধীয়া দেখে !

ණ কন্দৰ্পজিৎ কল্লোল
####################
"জীৱনৰ বাটে-ঘাটে"
(দুঃস্বপ্নৰ দিনলিপি)

কিছুমান মানুহক সহায় কৰিলেও তেওঁলোকে সহায়কাৰী ব্যক্তিক কৃতজ্ঞতা জনাব নোৱাৰে ।

আনহাতে কিছুমান সৰু মানুহৰো একোখনকৈ সৰু হৃদয় থাকে । য'ত লেপন কৰা থাকে ভালপোৱাৰ সেউজীয়া ৰং । যিয়ে নেকি নিস্বাৰ্থ ভাবেই আনৰ হাতত হাত থৈ যাব পাৰে বহুদূৰ ।

বিঃদ্ৰঃ- কিছুমান কথা মই নিজেই নুবুজোঁ আৰু বেলেগকনো কি বুজাম !

ණ কন্দৰ্পজিৎ কল্লোল
###################
❄ শঙ্খকন্যা ❄
============

মই সম্প্ৰতি এটা মৰাশৰ দৰে
মূৰৰ ওপৰত ক্ষুধাতুৰ শগুণৰ জাক ......

তাৰ পিছতো তোৰ শঙ্খ দেহৰ
শঙ্খজ সপোন এটা লৈ ফুৰোঁ
বুকুৰ সোঁমাজত

শঙ্খ বাজে
বিষাদ নামে
উদাস হৈ উঠে সন্ধিয়া

মই নৈৰ দাঁতিত শঙ্খজ সপোন এটা কঢ়িয়াই লৈ বহি থাকোঁ
শঙ্খকন্যাৰ অপেক্ষাত

আকৌ আথানিকোঁৱৰৰ সাধুকথাই দৃশ্যপট সলায়

জলকুঁৱৰীৱে জলকোঁৱৰৰ লগত পলাই যায়
বিৰিণাকুঁৱৰীৰ অভিশাপত মই আথানিকোঁৱৰ হৈ বিষাদৰ বোজা কঢ়িয়াই থাকোতেই এদিন লগ পাই যাওঁ শঙ্খকন্যাক

আৰু এদিন শঙ্খকন্যাৰ শঙ্খজ বুকুত ফুঁ এটা মাৰি
নদীত ডুব যাওঁ

এই সাধুকথাৰ নতুন দৃশ্যপট আৰম্ভ হ'ব এতিয়া
তাৰ আগতে এটা অনিদৃষ্টকালিন
বানিজ্যিক বিৰতি !

ණ কন্দৰ্পজিৎ কল্লোল

(৭ চ'ত, ১৯৩৬ : দেওবাৰ)
###################
মেঘৰ খামত চিঠি পঠিওৱা ছোৱালীজনী
================

ক'ব বিচাৰিও ক'ব নোৱাৰা কথাবোৰেই
মোৰ ভালপোৱা

বাৰে বাৰে ৰৈ ৰৈ পাৰহৈ অহা বাটৰ খোঁজবিলাকেই
মোৰ হৃদয়ৰ স্বপ্ন মালিতা

সম্প্ৰতি মোৰ হৃদয়ৰ সোঁফালে-বাওঁফালে দুয়োফালে
তুমিহীনতাৰ প্ৰেমহীন বিষাদ গাঁথা

মেঘৰ খামত চিঠি পঠিওৱা ছোৱালীজনী,
মোৰ নামত উৰাই দিয়া
তোৰ চিঠিবিলাক
আজিও খুব সযতনে ৰাখি থৈছোঁ

লৈ যোৱা
ৰৈ যোৱা
লাগিলে এপলকৰ বাবে হ'লেও
ভালপাওঁ বুলি কৈ
চিৰজীৱনৰ বাবে আঁতৰি যোৱা

মন অল্পতে প্ৰিয় গল্পতে
কল্পনাত তোৰ সপ্ন আঁকে
ভুলত্ৰুটি আবেগৰ সেই ৰাতি
আজিও তোক চুই থাকে

আজিও বিচাৰি ফুৰে
মোৰ হৃদয়ে
মেঘৰ খামত পঠিওৱা
তোৰ চিঠিৰ আবেগিক সুক্ষতা

মেঘৰ খামত চিঠি পঠিওৱা ছোৱালীজনী,
ক'ব বিচাৰিও
ক'ব নোৱাৰা কথাবোৰেই হয়তো
মোৰ ভালপোৱা !

ණ কন্দৰ্পজিৎ কল্লোল
###################
স্মৃতি !
=====
ঊণি নামৰ মেকুৰীটো ।
এতিয়া তেওঁ নাই ।
সাৰে আছে মাথোঁ স্মৃতি !

ණ কন্দৰ্পজিৎ কল্লোল
(০২/০২/১৫)
##############
অনুভৱ ০৬
কিছুমান কাম আত্মইচ্ছাৰ বিৰুদ্ধে কৰিব লগা হয় । মন নাথাকিলেও তেনে কাম কৰিবলৈ সময়ে বাধ্য কৰায় ।

ණ কন্দৰ্পজিৎ কল্লোল
(০১/০২/১৫)
###############
অনুভৱ ০৫
ভিতৰে ভিতৰে অকলে অকলে জ্বলি পুৰি ছাইহৈ গৈও মৌনহৈ থাকিব জনাটোও এটা কলা !

ණ কন্দৰ্পজিৎ কল্লোল
(২৫/০১/১৫)
################
বিৰিণা কুঁৱৰীৰ সাধু
-------------
বিৰিণা কুঁৱৰীৰ বুকত লাগি থাকে
বিৰিণা পাতৰ বেগম বাহাৰ

মই ৰৈ ৰৈ চাওঁ
মই তাইক চাই চাই কবিতা লিখোঁ

কবিতাত যি লাগি থাকে
সেয়াই বিৰিণা কুঁৱৰীৰ বিষাদৰ ৰং

সেইবাবেই ৰাতি ৰাতি মোৰ বুকুত বাঢ়ে
উন্মাদ নিচা

এই নিচাও নিচা
সেই নিচাও নিচা

নিশা নিশা তাইৰ প্ৰেমত
নিচাৰ আবহাৱা

বিৰিণা কুঁৱৰী পানীত ডুবে
পানীয়ে পানীয়ে পানী ৰঙৰ মেখেলা
তাইৰ বুকুৰ আলতা

সেইবাবেই ৰাতি ৰাতি গোপনে লিখোঁ
বিৰিণা কুঁৱৰীৰ বিষাদ গাঁথা !

ණ কন্দৰ্পজিৎ কল্লোল
@@@@@@@@@@@@
বিন্না কুমাৰীৰ কিচ্ছা
==============
বিন্না কুমাৰীৰ বুকত লাগিয়া থাকে
বিন্না পাতাৰ বেগম বাহাৰ

মুঁই ৰ'য়া ৰ'য়া দেখুং
মুঁই অ'ক দেখিয়া দেখিয়া কবিতা লেখুং

কবিতাত যি লাগিয়া থাকে
ঐটায় বিন্না কুমাৰীৰ বিষাদেৰ ৰং

ঐজৈন্যেয় ৰাত্তি ৰাত্তি মোৰ বুকত বাড়ে
বেখামা নিসা

এই নিসাও নিসা
ঐ নিসাও নিসা

নিশা নিশা অ'ৰ প্ৰেমত
নিসাৰ আবহাওয়া

বিন্না কুমাৰী জলত ডুবে
জলে জলে জলজ মেখেলা
অ'ৰ বুকেৰ আলতা

ঐজন্যেয় ৰাত্তি ৰাত্তি গোপনে লেখুং
বিন্না কুমাৰীৰ বিষাদ গাঁথা !

ණ কন্দৰ্পজিৎ কল্লোল
###################
অনুভৱ ০৪

তই মোৰ সূৰ্যমুখী সপোন
যেন বতাহত ওপঙি ফুৰা
এখন সচ্ছ দাপোন

ණ কন্দৰ্পজিৎ কল্লোল
#####################
জালাহৰ নামাই, তোৰ প্ৰেমত আছিলোঁ এদিন নষ্ট কানাই
---------------------------------------
থক্ থক্ থক্
তোৰ ওঁঠলৈকে কঁপনি .....
জালাহৰ নামাই
তোৰ প্ৰেমত মোৰ বুকুত জ্বলিছিল অগনি

উৰুকাৰ ভোগদৈয়া বান
গোটেই পথত ৰৈ আছিল চজনকাঁটাৰ হান
বাটেৰ আহোঁতে ভুলতে তই
মেখেলাতে দিছিলা টান

তাৰ পিছত ......
থাক্ দক্ সিগিলাখান কথা !

তোৰ প্ৰেমৰ অগনিত
মোৰ বুকুলৈকে জ্বলিছিল উৰুকাৰ মেজি

আৰু এদিন ছাই হৈ হৈ
তোৰ দাঁত ঘঁহা অঙঠা হ'লোঁ

জালাহৰ নামাই,
তই পাহৰি গৈছা এতিয়া
তোৰ প্ৰেমত যে এদিন
আছিলোঁ মই নষ্ট কানাই

দাপোনত কানিমুনিকৈ মুখ চাওঁতেই
বেপথে খোঁজ ল'লে
মোৰ অন্ধ প্ৰেমৰ
বন্ধ মুধচে !

(বিঃদ্ৰঃ- আঠ বছৰেও বিচাৰি নাপালোঁ মোৰ অষ্টম প্ৰেমিকা জালাহৰ নামাই "ঈপ্সিতা তালুকদাৰ"ক)

ණ কন্দৰ্পজিৎ কল্লোল
###########################
অনুভৱ ০৩
শীতৰ এই ঠেঁটুৱ লগা জাৰত
মোৰ প্ৰেমে পৰিধি ভাঙি
উৰিব বিচাৰে !
##############
অনুভৱ ০২
========
পশ্চিমৰ আকাশত মোৰ হৃদয়খন ফাঁটি চিৰাচিৰি হয়

পূৱৰ আকাশে সেয়া নেদেখে

সেয়ে সকলোৱে মোক কয়
হৃদয়হীন অন্ধ !

(১২/০১/১৫)
ණ কন্দৰ্পজিৎ কল্লোল
###################
অনুভৱ ০১
========
মোৰ জন্মই
মোৰ মৃত্যুৰ
অজ্ঞেয় উপাসক !

(১১/০১/১৫)
ණ কন্দৰ্পজিৎ কল্লোল
####################


তৃতীয় বিশ্বযুদ্ধ

(১)

আস্তিকে
অস্ত আকাশৰ তলত
জন্ম দিছিল নিজস্ব ঈশ্বৰৰ

ঈশ্বৰে ঈশ্বৰক চিনি পায় নে ?

ঈশ্বৰে ঈশ্বৰক নিচিনিলেও
ঈশ্বৰৰ বাপেকে ঈশ্বৰক চিনে

আৰু ঈশ্বৰৰ বাবে
ঈশ্বৰৰ বাপেকে
আৰু অন্য এক ঈশ্বৰক
হত্যা কৰে

(২)

অধাৰ্মীকে ঈশ্বৰৰ নামত
হত্যা নকৰে
ঈশ্বৰৰ বৈধ সন্তান

অন্ধাৰ্মীকে ঈশ্বৰীৰ ঔৰষত জন্ম দিয়ে অবৈধ সন্তান
আৰু
মাজৰাতি পেটৰ ক্ষুধাত
ভক্ষণ কৰে
অবৈধ ৰক্ত

(৩)

যিদিনাৰ পৰা
ঈশ্বৰৰ বীৰ্যত সমগ্ৰ বিশ্বই সাঁতুৰিবলৈ ধৰিলে
সিদিনাৰ পৰা
সাঁতুৰিবলৈ নজনা সকলে
নাস্তিক নাম পালে

এই নাস্তিকে কেতিয়াও
ঈশ্বৰৰ ওচৰত
মূৰ নোদুৱায়

নাস্তিকে নষ্ট ঈশ্বৰৰ গুহ্যদ্বাৰত
চুমা খাই খাই
ঈশ্বৰীৰ যৌনাঙ্গ চেলেকি চায়

(৪)

যিয়ে ঈশ্বৰৰ গাদি দখলৰ সপোন দেখিবলৈ ল'লে
সি সাম্যবাদী অথবা মানৱতাবাদী হ'ল

আৰু তেতিয়াৰ পৰাই
আৰম্ভ হ'ল
ৰাজনীতিৰ হালধীয়া অধ্যায়

(৫)

আটাইতকৈ মুৰ্খ আৰু
ভয়াতুৰ যি
সি অজ্ঞেয়বাদী হৈ ৰ'ল

মুখ খুলিব নোৱাৰা
ৰাজতন্ত্ৰৰ
দুৰ্ভিক্ষ চিকাৰ !

(৬)

যি মানুহৰ মাজত মানুহ হৈ জীয়াই থাকিব বিচাৰিলে
তাক ফাঁচি দিয়া হ'ল

ফাঁচি দি মৰা শটোকলৈ
আৰম্ভ হ'ল টনাটনি

আস্তিকে সেই মৰাশক
নাঙঠ কৰিলে
কিন্তু ঈশ্বৰৰ ভয়ত
আৰু আগুৱাই যাব নোৱাৰিলে

নাস্তিকে ঈশ্বৰলৈ ভয় নকৰে
সেয়ে গোটেই ৰাতি সেই
মৰাশটোক
উপৰ্যপুৰি ধৰ্ষণ কৰি
পুতি থ'লে

এন্ধাৰৰ আঁৰৰ পৰা দেখি থকাসকলেই
সাম্যবাদী, মানৱতাবাদী কিম্বা
অজ্ঞেয়বাদী হৈ
মৌনতা অৱলম্বন কৰিলে

তাকে দেখি ঈশ্বৰ মুৰ্ছা গ'ল

শুই থকা ঈশ্বৰৰ সমুখত
আৰম্ভ হ'ল
তৃতীয় বিশ্বযুদ্ধ

(০৫/০১/১৫)
ණ কন্দৰ্পজিৎ কল্লোল