XtGem Forum catalog
kkallol.xtgem.com
K.Kallol 2014

অনুভৱ 31/12/14

পৰহি মোৰ মৃত্যু হ'ব !

পৰি ৰ'ব এটা মৰাশ

হালধীয়া বিষাদ !

স্মৃতিৰ দস্তাবেজত বিচাৰিলে পাই যাব
দুচকুৰ উন্মাদ হেঁপাহ
সৰি পৰা
পৰি মৰা !

পৰহি মোৰ মৃত্যু হ'ব !

আপুনি বিচাৰিলে পাই যাব
ইতিহাসৰ পাতত সৰি পৰা
চেঁচুৰা কলিজাৰ ৰক্ত কোৰাল
ছিটিকি পৰা
ডোঙা বন্ধা !

(৩১/১২/১৪)

ණ কন্দৰ্পজিৎ কল্লোল
================

অনুভৱ 31/12/14

এজন মানুহে এখন নদীত
দুবাৰ গা-ধুব নোৱাৰে

সেয়ে যিবিলাক মানুহে
কবিতা নপঢ়ে
সিহঁতৰ বাবেই মই
কবিতা লিখোঁ !
-----------------------

সুখী মানুহে যেন আৰু পঢ়িব নোৱাৰে মোৰ দুখৰ কবিতা 31/12/14

সুখী মানুহৰ হৃদয়ত
সেউজীয়া ৰঙৰ আঁক-বাঁক
মোৰ হৃদয়ত
হালধীয়া সৰাপাতা

সুখী মানুহে কেতিয়াও নাকান্দে
যদিওবা কেতিয়াবা কান্দে
সিহঁতৰ অশ্ৰুত নিমখ নাথাকে
নেদেখে সিহঁতে ৰাতিৰ জোনাক

সিহঁতৰ বুকুত ঘৰ নাবান্ধে
সাধুকথাৰ ৰাজকুঁৱৰীয়ে

সুখী মানুহেনো কি বুজিব
মোৰ আধা লিখা
দুখৰ কবিতা

বিঃ দ্ৰঃ -
"সুখী মানুহে যেন আৰু
পঢ়িব নোৱাৰে মোৰ
দুখৰ কবিতা !"

ණ কন্দৰ্পজিৎ কল্লোল

(চাৰিমাহ আগতে এই কবিতাটো বাংলা ভাষাত লিখিছিলোঁ । মূল বাংলাৰ পৰা স্বকৃত অসমীয়া অনুবাদ ।)
==================

দুটা হাইকু 19/12/14

(১)

ৰৈ ৰৈ অগনি জ্বলে ......

পুহমহীয়া ঠাণ্ডাতো
মোৰ হৃদয়ত
ফাগুনৰ বতাহ বলে !

(২)

গৃহবন্দী হৈ থকাটোৱে ভাল

বাহিৰত ওলালেই
তামসাবৃত্ত আকাশ !

ණ কন্দৰ্পজিৎ কল্লোল
============

দুখৰ নষ্ট কাব্য 03/12/14

তোৰ সুখ যৌনতা
মোৰ সুখ যৌনতা

তাৰ পিছতো
মোৰ দুখ বীৰ্যপতন
তোৰ দুখ বীৰ্যধাৰন

আমাৰ দুখ আমাৰ সময় !

ණ কন্দৰ্পজিৎ কল্লোল
#################

যেতিয়া মই
বুঢ়া আঙুলী কাটি দিওঁ
===============

যেতিয়া মই বুঢ়া আঙুলী কাটি দিওঁ,
বহু গুণ প্ৰখৰ হৈ যায় মোৰ ধনুৰ্বিদ্যা ।
সংযোজন,
আছিল আকৰ্ষণ,
নিক্ষেপৰ ভাবে
তূৰ্ণীৰ, গুণ, তিৰ, হাত, একোই
আৱশ্যক নাথাকে ।
নগৰৰ বাহিৰত থাকে ডোমনী-
সঁচাই জানো তাই তোমাৰ ?
মোৰ নহ'ব ?

নগৰলৈ মই নাযাওঁ ।
মই গ'লে নগৰ শংকিত হয়
প্ৰতিপলে প্ৰতিটো ইটা কঁপি উঠে
কঁপি উঠে ৰাজসজ্জা আৰু মুকুট
লজ্জিত হয় সুৱৰ্ণ আলোক।
মই নগৰলৈ নাযাওঁ ।
আঁটিৰ ভিতৰত আঁটি,
গুহাৰ ভিতৰত গুহাৰ দৰে অৰণ্য নিবাসী
গহন অন্ধকাৰ হৈ ।

যি নগৰ বহিৰ্ভূত
সেয়া জানো অৰণ্য বহিৰ্গত ?
নগৰ আৰু অৰণ্যৰ মাজত নাই-
নাই ৰাজ্য
নাই-নাই
ৰাজ্যত থাকে হাঁ-হাঁকৈ ডোমনী
ডোমনীতো ডোমনী
তাই নহয় কাৰো !

তুমি আহিছিলা পৰিধিলৈ,
গুচি গ'লা মহকুমালৈ;
এই অৰণ্য মোৰ,
নগৰলৈ মই নাযাওঁ,
মই ইয়াতেই আছোঁ,
ময়েই অৰণ্য
নিকাঞ্চন ঘনঘোৰ হৰিৎ বৰ্ণ ।

বিজিগীষা নে আশংকা:
জানো তোমাক এনেদৰে কেঁকুৰি পেলায় বাৰে বাৰে ?
জানো,
মাটিৰ শৰে শুৱাই দিলে তোমালোক সকলোৱে মাটিহৈ যাবা
সযাদৱ কৌৰৱ-পাণ্ডৱ
মোৰ কি হ'ব
ইমান মূৰ্তি ইমান আচবাব ?

জানো,
মাটিৰ দ্ৰোণ মোৰ মৃণ্ময়
ৰূপতেই পূজনীয় ।
তথাপিও
বুঢ়া আঙুলী কাঁটি দিবলগা হয়
মোক
গুৰুদক্ষিণাৰ বাহানাত,
বাৰে বাৰে মাটি সলাই থকা
ৰক্ত মাংসৰ দ্ৰোণক
ক্ষৰিত মোৰ তেজেৰে চকুদান কৰি
সঞ্জীৱিত কৰোঁ মই প্ৰতিবাৰে ।

যেতিয়া মই বুঢ়া আঙুলী কাটি দিওঁ,
নগৰ আৰু অৰণ্যৰ মাজত
নাই-
নাই ৰাজ্যৰ মায়াবিনী ডোমনী
কেৱল মিচিকিয়াই হাঁহে !

মূল: ৰাজেন্দ্ৰ কিশোৰ পণ্ডা (ওড়িয়া)
অনুবাদ: কন্দৰ্পজিৎ কল্লোল

মানুহে বজাৰত বস্তু
কিনিবলৈ নাইবা বেচিবলৈ যায়
। মোৰ কিনিবলৈ টকা নাই ।
বেচিবলৈ বস্তু নাই । মই যাওঁ
দুখী মানুহৰ দুখ
কিনিবলৈ আৰু মোৰ নষ্ট
সময়বিলাক বেচিবলৈ ।
=====================

ঈশ্বৰৰ কৃপাত যদি মোৰ এটা ল'ৰা হয় আৰু ল'ৰাটো অলপ ডাঙৰ হ'লে এটা বিশেষ ব্যৱস্থাকে কৰিম ।

কিয়নো ল'ৰাটো হয়তো মোৰ দৰেই এলেহুৱা হ'ব । সেয়ে আমাৰ ঘৰৰ সমুখেৰে প্ৰাতঃ ভ্ৰমণ (Morning

walk) কৰিবলৈ এজনী ধুনীয়া ছোৱালীক টকা দিম । এদিন ল'ৰাটোক উঠাই দেখাম । তাৰ পিছদিনাৰ পৰা

ল'ৰাটোৱে ৰাতিপুৱাতেই উঠিব । কিয়নো ৰাতিপুৱা উঠি প্ৰাতঃ ভ্ৰমণ কৰাটো শৰীৰ, স্বাস্থ্য, মানসিক আদি বিভিন্ন দিশত উপকাৰী । B-)
##########################

ৰাতি ৰাতি আপোনালোকৰ প্ৰেমত
মোৰ বুকুত সূৰ্যমুখী ফুলে
= = = = = = = = = = = =

আপোনালোকক লৈয়ে সপোন দেখোঁ ......

কওক মহোদয়া,
কাৰোবাকলৈ সপোন দেখাটো জানো পাপ ?

আপোনালোকক লৈয়ে মোৰ বুকুৰ সোঁফালে ৰজনীগন্ধা আৰু বাওঁফালে ৰক্তজবা

মই ভাই উন্মাদ প্ৰেমিক
আপোনালোক আটাইকে মই ভালপাওঁ
আৰু মই ভালপাওঁ বাবেই আপোনালোক ধুনীয়া

আপোনালোক মোৰ প্ৰেমৰ ডায়েৰীৰ
একো একোজনী ৰক্তিম অপ্সৰা
আৰু মই দুৰ্ভিক্ষ প্ৰেমিক

মই বাৰে বাৰে আপোনালোকৰ প্ৰেমত পৰোঁ
আৰু উজাগৰে কটাও অনিদ্ৰাৰ অৰাতি

লুকাই লুকাই জলকুঁৱৰীৰ প্ৰেমত পৰোঁ
আৰু বিৰিণাকুঁৱৰীয়ে
অভিশাপ দিয়ে

সেই অভিশাপৰে পৰা মই আজন্ম আথানিকোঁৱৰ
বুকুত কঢ়িয়াই ফুৰোঁ
জলকুঁৱৰীৰ ছলনা
আৰু বিৰিণাকুঁৱৰীৰ অভিশাপ

তাৰ পিছতো মই আপোনালোকৰ প্ৰেমত পৰোঁ
আৰু সপোনতে সাঁতুৰোঁ বিষাদৰ সাগৰত

বিষাদৰ সাগৰ মোৰ
সজল ৰাতিৰ সাজৰ তৰা
বিষাদৰ সাগৰ মোৰ
দুখৰ দিনৰ সুখৰ নিহাৰীকা

বুকুৱে বুকুৱে অনুৰণিত হৈ থাকে
ভালপোৱাৰ বিষাদ গাঁথা

সেয়ে মই আপোনালোকৰ প্ৰেমত পৰিব বিচাৰোঁ
আৰু ৰিক্ত হৈ নিঃশেষ হৈ যাব খুজোঁ
আপোনালোকৰ দুচকুকৰ হেঁপাহত

আপোনালোকে মোক ভালেই পাওক বা বেয়াই পাওক
এবাৰৰ বাবে মোৰ বুকুৰ বিষাদত নাও মেলি দিলেই
ৰাতি ৰাতি আপোনালোকৰ প্ৰেমত
মোৰ বুকুত সূৰ্যমুখী ফুলে !

ණ কন্দৰ্পজিৎ কল্লোল
##############################

তোমালোকৰ নাভিত
মোৰ বিষাদৰ দুৰ্গন্ধ
= = = = == = = = =

তোমালোকৰ বুকত
ৰৈ ৰৈ বীণ বাজে

তোমালোকৰ বুকুয়ে বুকুয়ে
পশ্চিমৰ আকাশৰ
কৰুণ সংগীত

তোমালোক মোৰ
ছুপাৰ ছেক্সি মাল
আৰু মই তোমালোকৰ
দুৰ্ভিক্ষ গ্ৰাহক

আহক এতিয়া
দৰ-দাম কৰোঁ

আহক এতিয়া
নিষিদ্ধ ৰাতি কটাও

আহক এতিয়া
বীৰ্যৰ নদীত স্নান কৰোঁ

তোমালোকতো সেই
যুগ যুগান্তৰৰ বেগম বাহাৰ

তোমালোকতো মোৰ দৰেই
আনৰ সুখৰ বাবে
দুখ বিলাক কঢ়িয়াই লৈ ফুৰা

তোমালোকৰ নাভিত
মোৰ বিষাদৰ দুৰ্গন্ধ

আজি এৰাতিৰ বাবে
মই হ'ব বিচাৰোঁ
তোমালোকৰ বুকুত বৈ থকা
অশ্লীল ৰাতিৰ
নিষাদ গান্ধাৰ !

ණ কন্দৰ্পজিৎ কল্লোল
#######################

এযোৰ চকুৰ আঁৰৰ সপোন
=================

কঁহুৱাবোৰে সপোন দেখে
নদীত সাঁতুৰাৰ

কেতিয়াবা বানে পূৰণ কৰে
কঁহুৱাৰ সপোন

তুমিও সপোন দেখা
তোমাৰ সপোনবোৰ যোৰাদি জীয়াই থকাৰ

কিন্তু তোমাৰ সপোন
তোমাৰ হৃদয়ৰ ব্যাথা
তোমাৰ সপোন
হালধীয়া চিঞাহীৰে অঁকা

মোৰো এটা সপোন আছে

সপোনবিলাকক লৈ সপোন দেখা

লুকাই লুকাই দেখোঁ
এযোৰ চকুৰ আঁৰৰ সপোন

চকুৰ আঁৰৰ সপোনবিলাক
সপোনৰ ৰঙেৰে আঁৱৰা

ණ কন্দৰ্পজিৎ কল্লোল
########################

বহুদিনৰ পৰা মই কবিতা লিখা নাই । কাৰণ কবিতা লিখিবলৈ মোৰ হাতত একো সমল নাই । বিষাদৰ

লগত থাকি থাকি এতিয়া দুখবোৰ শিলৰ প্ৰতিমূৰ্তি । অশ্ৰুবোৰ সৰি সৰি সম্প্ৰতি মই অশ্ৰুহীন । সেয়ে লিখিব

নোৱাৰোঁ দুখৰ কবিতা । স্মৃতিবোৰ আৰু আবেগবিলাক বাকি বাকি সম্প্ৰতি মই পাথৰৰ দৰে কঠিন । লিখিব

নোৱাৰোঁ আৰু পাৰহৈ যোৱা দিনৰ দুখ-সুখৰ মালিতা । প্ৰেমত পৰি পৰি সম্প্ৰতি মই প্ৰেমহীনতাৰ সাগৰত

নাও মেলি দিওঁ । আৰু কেনেকৈনো লিখিম প্ৰেমৰ কবিতা । পৃথিৱীখন এতিয়া ধোঁৱাৰে ভৰা । সেয়ে লিখিব

নোৱাৰোঁ প্ৰকৃতিকলৈ কবিতা । যিখন দেশত প্ৰতিদিনেই ভূলুণ্ঠিত হয় সাধাৰণ নাগৰিক সেইখন দেশত

কেনেকৈনো লিখিম স্বদেশপ্ৰেমৰ কবিতা ! ৰিক্ত মোৰ কবিতাৰ দুহাত । মৃত্যুউপত্যকাত সম্প্ৰতি মোৰ

অনিৰ্দিষ্টকালীন কাৰাৱাস ।
##########################

বিষাদ
=====
তুলসী তলত এটা
ধ্যানমগ্ন ভেকুলী

মৌন ভগৱান

আৰু মোৰ বুকুত
এবুকু বিষাদ !
######################

এজন অকবি, এটা মৰাশ
আৰু ডেৰকুৰি কবিতা
(গল্পৰ দৰে !)
=============

এসময়ত কাকত-আলোচনী আদিত মাজে মাজে কবিতা লিখিছিলোঁ । এতিয়া নিলিখোঁ । কবিতা লিখোঁ বুলি

কোনেও নিলিখে চাগে ! ময়ো । কবিতাই মোৰ হৃদয়ত ছবি আঁকে । মই মাথোঁ তাক লিখি যাওঁ ।

এজনী ছোৱালী । কবি হ'বৰ মন । কিন্তু কবিতা নিলিখে । হয়তো কবিতাই তাইৰ হৃদয়ত ছবি নাআঁকে ।

কিন্তু কবিতা পঢ়ে । কবিতাৰ উন্মাদ পাঠক । ময়ো, ময়ো ভালপাওঁ আনৰ কবিতা । নিজেও লিখোঁ, কিন্তু কবি

হোৱাৰ উন্মাদ বাসনা মোৰ নাই ।

তাইৰ দেউতাকৰ অজস্ৰ সম্পত্তি আছে । সেই টকাৰে কিনিব বিচাৰে কবিতাৰ ভাষা । এদিন তাইৰ দেউতাকে

মোলৈ ফোন কৰিলে ।

- হেল্লো
- হেল্লো কোনে কৈছে ?
- মই অৰিন্দম বৰুৱা ।
- আপোনাক মই চিনি নাপালোঁ ।
- ৰিমলী বৰুৱাক চিনি পোৱা নে ?
- অ' অ' এদিন চিৰিয়াখানাত লগ পাইছিলোঁ ।
- মই তাইৰ পাপা । তোমাৰ লগত মোৰ অলপ ব্যক্তিগত কথা আছে ।
- হয়, কওঁকচোন ।
- ফোনত ইমান কথা পাতিব পৰা নাযাব । কালি তুমি দুপৰীয়া
২ বজাত কলাক্ষেত্ৰৰ সমুখত ৰৈ থাকিবা । ৰিমলীয়ে তোমাক লৈ আহিব ।
- ঠিক আছে বাৰু । (একো নভবাকৈয়ে কৈ দিলোঁ ।)

আচলতে এতিয়া আৰু মোৰ গল্প লিখিবলৈ ধৰ্য নাই । সেয়ে কিবা লিখিলেও যিমান পাৰোঁ চুটি কৰিবলৈ চেষ্টা

কৰোঁ । তাৰ পিছত ৰিমলীয়ে কি ক'লে, তাইৰ লগত যাওঁতে বাটট কি কি কথা পাতিলো এইবোৰ আৰু

নকওঁ । ৰিমলীহঁতৰ ঘৰলৈ গৈ পালোঁ । বৃহৎ অট্টালিকা । মোৰ চৈধ্য পুৰুষেও চাগে তেনে ঘৰত ভৰি থৈ পোৱা

নাই । তাৰ মানে তাইৰ দেউতাকে ডাঙৰ চাকৰী বা ব্যৱসায় কৰে । আৰে ভাই কি কৰে কৰক না, ইমান

কথা মোক কিয় লাগে ! সেয়ে ৰিমলীক তাইৰ দেউতাকৰ উপাৰ্জনৰ পথৰ বিষয়ে নুসুধিলোঁ । তাৰ পিছত

সিহঁতৰ ঘৰত দুপৰীয়াৰ আহাৰ খালোঁ । কি কি খালোঁ সেই বিষয়ে জানিব বিচাৰে নেকি ? কমেণ্ট কৰিও লাভ

নাই । কি কি খালোঁ সেয়া আৰু কৈ থকাৰ সময় মোৰ নাই । (সেই বিলাক খাদ্যৰ নাম জানিলেহে ক'ম ! :-

P) ।

ৰিমলী, তুমি যোৱাগৈ, চিনেমা এখনকে চা । তাইৰ দেউতাকে তেনেকৈ কৈ তাই ড্ৰযিং ৰূমৰ পৰা পঠিয়ালে ।

- আচলতে কথাটো হ'ল মোৰ ছোৱালীজনীয়ে কবি হ'ব বিচাৰে । কিন্তু কবিতা লিখিব নাজানে । মই ভাবিছোঁ

তাইৰ নামত এখন কবিতা পুথি ছপোৱাৰ কথা । এইক্ষেত্ৰত তুমি সহায় কৰিব পাৰা । আৰু তাই মোৰ

একমাত্ৰ ছোৱালী, ল'ৰাও নাই ....

তেওঁৰ কথা শেষ নহওঁতেই মই কলোঁ "এইক্ষত্ৰত মইনো কিদৰে সহায় কৰিম ...."
মোৰ কথা শেষ নহওঁতেই তাইৰ দেউতাকে ক'লে
"মানে তুমি কেইটামান কবিতা লিখি দিব লাগে, আগতে কতো তোমাৰ নামত প্ৰকাশ নহোৱা কবিতা । তাৰ

বাবে যিমান টকা লাগে মই দিম ।
- চাওক মহাশয়, কবিতা লিখিম বুলি লিখিব পৰা বস্তু নহয় আৰু এয়া উৎপাদন কৰি বজাৰত বিক্ৰী কৰা

বস্তুও নহয় ।
- তুমি কাকত আলচোনীত লিখিনো কেইটকা পোৱা ?
মই তাতকৈ বহু বেছি টকা দিম । ৩০টা কবিতাৰ বাবদ ৩০ হাজাৰ টকা দিম ।
- আচলতে মই কবিতা বিক্ৰী নকৰোঁ আৰু কোনেও চাগে নকৰে !
- টকা পালে মানুহে কি নকৰে । যোৱা বছৰ মোৰ বন্ধু দিগন্ত কলিতাৰ জীয়ৰীয়ে ...... বঁটা লাভ কৰিছে ।

তুমি হয়তো নাজানা যে তাইৰ দেউতাকে ২০ হাজাৰ টকাৰে গাঁৱলীয়া দুঃখিয়া ছোৱালীৰ পৰা কিনিছিল ।

পুৰস্কাৰ পোৱাৰ পিছত পুৰস্কাৰ টকা ৫০%কৈ ভাগ হৈছিল । মোৰ ছোৱালীয়ে পুৰস্কাৰ পালে মই তাতোকৈ

বেছি সুবিধা তোমাক দিম । কাকত- আলোচনীত লিখি তুমি কবি হ'ব নোৱাৰা । তোমাৰ কিতাপো মই ছপাই

দিম । ....
তেওঁৰ কথাত মই অধৰ্য হৈ উঠিলোঁ ।
- আজিলৈ যাওঁ নেকি !
- একো উত্তৰ নিদিলা যে ?
- নাই মই কবিতা বিক্ৰী কৰা ব্যক্তি নহওঁ । আৰু কবি হোৱাৰ মানসিকতাও নাই ।
- যোৱা বাৰু । কেতিয়াবা মানসিকতা সলনি হ'লে জনাবা ।

আৰু একো নকোৱাকৈ গুচি আহিলোঁ ।

দুমাহ পিছৰ ঘটনা-
এটা অচিনাকী নম্বৰৰ পৰা তিনি চাৰিটামান মিছকল । ফোন লগালোঁ
- হেল্লো
- হেল্লো, মই অনামিকাই কৈ আছোঁ ।
- কি খবৰ অনামিকা ?
- মোৰ খবৰ ভাল নহয় । তুমি গুৱাহাটীৰ পৰা কেতিয়া আহিবা ।
- এতিয়া আৰু নাযাওঁ । একেবাৰে দুৰ্গা পূজাৰ সময়ত যাম । পিছে তোমাৰ খবৰ বেয়া বুলি ক'লা যে ?
- মাৰ বেমাৰ, ডক্টৰক দেখুৱাইছোঁ । পিছে ডক্টৰে কৈছে ৫০ হাজাৰৰ তলত মাক ভাল কৰিব পৰা নাযাব ।
- অ', চাওচোন কিবা এটা কৰিব পাৰোঁ নেকি ! মই কাইলৈ সন্ধিয়া তোমাক ফোন কৰি জনাম ।

ঘটনাটো বেছি দীঘলিয়া কৰাৰ মন নাই । তাৰ পিছত ...... তাৰ পিছত আৰু কি কৰিম, এটা জীৱনতকৈ

মোৰ ডেৰকুৰি কবিতা ডাঙৰ নহয় । ঠিকেই বুজিব পাৰিছে আপুনি । সেই ডেৰকুৰি কবিতা ৰিমলীক দি

দিলোঁ । প্ৰথমে ৩০ হাজাৰৰ কথা কৈছিল যদিও মই ৫০ হাজাৰৰ কথা কলোঁ আৰু ৰিমলীৰ দেউতাকে হ'ব

বুলি কৈ ঘৰৰ ভিতৰলৈ গ'ল আৰু নগদ ৫০ হাজাৰ টকা আনি দিলে । তাৰ পিছত ..... তাৰ পিছত নিজকে

বিক্ৰী কৰি এটা মৰাশ হৈ পৰাৰ দৰে লাগিল । হাতত আৰু অন্য উপায় নাছিল । পিছত সেই টকাৰে

অনামিকাৰ মাকৰ চিকিৎসা কৰা হ'ল । তাই ভাল হৈ উঠিল ।

অনামিকা কোন ? অনামিকা, তাইক এসময়ত ভাল লাগিছিল, হয়তো তাইৰ প্ৰেমত পৰিছিলোঁ, তাইয়ো

কিজানি মোৰ প্ৰেমত পৰিছিল । কিন্তু কোনেও কাকো ক'ব পৰা নাছিলোঁ । তাৰ পিছত মই গুচি আহিলোঁ

গুৱাহাটীলৈ । ইফালে অনামিকাৰ বিয়া হৈ যায় । ..... আৰে বাদ দিয়া সেইবিলাক পুৰণি কথা ।
অন্ততঃ অনামিকাৰ মাকৰ চিকিৎসা হৈ তাই যে সুস্থ হৈ উঠিল যে এইটোৱে ভাল কথা ।

একবছৰ পিছৰ কথা । আকৌ ৰিমলী বৰুৱা । বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ৰিমলী বৰুৱা ।
নিউজ চেনেলৰ হেডলাইন ৰিমলী বৰুৱা । "সৰি পৰা জলকুঁৱৰী আৰু এবুকু মেঘ"ৰ বাবে ৰিমলী বৰুৱালৈ

কাব্য কুঁৱৰী বঁটা । নগদ দুই লাখ টকা আৰু প্ৰসস্তি পত্ৰ ।

আকৌ ৰিমলীৰ দেউতাকৰ ফোন ।

গগেশগুৰীত ৰৈ আছোঁ । বুকুত এবুকু বিষাদ লৈ এটা চিগাৰেট জ্বলালোঁ । দুহোঁপামান দিছোঁ তেনেতে

ৰিমলীয়ে মাত লগাল । গাড়ীত উঠিলোঁ । ৰিমলীয়ে নিজেই চলায় ।

- কি হে যং ব'য়, কি খবৰ ?
- আছোঁ দিয়ক ।
- এনেদৰে থাকিলেই নহ'ব নহয় । ৰিমলীৰ খবৰটো নিশ্চয় শুনিছাই । তুমিও কিবা এটা কৰা । নিজৰ প্ৰতিভা

বিনষ্ট হ'বলৈ নিদিবা ।
- আপোনালোকেই দেখন প্ৰতিভা কিনা বেচা কৰে । (মনে মনে ভাবিলোঁ কিন্তু একো নক'লোঁ ।)
- তোমাৰো কিতাপ এখন ছপোৱা । খৰচ মই দিম । চিন্তা কৰিব নালাগে । আৰু তোমাৰ সেই থাৰ্ড ক্লাচ

কম্পেনীত লেবাৰৰ কাম কৰাটো বন্ধ কৰি দিয়া । তাতে কাম কৰি তই কেইটকানো পোৱা । মই তোমাক

তাতোকৈ ভাল জব এটা দিম ।

ৰিমলীৰ দেউতাই কৈ আছে, মই কাঠৰ টুকুৰাৰ দৰে স্থিৰ হৈ শুনি আছো, একো উত্তৰ দিয়া নাই ।

আৰু এটা কথা, ৰিমলীৰ বাবে আৰু ৩০টা কবিতা দিবা । এইবাৰ মই তোমাক টকা নিদিওঁ । তাতো ডাঙৰ

কিবা এটাৰ কথা হে ভাবিছোঁ । তুমি তো জানাই ৰিমলীয়ে মোৰ একমাত্ৰ ছোৱালী আৰু ল'ৰাও নাই ।

তোমাৰ আপত্তি নাথাকিলে ৰিমলীক বিয়া পাতিব পাৰা । আৰু মই ভাবোঁ এই প্ৰস্তাব তুমি নাকচ কৰি

নকৰিবা । ৰিমলীৰ লগতো মই কথা পাতিছোঁ ।
- আজিলৈ আহোঁ ।
- এটাও উত্তৰ নিদিলা যে !
- আজি বুধবাৰ । অহা দেওবাৰে আহি মই মোৰ মতামত জনাই যাম ।
- ছানডে মই ঘৰত নাথাকিম । পাৰ্টি এটা আছে । তুমি মানডে ইমনিঙত আহিবা ।
- ঠিক আছে বাৰু ।

দেওবাৰে ৰিমলীয়ে ফোন কৰি ৩ বজাত জুৰোডলৈ আহিবলৈ ক'লে ।

- পাপাই তোমাক মাতিছে ।
- তেখেতে দেখোন দেওবাৰে নথকাৰ কথা কৈছে । সোমবাৰেহে যাবলৈ কৈছে ।
- কিবা কাৰণত সিহঁতৰ প্ৰগেম কেনছেল হৈছে । ছ' এতিয়াই যাব লাগে ।
- ঠিক আছে বাৰু ।

ভিতৰলৈ মাতি নিলে । ৰিমলীক সুধিলোঁ- তোমাৰ মাক ঘৰত নাই নেকি ?
- মম আজি তাইৰ ফেইণ্ডচৰ লগত ওলাই গৈছে । তাতে পাৰ্টি কৰি ৰাতি আহিব ।
- ঠিক আছে বাৰু, তোমাৰ দেউতাক মাতি দিয়া ।
- ইমান অধৰ্য হৈছা কিয় হে । পাপা আজি ঘৰত নাই ।
- তেন্তে মোক মিছা কথা কৈ মাতি আনিলা যে ?
- পাপাৰ লগতহে কেবল কথা পাতিব পাৰা নেকি ? মোৰ লগত কথা পাতিব পৰা নাযায় নেকি ?
- ঠিক আছে কি কথা কোৱা ।
- আৰে বাবা তুমি ইমান অধৰ্য কিয় হে !

এনেদৰে কৈ তাই সুধিলে - কি খাবা কোৱা ?
- একো নাখাওঁ । কি কথা আছে তাকে কোৱা ।
- এক মিনিট ৰ'বা । এনেদৰে কৈ তাই আনটো কোঠালৈ গ'ল । মই ম'বাইলটো উলিয়াই ফেচবুক খুলিলোঁ ।

তাই আহি ঘপহকৈ দৰ্জাৰ লক লগাই দিলে । সেই শব্দ পাই মূৰটো তুলিলোঁ । পিন্ধনত সল্প বস্ত্ৰ । মই

থতমত খাই গলো । তাই তীব্ৰবেগত আহি মোক বিছনালৈ গতিয়াই দি মোক হেঁচি ধৰি নিজৰ বিকিনি খুলি

দিলে । মোৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে অনুভৱ হ'ল ।

তেনেতে কলিং বেল বাজিল । ৰিমলীয়ে মোৰ ওঁঠত এটা কামুৰি দি দৰ্জা খুলি দিবলৈ কৈ সিটো কোঠালৈ গ'ল

। দুৱাৰ খুলি দিলোঁ । তাইৰ বান্ধৱী ।
- মই ৰিমলীৰ বান্ধৱী শ্ৰেয়া । তাই ঘৰত আছে নে ?
- আছে । ভিতৰলৈ যাওক ।
- আপুনি ?
মই কোনো উত্তৰ নিদিয়াকৈ বাহিৰলৈ ওলাই দৰ্জাখন জঁপিয়াই দি তাৰ পৰা ভাগি আহিলোঁ । কোম্পেনীৰ

দুমাহৰ দৰমহা এৰি সেই দিনাই ৰাতি তালি-টোপালী বান্ধি ৰেলত উঠি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ ।

ম'বাইলৰ ছিমকাটৰ্ডখন উলিয়াই ভাঙি দিলোঁ । তেতিয়াৰ পৰা আৰু মই গুৱাহাটীলৈ নাযাওঁ ।

তিনি বছৰ পিছত-

- হেল্লো
- কোন ?
- মই ৰিমলী ।
- কোন ৰিমলী ? কাক লাগে ।
- তুমি নাম্বাৰ চেইঞ্জ কৰি কি সাৰি যাব পাৰিছা বুলি ভাবিছা নেকি ? তোমাৰ ফেচবুক একাউণ্টত তোমাৰ

এই নতুন নম্বৰটো পাই গ'লোঁ । আৰু তোমাৰ ঘৰৰ ঠিকনাটোও । অহা দেওবাৰে মই তোমাৰ ঘৰলৈ যাম ।

- মোৰ ঘৰলৈ আহি কি কৰিবা ?
- তোমাৰ হ'ম আকৌ !
- চোৱা, মই এতিয়া বিবাহিত আৰু মোৰ এজনী ছোৱালীয়ো আছে ।
- জানো মই । তথাপিও মই তোমাক নিজৰ কৰিহে এৰিম । আৰু পলাই লাভ নাই । এইবাৰ ডাইৰেক্ট

তোমাৰ ঘৰলৈ যাম আৰু তুমি মোক বিয়া কৰাইছিলা বুলি ক'ম ।
- এইবিলাক কি আংবাং কথা কোৱা হে !
- মোৰ হাতত প্ৰমাণ আছে ।
- প্ৰমাণ !
- কিয়, সেইদিনা আমাৰ ঘৰত ৰূমৰ ভিতৰত যে তোমাক চুমা খাইছিলোঁ তাৰে ভিডিঅ ৰেকৰ্ডিং মোৰ লগত

আছে ।

এনেদৰে কৈ তাই ফোন ৰাখিলে । ইতো কম ধুৰন্ধৰ আপী নহয় । মানে মোক এতিয়া ব্লেকমেইল কৰিব । কি

কৰা যায় এতিয়া !

এনেদৰে ভাবোতে ভাবোতে দেওবাৰ আহি পালে । সঁচাকৈয়ে তাই যদি ঘৰলৈ আহি কিবা গণ্ডগল লগাই দিয়ে



এনে দৰে ভাবি আছোঁ । তেনেতে কাৰেণ্টটো আহিল । আৰ যি হয় হ'ব আৰু ! অলপ টিভিটোকে চাওঁ ।

BREAKING NEWS
প্ৰতিভাবান কবি ৰিমলী বৰুৱাৰ পথ দুৰ্ঘটনাত মৃত্যু ।

গল্পৰ সংজ্ঞা অনুসৰি গল্পৰ আৰম্ভনী আৰু পৰিসমাপ্তি আকস্মিক হ'ব লাগে । কিন্তু এয়া গল্প নহয়, যদিওবা

গল্পৰ দৰে !

তাইৰ মৃত্যুৰ পিছত এনেদৰেই আৰু সাত মাহমান পাৰ হৈ গ'ল ।

- হেল্লো
- হেল্লো কোন ?
- মই ৰিমলীৰ পাপা । যি হ'ব লগা আছিল সেয়াতো হৈ গ'ল । এইবাৰ মই তোমাক এটা শেষ অনুৰোধ

কৰিম । তুমি মোৰ কথাটো ৰাখিবা নে ?
- কি কথা ?
- মানে মোৰ জীয়ৰীৰ প্ৰথম মৃত্যু বাৰ্ষকীত এখন কবিতা পুথি ছপাম বুলি ভাবিছোঁ । তাই জীয়াই থকাৰ

সময়তে লিখি থৈ যোৱা কবিতা ।
- ঠিক আছে । ভাল কথা ।
- কিন্তু তুমিতো জানাই । এয়া এটা ফৰ্মেলিটি হে । আচলতে কবিতা কেইটা তুমি দিব লাগিব । ইয়াৰ পিছত

আৰু কেতিয়াও তোমাক আমনি নকৰিম । আৰু না বুলি নক'বা । মোৰ জীয়ৰীয়ে তোমাক খুব ভালপাইছিল ।

তাইৰ মৃত আত্মাৰ শপত । তুমি না বুলি নক'বা ।
- ঠিক আছে বাৰু । দুমাহ পিছত মই গৈ আপোনাক ডেৰকুৰি কবিতা দি আহিম ।

ණ কন্দৰ্পজিৎ কল্লোল
-------------------------

যলৈকে যাওঁ তালৈকে লৈ যাওঁ
তোৰ মৃতদেহ
===============
যলৈকে যাওঁ তালৈকে লৈ যাওঁ
তোৰ মৃতদেহ
.....................
মই নষ্ট শিৱ
সতী, যলৈকে যাওঁ তালৈকে লৈ যাওঁ
তোৰ মৃতদেহ

সতী, তই কি বুজিবি
মোৰ বুকুৰ ব্যাথা
সতী, তই কি বুজিবি
মোৰ বুকুৰ জ্বালা

সতী, তুমি হীনতাত টান দিওঁ
ছিলিমত
ধোঁৱা আৰু ধোঁৱা
ধোঁৱাৰ মাজত ডুবি
তোৰ শৰীৰৰ ছবি আকোঁ

মই নষ্ট শিৱ
ছিলিমত টান দিওঁ
ধোঁৱাৰ মাজতত নিজকে হেৰুৱাওঁ

তোৰ বাপেৰ দক্ষ মহাৰাজ
কি বাল বুজিব মোৰ মনৰ কথা
মই জোঁৱাই তো ধোঁৱাশক্ত
ধোঁৱাশক্ত মাতাল
দুখ লাগিলে ছিলিমতে দিওঁ টান
তাৰ পিছতো সতী তোক
তোকেই মই ভালপাওঁ

মই নষ্ট শিৱ
অলপতে খুচি
যিয়ে যি বিচাৰে
তাকেই দিও বুক উজাৰি
দি দি নিস্ব
নিজৰ একোই নাই
নিদ্ৰাহীনতাত আমি
দিন কটাওঁ

কৈলাসত তই নাই
তই এলতিয়া এটা শ
মই তাৰেই বেআলো

বেআলোত মাতাল হওঁ
কান্ধত উঠাওঁ তোৰ মৃতদেহ
য'তেই যাওঁ তাতেই লৈ যাওঁ

তোৰ শাখা খহে খহক
তোৰ নাক পৰে পৰক
তোৰ কাণ ছিগে ছিগক
তোৰ মূৰ ভাঙে ভাঙক
কেৱল তোৰ কলিজাটো থাকিলেই হয়
যাক মই ভালপাওঁ
যাৰ বাবেই মই
দিন আৰু ৰাতি কটাওঁ

ණ কন্দৰ্পজিৎ কল্লোল
#######################

জলবন্দী
=====

পিতাইৰ দুটোপাল বীৰ্যই জালত মেৰিয়াই
জলবন্দী কৰি মোক পঠিয়াই দিলে আইৰ গৰ্ভত

তেতিয়াৰ পৰাই মোৰ মুক্তিৰ সপোন
তেতিয়াৰ পৰাই মোৰ স্বাধীনতাৰ আন্দোলন

তেতিয়াৰ পৰাই আইৰ গৰ্ভত জঁপিয়াই জঁপিয়াই
প্ৰতিবাদী কাৰ্যসূচী

তেতিয়াৰ পৰাই পিতাইৰ বুকুত বিষ
দুচকুত ছায়াস্বপ্ন

জালমুক্ত জলমুক্ত হৈ
সপোন ভঙা মাছে ছটফটায়
আকৌ সোমাই যায়
এন্ধাৰৰ গভীৰ গৰ্ভত

আইৰ গৰ্ভৰ পৰা সৰি পৰাৰ পৰাই
মই পথভ্ৰষ্ট আথানিকোঁৱৰ

এতিয়া জলজ সপোন এটাক
জলবন্দী কৰি
তামস প্ৰণাম !

ණ কন্দৰ্পজিৎ কল্লোল
#######################

নষ্টবীজ
====

বোলা এই অন্ধকাৰত মেধাৰ ফলন হওক
এই অন্ধত্ব আমাৰ গুচি যাওক,
অজ্ঞতা গোপন কৰোঁ
জ্ঞানৰ গভীৰত ৰাখোঁ মধু আৰু মদৰ চক্রদোষ
বোলা আজি পুৰুষাঙ্গ হাতত ল'ওঁ,
নাৰীৰ শালীনতা শাৰীৰ আঁৰৰ পৰা খুলি ল'ওঁ
তোমাক গোপন কৰি
তোমাৰ গোপন গুহ্যদ্বাৰত ৰাখোঁ
ৰাতিপুৱাৰ বাতৰি-কাকত,
গাখীৰ, কণী, আৰু বজাৰৰ মোনা
বোলা মন জলজ বাগিচাৰ গছত
আৰু সৰল আগাছাত
তোমাৰ দীঘল স্তন চুমি খাকক
সন্তানৰ দৰে
চুমি খাওক,
চুহি লওক তোমাৰ শৰীৰৰ পৰা
সঙ্গমৰ ক্ষুধা
ক্ষুধা এই ৰাতিপুৱাৰ ৰুটি আৰু আলুভাজি অমৃত অপাৰ
অপাৰ, অপাৰ,
মই তোমাক ক'ত ৰাখোঁ,
কোন গর্ভাধাৰত ?
কোন ফুলত মূৰ থৈ টোপনি গৈছে,
কোন ঋতু-ৰক্তমখা শৰীৰ পাইছা তুমি,
মধুৰীআমৰ দৰে,
কোনবা দুই-এটা কুঁহিপাতত
আমাৰ লিপ্সা, প্রেম, মৃত্যু
আৰু ভয় লাগি আছে ?
ভয়ৰ শৰীৰত মই লাথ মাৰোঁ,
সন্মোহন, মোক বচাওক
মোক বাচাওক এই ষড়যন্ত্রৰ পৰা
এই অনন্ত হত্যাৰ নির্বিকাৰ আয়োজনৰ পৰা
এই দুই তিনিদিনত
মোক আঁতৰাই দিয়া
ক্ষুধাৰ যিকোনো প্রান্তত,
যিকোনো মধুৰ নিহিত চক্রৰ মাজত পেলাই দিয়া
আমাৰ স্বপ্ন, উন্মাদনা
আমাৰ নষ্ট জন্ম . . .
নষ্ট প্রেম . . .
স্মৃতি আৰু সম্ভৱ . . . .

• মূল: মিতুল দত্ত
• অনুবাদ: কন্দৰ্পজিৎ কল্লোল
#######################

নিৰুদ্দেশযাত্ৰাৰ অন্তিম কবিতা
=====================

(১)

আজিৰ পৰা একো নকওঁ
কেৱল শুনিম
শুনি শুনি আত্মস্থ কৰিম
জীৱনৰ কুঁহিপাত

আজিৰ পৰা একো নিলিখোঁ
কেৱল পঢ়িম
পঢ়ি পঢ়ি উশাহ ল'ম
হাঁহিম, কান্দিম,
উন্মাদ হ'ম
আৰু অকলে অকলে
চকুলোঁ টুকিম

আজিৰ পৰা জীৱনৰ ৰংবোৰেৰে
ছবি নাআঁকিম
কেৱল বন্ধ কোঠাত অন্ধহৈ অনুবাদ কৰিম বুকুৰ বিষাদ
লিখি যাম নষ্ট ৰাতিৰ
নিষিদ্ধ আলাপ

(২)

কামিহাঁড় ভাঙিল
মই দুটুকুৰা হ'লোঁ
এটুকুৰা এন্ধাৰত
এটুকুৰা পোহৰত

পোহৰত পোনা মাছ জঁপিয়ায়
এন্ধাৰত ঢোৰা সাপে ফচফচায়

(৩)

হিজলজোপাত ওলমিব নোৱাৰিলোঁ
অন্ধ হ'লোঁ, বোবা হ'লোঁ,
বধিৰ হ'লোঁ

সাৰে ৰ'ল মাথোঁ
স্মৃতিৰ ঢৌ

(৪)

গোপনে গোপনে পালোঁ তোৰ
পানীতোলা ঘাট
পানীৰ স্ৰোতত ডুবাই দিলোঁ
হাত
হাতত এয়া মাছ নে সাপ !

(৫)

"কান্দে ৰজা জন্মেজয় অ'"

জন্মেজয় কান্দে নে নাকান্দে

কান্দিলে মেঘবোৰ বৰষুণ
নাকান্দিলে বৰষুণবিলাক মেঘ !

(৬)

আকাশখন নীলা হওক
পাতবোৰ সেউজীয়া
শিশুৰ হাঁহিত সৰিপৰক
বেলিফুল ৰাতিপুৱা

(৭)

হৃদয়ৰ দুখ, যন্ত্ৰণা,
বিষাদ, অশ্ৰু
এইবোৰ লুকুৱাই ৰাখিব পৰাটোও এটা কলা !

(৮)

কুকুৰ ভুঁকে
শিয়ালে হোৱা দিয়ে
কাউৰীয়ে কাঁ কাঁ কৰে

এজন নষ্ট অকবি
নিৰুদ্দেশ হৈ যায় ......

ණ কন্দৰ্পজিৎ কল্লোল
####################

• স্মৃতি, অনুভৱ ইত্যাদি •

স্মৃতিবোৰ পাহৰিব নোৱাৰোঁ বাবেই
আমি চিৰদিন দুখি !

মই জুইৰ দৰে
জ্বলি জ্বলি ছাই
পানীৰ মাজত মোৰ
চিতা ভষ্মৰ টোপোলা !

ණ কন্দৰ্পজিৎ কল্লোল
#####################

শাসকৰ প্ৰতি
=======

আপুনি যি ক'ব মই ঠিক
তাকেই কৰিম,
তাকেই শুনিম,
তাকেই খাম,
তাকেই শৰীৰত পিন্ধি পথাৰলৈ গুচি যাম।
মই নিজৰ মাটি এৰি দি গুচি যাম
একো নকোৱাকৈ।
ক'ব গলত ৰঁচি লগাই ওলমি থাকা গোটেই ৰাতি।
তেনেকৈয়ে থাকিম।
মাথোঁ পিছদিনা যেতিয়া ক'ব,
এতিয়া নামি আহা
তেতিয়া কিন্তু মানুহ লাগিব মোক নমাবলৈ
নিজে নিজে নামিব নোৱাৰিম।
এইখিৰি নাইপৰা বুলি অপৰাধ নধৰে যেন!

• মূল: জয় গোস্বামী
• অনুবাদ:
কন্দৰ্পজিৎ কল্লোল
#######################

চিধা কথা
=====

গুলি লাগি পৰি গ'ল ।
উঠাই দিবলৈ গৈ আছে তেওঁৰ পত্নী ।
বন্দুক ওখ কৰি ধৰা ।
কোৱা— ‘নাই, উঠাই নিদিবা—’
কোৱা— ‘যোৱা গুচি যোৱা কৈদিলোঁ—’
তথাপি যদি নুশুনে তেন্তে
স্বামীৰ সাহায্যকাৰী হাতখনলৈ
চিধাই গুলি কৰা ।
যি নাৰীয়ে ধর্ষণ কৰাত বাধা দিছে
তাৰ যৌনাঙ্গত লাঠিৰ আগ চিধাই সুমুৱাই দিয়া
যন্ত্রণাত তাই যেতিয়া দয়া বিচাৰে, গালি পাৰে
তাইৰ সমুখত তাইৰ
শিশুটিৰ দু’ভৰিত ধৰি
দুফালে টানা,
টানা,
যেতিয়ালৈকে চিধাচিধিকৈ ছিগি নাযায় তেতিয়ালৈকে টানা !
ইয়াকে কোৱা হয় চিধা কথা ।
ইয়াৰেই নাম ক্ষমতা দেখোৱা !

ණ মূল: জয় গোস্বামী
ණ অনুবাদ: কন্দৰ্পজিৎ কল্লোল
####################

####################

চৰিত্র
===

তুমি ছোৱালী,
তুমি খুব ভালদৰে মনত ৰাখিবা
তুমি যেতিয়া ঘৰৰ চৌহদ এৰিবা
মানুহে তোমাক অন্য দৃষ্টিৰে দেখিব।
তুমি যেতিয়া
গলিৰ ভিতৰত খোজকাঢ়ি থাকিবা
মানুহে তোমাৰ পিছ ল'ব,
সুঁহুৰি মাৰিব।
তুমি যেতিয়া গলি পাৰহৈ
ৰাজপথত উঠিবা
মানুহে তোমাক চৰিত্রহীন
বুলি গালি পাৰিব।
যদি তুমি অপদার্থ হোৱা
তুমি পিছলৈ মূৰ ঘূৰাবা
আৰু সেয়া নহ'লে
যিদৰে গৈ আছা, গৈ থাকিবা।

♣ মূল: তছলিমা নাছৰিন (তসলিমা নাসরিন)
ණ অনুবাদ: কন্দৰ্পজিৎ কল্লোল
##########################

হাইকু
===
তোমাৰ স্তন কাঞ্চনজংঘা
মোৰ হৃদয় ওখ পাহাৰ !

ණ কন্দৰ্পজিৎ কল্লোল
###############
• এক মিনিটৰ গল্প •
"ভোক"

• মগনীয়া : বাবু মই দুদিন ধৰি নখোৱাকৈ আছোঁ ।
• ধনী ব্যক্তি : এইফালে আহা । ইয়াত বহা ।

ধনী ব্যক্তিজনে বনকৰা ল'ৰা জনক দি ভাত খোৱা টেবিলত সজাই দিলে একাহি ভাত । লগতে দালি, মাছ, মাংস আদি ।

• ধনী ব্যক্তি : ভাত খোৱা ।
• মগনীয়া : নালাগে বাবু । আপুনি মোক অলপ টকাকে দিয়ক ।
• ধনী ব্যক্তি : এয়া সাধাৰণ চাউলৰ ভাত নহয় । লগত আৰু কি কি আছে সেয়া চাই লোৱা । এইসাজ ভাতৰ দাম কিমান জানানে ? কমেও ৫০০ টকা । ইয়াক তুমি প্ৰত্যাখ্যান কৰিলা !
• মগনীয়া : তেন্তে বাবু ৫০০ টকাৰ ভাতৰ সলনী মোক ১০০ টকাকে দিয়ক ।
• ধনী ব্যক্তি : তোমাৰ মূৰত কিবা আছে নে ? ৫০০ টকাৰ খাদ্যৰ সলনী ১০০ টকা বিচৰা ।
• মগনীয়া : যিমান টকাৰে নহওক কিয়, সেয়া মোৰ এসাঁজৰ ভাত । তাতোকৈ ১০০ টকাৰে মই তিনি সাঁজ অৰ্থাৎ তিনি দিন খাব পাৰিম ।

ණ কন্দৰ্পজিৎ কল্লোল
#####################
• আধা মিনিটৰ গল্প •
"জীৱনৰ স্কেচ"

সিটো মূৰত বহি আছে এজন ৬০ বছৰীয়া দুৰ্বল বৃদ্ধ ব্যক্তি । লগত তেওঁৰ ৩৫ বছৰীয়া পত্নী আৰু সিহঁতৰ একমাত্ৰ পুত্ৰ সন্তান, বয়স ৬ বছৰ মান হৈছে ।

ইটো মূৰত মই আৰু মোৰ বুকুত এটা দীঘলীয়া অলিখিত গল্পৰ ছায়া ।

মাজত এজাক মানুহ ।

ණ কন্দৰ্পজিৎ কল্লোল
##################
• আথানিকোঁৱৰ (৪) •
=============

আকাশৰ পৰা
সৰি পৰিলোঁ ......

তোৰ আঁখিৰ কাজল
মোৰ দিল ঘায়ল

দুৰনীৰ পৰা তই
ৰৈ ৰৈ চিঞৰা
তোৰ চিঞৰত মই
বধিৰ হ'লোঁ

তোৰ চুলিৰ সুবাস
মোৰ হৃদয়ত এমুঠি গান
এদিন গানবোৰ হৈ গ'ল
ধানৰ পতান

তেতিয়াৰ পৰা মই
বোবা হৈ ৰ'লোঁ

কাৰো মাত নুশুনোঁ বাবেই
শান্তিতে আছোঁ

শান্তিতে আছোঁ
একো ক'ব নোৱাৰোঁ
নক'লে ভাল
ক'লেই লাগি যায়
যতো চব জঞ্জাল

সিদিনাৰ পৰা মৌন হৈ
তোলৈ ৰ' লাগি চাওঁ
তোৰ পানী তোলা ঘাটত
এপলত জিৰাওঁ

তোলৈ ৰ' লাগি চাওঁ
তোৰ প্ৰেমত
বুকুৰ শব্দবিলাক
যোৰা দি দি
সৰাপাতত সপোনবোৰ
লিখি থ'ওঁ

এদিন প্ৰেমৰ সৰাপাত
বতাহত উৰিল
মোৰ বুকুৰ সপোনবোৰ
সকলোৱে পঢ়িল

তোমাৰ আই পিতাইয়ে
ৰজাক গৈ দিলে গোচৰ
সিদিনাৰ পৰা তোৰ
আঁখিৰ কাজল
মোৰ দিলৰ ভিতৰত
এজাক বাদল

ৰজাই আদেশ দিলে
আথানিকোঁৱৰ অন্ধ হ'লোঁ

অন্ধ আথানিকোঁৱৰ
হৃদয়ত বৈ থাকে মাথোঁ
বেদৰ্দী দুনীয়াৰ
উন্মাদ নৈৰ ঢোল

ණ কন্দৰ্পজিৎ কল্লোল
##################
"আথানি কোঁৱৰ, বুকুৰ বিষ আৰু হালধীয়া জোনাক"

(এমুঠি অনুভূতি, কবিতা নহয়)

(১)
বিৰিণা কুঁৱৰীয়ে চুলি মেলি
ৰাউচি জুৰে
আথানি কোঁৱৰ দহি পুৰি মৰে

মাজত এখন নৈ
স্মৃতিৰ শটো গুচি যায় বৈ

স্মৃতিবোৰ হালধীয়া জোনাক
স্মৃতিবোৰ কেঁচা তেজৰ বিষাদ
স্মৃতিবোৰ মাজৰাতিৰ বিকাৰ

(২)
বুকুখন বিষায়

বুকুৰ বিষ
কালিঘুঁকিৰ তামস
বুকুৰ বিষ
আৰণ্যক শ্বাপদ

(৩)
কিবা যেন আধৰুৱা হৈ ৰৈ গ'ল । জীৱনৰ দৰে ।

বুকুৰ ভিতৰত ৰৈ থকা
সুপ্ত শব্দৰ হিল্লোলবোৰেই
একো একোটা অলিখিত অকবিতা ।

(৪)
মই লিখিব নোৱাৰিম
মই লিখিব নোৱাৰিম
মোৰ কলিজাৰ বিষাদ গাঁথা ।

ණ কন্দৰ্পজিৎ কল্লোল
####################

বৰষুণ, নাৰী আৰু বুকুৰ বিষাদ (মাজ নিশাৰ নষ্ট গদ্য)

তুমি কাৰ বাবে ৰৈ ? দূৰণীৰ পৰা মনে মনে চাই থাকোঁ মই । ...... তুমি কবিতা হোৱা, মই সৰি পৰোঁ, বৰষুণৰ চিঞাহীৰে কবিতা লিখা কবিবোৰে তোমালৈ অপেক্ষা কৰে । কবিতাবোৰে মোৰ বুকত বিষাদ বাকে । মই চকুলোঁ টুকোঁ ।

স্মৃতি ! যন্ত্ৰণা ! বিষাদ !
উটি যাওঁ । বৈ যাওঁ । তোমাৰ চুলিত টোপা-টোপে সৰোঁ । তোমাৰ চকুৰ কাজল উটুৱাই লৈ যাওঁ । তোমাৰ চকুৰ কাজল সাঁচি ৰাখি চিত্ৰকাৰে ছবি আঁকে । অথচ তোমাক চুব নোৱাৰে ।

মই নিলাজ বৰষুণ । তোমাৰ বুকুলৈকে হাত মেলি দিওঁ । তোমাৰ কাপোৰৰ ভিতৰেৰে সোমাই যাওঁ । গছৰ পাত বিলাকে তোমাক চাই চাই উন্মাদ হয় । তোমাৰ প্ৰেমত সৰি সৰি সৰাপাত হয় ।

মই নিলাজ বৰষুণ । তোমাৰ বাটত বোকা কৰি দিওঁ । তুমি মেখেলা কোচাই ৰৈ ৰৈ খোজ কাঢ়া । তাকে দেখি ডেকা বোৰে সাৰে থাকে ৰাতি । বুঢ়াৰো উজাই আহে যৌৱনৰ ৰং ।

যিদিনাৰ পৰা তুমি মোক বেয়া পোৱা, সিদিনাৰ পৰা মই বৰষুণ হৈ সৰোঁ । তোমাৰ নাভিত আঁকো বিষাদৰ আঁক-বাঁক !

ණ কন্দৰ্পজিৎ কল্লোল
######################
• লুঙ্গী ডেঞ্চ - চুলিধোৱা শেম্পু •

হিন্দী ছবিজগতৰ
গীতৰ ভিতৰত
"কিশোৰ কুমাৰ গঙ্গোপাধ্যায়"ৰ পৰা
"কুমাৰ সানু (কেদাৰনাথ ভট্টাচার্য্য)"লৈকে, তেওঁলোকৰ কণ্ঠৰ গীতে হৃদয়ৰ ভিতৰত গভীৰ অনুভৱ জাগ্ৰত
কৰাইছিল ।
তাৰ পিছতো "উদিত নাৰায়ণ ঝাঁ", "কে.কে. (কৃষ্ণকুমাৰ কুন্নাথ)", "সান", "সনু নিগম", "জুবিন গার্গ" আদিৰ
গীত হৃদয়স্পর্শী । কিন্তু আজিকালিৰ
মোৰ বাবে অজ্ঞাত কিছুমান গায়কৰ
কণ্ঠত নুশুনিম বুলিও শুনিবলৈ পোৱা 'ৰিবন ফিতা', 'লুঙ্গী ডেঞ্চ',
'য় য় হনি সিং' আদি গীতত আৱেগ,
অনুভূতি, দুখ-বেদনা,
প্ৰেম-ভালপোৱা,
চিত্ৰকল্পৰ প্ৰয়োগ আদি একো বিচাৰি নাপাওঁ । তাৰ পিছতো যুৱচামৰ মাজত এইবোৰ গীত খুবেই জনপ্ৰিয় । ঠিক তেনেকৈ কবিতাৰ কথা ভাবিছোঁ । ছন্দ, উপমা, অলঙ্কাৰ, চিত্ৰকল্পৰ ব্যৱহাৰ,
আৱেগ-অনুভূতি,
প্ৰেম-ভালপোৱা,
দুখ-বেদনা, মানুহৰ কথা, ইতিহাস-বর্তমান আদি সকলো বাদ দি "লুঙ্গী ডেঞ্চ"ৰ দৰে কবিতা লিখিব পৰা যাব নেকি !
এটা চেষ্টা কৰি চাওঁ ৰ'ব !


""চুলিধোৱা শেম্পু""

বতাহত উৰে চুলি
ৰাজপথেদি গুচি যায় তৰুণ গগৈ
চিগাৰেটৰ ধোঁৱা
পানীত মাছ

মূৰ ঘূৰাই জঁপিয়াই নাচ
চুলিধোৱা শেম্পু
চুলিধোৱা শেম্পু

য়াহু য়াহু
নৰেন্দ্ৰ মোদী
হিন্দুস্থানত উৰক
লকাল ধুলি

টুইটাৰ টুইটাৰ
হিমন্ত বিশ্ব শর্মা
স্কুলৰ পথাৰত
শাৰী পাতি বহি
মইনাহঁতে ভাত খায়
হিমন্তই ধুলি উৰিয়াই
গুচি যায়

চুলিধোৱা শেম্পু
চুলিধোৱা শেম্পু

(কিবা বুজিলেনে ?
যদি বুজা নাই তেন্তে
নুবুজাখিনি
চুলিধোৱা শেম্পু
চুলিধোৱা শেম্পু) !

ණ কন্দর্পজিৎ কল্লোল
###################
প্ৰেমৰ কবিতা


(১) [পুৰণি]

তোমাৰ হৃদয়খন
মোক দিয়া
মোৰ হৃদয়খন
তুমি লোৱা ।

(২) [আধুনিক]

তোমাৰ পাচৱার্ডটো
মোক দিয়া
মোৰ পাচৱার্ডটো
তুমি লোৱা !

ණ কন্দর্পজিৎ কল্লোল
##################
এদিন তোমাৰ বাবেই এইখন চহৰত মই
দিবানা আছিলোঁ
==============

অনুৰাধা,
সপোনবোৰে মোৰ দিলত
ঘৰ সাজিবৰে পৰাই
তোমাৰ বাবে
এইখন চহৰত মই দিবানা আছিলোঁ

অনুৰাধা,
শব্দবোৰে কলমৰ স্পর্শত
শ্বায়েৰী হ'ব বিচৰাৰে পৰাই
তোমাৰ বাবে
এইখন চহৰত মই শ্বায়ৰ আছিলোঁ

এদিন তোমাৰ বাবেই এইখন চহৰত মই দিবানা আছিলোঁ
এদিন তোমাৰ বাবেই এইখন চহৰত মই ৰোপন কৰিছিলোঁ
সেউজীয়া বাগিছা

তোমাৰ বাবেই
শব্দৰ মালাগাঁথি গাঁথি
আজি বিচাৰি নাপাওঁ
জীয়াই থকাৰ শব্দ
তোমাৰ বাবেই
স্মৃতিবোৰ বাকি বাকি
শূন্যতাৰ পিয়লাত হাত দিওঁ

দলিয়াই দিওঁ ......
ভাঙি দিওঁ ......

চাৰিওফালে কাঁচৰ
টুকুৰা !
কাঁচে কাটে নে নাকাটে নাজানোঁ
তোমাৰ আঁখিৰ কাজলে মোৰ দিলত ছুৰি মৰাৰ পৰাই
মই তেজেৰে জুৰুলা জুপুলা

এদিন তোমাৰ বাবেই এইখন চহৰত মই
মুছাফিৰ হৈ আহিছিলোঁ
দিলৰ ভিতৰত দর্দবোৰ পুহি পুহি
এদিন তোমাৰেই প্ৰেমত পৰিছিলোঁ

আজি কি কৰিম
কি কৰিম
হাতত তুলি ল'ম নেকি
মদিৰাৰ বটল

মদিৰাই জানো
পাহৰাব পাৰিব তোমাক
পাহৰাব পাৰিব জানো স্মৃতিৰ দিনলিপিৰ অসংখ্য সংলাপ

অনুৰাধা,
অ' মোৰ দিলৰুবা,
তোমাৰ আঙুলিত ধৰাৰে পৰাই
মই তোমাৰ আশিক আছিলোঁ
ফাগুনৰ হাৱাত তোমাৰ চুলি উৰাৰে পৰাই
মই হৈ উঠিছিলোঁ
আজন্ম আৱাৰা
তোমাৰ গুমসুম নেয়নাত ডুব যোৱাৰে পৰাই
এইখন চহৰত মই
দিবানা হৈ ফুৰিছিলোঁ

সময়ক বান্ধি ৰাখিব নোৱাৰি
বেদর্দী দুনিয়াত
ৰিস্তাৰ ৰচি ছিগি যায়

আজি তুমি নাই

স্মৃতিবোৰ সাৰে আছে

...... গুমসুম গুমসুম
তেৰী নেয়না .......
এটা পুৰণি গান
দিলৰ ভিতৰত বৈ থাকে
শ্ৰাৱনৰ বান !

তুমি পাহৰি গৈছা সহজভাবেই
মই ইমান কষ্ট কৰিও পাহৰিব পৰা নাই
"এদিন তোমাৰ বাবেই এইখন চহৰত মই
দিবানা আছিলোঁ"

ණ কন্দর্পজিৎ কল্লোল
####################

"নীলা ফোঁট-ৰঙা ফোঁট"
==========

কিবা ক'বা ?
ক'লে কোৱা !
চুপচাপ শুনিম মাথোঁ,
উত্তৰ দিয়াৰ মুড নাই !

হু,
খঙত আছোঁ ভীষণ,
তোমাৰ ওপৰত,
আজি কথা কোৱাৰ
ইচ্ছা নাই ।

মোৰ চকুৰ ফালে চোৱা,
সঁচাই কৈছোঁ,
আজি তোমাৰ ফালে ঘূৰিও নাচাম ।

এই,
আজি নীলা ফোঁট
দিয়া নাই কিয় ?
বুজিছোঁ,
তথাপি ৰঙা ফোঁটতো
বেয়া লগা নাই ।
দেৱীত্ব যেন উপচি পৰিছে
তোমাৰ ওপৰত,
কপালত সূর্যমামাৰ
লালিমাৰ ছাপ ।

এই ছোৱালী,
তোমাক কৈছোঁ নহয়,
চুলিবিলাক মেলি নাৰাখিবা !
নহয়, নহয়,
বেয়া লাগিব কিয় ?
চোৱা সকলোৱে কিদৰে দেখি আছে,
মোৰ খুব ঈর্ষা হয়,
ঈর্ষাৰ লগত মিহলিহৈ থাকে
তোমাক হেৰুৱাৰ ভয় !

হয় সঁচাই,
আজি মই একো নক'ম ।
আজি মোৰ
কথা কোৱাৰ ইচ্ছা নাই,
চোৱা,
তোমাৰ ফালেও দেখা নাই,
ফোঁটটো অলপ বেঁকা হৈছে,
ঠিক কৰি লোৱা !

• মূল : আকতাৰ উজ জামান মুন্না
• অনুবাদ : কন্দর্পজিৎ কল্লোল
#######################
নতুন ৰেচিপি :
সংগীত, গদ্য, কাব্য আদিৰ মিশ্ৰিত খিচিৰী

(১)
খিড়িকী মেলোতেই
তুমি সাগৰীকা
বিজুলী বিজুলী
দুচকুৰ দুপতা !
কোৱা কোৱা কোৱা
তুমি মোক ভালপোৱা ...

(২)
বন্ধু, আপুনি মোক
আপোনাৰ সময় দিলে,
হৃদয় দিলে; বিনিময়ত
মই আপোনাক একো
দিব নোৱাৰিলোঁ, সেয়ে বেয়া লাগি আছে ।
আকৌ লগ পোৱাৰ অপেক্ষাৰে ......

(৩)
অনামিকা;
মোৰ হৃদয়খন
তুমি লোৱা
তোমাৰ সপোনবিলাক
মোক দিয়া !

(৪)
শত্ৰু অথবা যি
শত্ৰুও নহয় মিত্ৰও
নহয় তেনে ব্যক্তিয়ে
দুখ, ধোখা বা ফাঁকি
দিলে বিন্দাচ খুলি
ক'ব পাৰি । বন্ধুই দুখ,
ধোখা বা ফাঁকি দিলে কাকো খুলি ক'ব
নোৱাৰি । হৃদয় পুৰে ।
পুৰি পুৰি ছাই হৈ যাওঁ ।
নোৱাৰি নোৱাৰি,
পুৰি ছাই হ'লেও
কাকো ক'ব নোৱাৰি ।
"যি কথা কাকো
খুলি ক'ব নোৱাৰি
সেয়াই যন্ত্ৰণা !"

(৫)
পকেটত টকা
নাথাকিলেও মোৰ
হৃদয় আছে ।
হৃদয় আছে বাবেই
ৰ'দে বৰষুণে বন্ধুৰ
হাতত হাত থৈ খোজ
দিওঁ । একেলগে বহি
এপলক জিৰাও ।

(৬)
য'ত সপোন বিচাৰি
যাওঁ
তাতে সপোনবোৰ
কলা-বগা ধুসৰ
ছবি হয় !

(৭)
বন্ধু, অপোনাৰ হাতত হাত থৈ কিছুসময় ঘূৰিলোঁ । একেলগে
বহি এসাঁজ খালোঁ । একেলগে এখনকৈ
তামোল-পাণ চবালোঁ ।
ভাল লাগিল । য'ত সপোনবোৰ ভাঙি
গ'ল, তাত অলপ
হ'লেও হৃদয়খন
সেউজীয়া কৰিব
পাৰিলোঁ ।

(৮)
গুমসুম গুমসুম
তেৰী নেয়না ......
তোমাৰ চকুয়ে
যি ক'লে
সেয়া তুমি নক'লা
মোৰ হৃদয়ে যি ক'লে
সেয়া তুমি নুবুজিলা !

(৯)
মোৰ বুকুত মূৰ থৈ
তুমি শুই থাকিলা,
ৰাতিৰ ৰেলত মই
প্ৰেমিক অকবি......
তোমাক সাবটি ধৰি
উজাগৰি ৰাতি......
ধ্যেৎ ইয়াৰ পিছতো
সুধা নহ'ল তোমাৰ
নাম, ঠিকনা অথবা ম'বাইল নম্বৰ !

(১০)
বহু কথা ৰৈ যায়
হৃদয়ত
বহু সপোন ছাই হয়
দুচকুত !!

ණ কন্দর্পজিৎ কল্লোল
##################
ফেচবুক
======

মোৰ বুকুৰ
বন্ধ দুৱাৰ খুলি
ভিতৰত প্ৰৱেশ কৰে
তোমাৰ অনিদ্ৰাৰ বার্তা

ৰাতিবোৰ মোৰ
নাযায় নুপুৱায়
সপোনবোৰ মোৰ
ভাঙি-ছিঙি যায়

ৰাতি ৰাতি
মোৰ বুকুৰ
মজিয়াত বহি
ঢোৰাসাপে ফচফচায়

ৰাতি ৰাতি
মোৰ সপোনৰ
টিঙত বহি
শিয়ালবোৰে হোৱা দিয়ে

ৰাতি ৰাতি
মোৰ অনিদ্ৰাৰ আকাশত
উৰি ফুৰে শক্তিমানৰ দৈত্য বাদুলী !

ණ কন্দর্পজিৎ কল্লোল
######################
আথানিকোঁৱৰ (৩)
==============

যিদিনাৰ পৰা তিৰোতাবোৰে
মোৰ বুকুৰ পাটশলাৰে জুই লগায়
সিদিনাৰ পৰা মই
পুৰি পুৰি ছাই

এদিন বিৰিণাকুঁৱৰীয়ে ছাইবোৰ টোমত ভৰাই উটিয়াই দিলে নৈত

উটি গৈ গৈ পালোঁ
জলকুঁৱৰীৰ ঘৰ

জলকোঁৱৰৰ মৃত্যুৰ পিছত
শুভ্ৰ সাজত চুলি মেলি জলকুঁৱৰী

জলকুঁৱৰীক দেখি
উজাই গৈ তাইৰ
কাষত ৰৈ গ'লোঁ

তাই দুহাত মেলি
টোমৰ পৰা ছাইখিনি উলিয়াই
উৰুৱাই দিলে বতাহত

বতাহত উৰি গৈ গৈ
ল'গ পালোঁ
বিৰিণাকুঁৱৰীক

আজীৱন তোমাৰ হৈ থাকিম বুলি
বিৰিণাকুঁৱৰীক
কথা দিলোঁ

বিৰিণাকুঁৱৰীয়ে মোক সাবটি ধৰি
শুভ্ৰ চুলি মেলি
হুক্-হুকাই
কান্দি উঠিলে

সিদিনাৰ পৰা
আকাশখন
ছাইবৰণীয়া

সিদিনাৰ পৰা চকুপানীবোৰ
ছাইবৰণীয়া
আকাশৰ পৰা
সৰি পৰা
বৰষুণৰ টোপালৰ দৰে
পনীয়া

সিদিনাৰ পৰা
ৰাতি ৰাতি
দোভাগ ৰাতি
ৰৈ ৰৈ জলকুঁৱৰীয়ে উচুপে

সিদিনাৰ পৰা
শুভ্ৰ চুলি মেলি
বিৰিণাকুঁৱৰীয়ে
মোলৈ ৰৈ থাকে

সিদিনাৰ পৰা মই নিৰুদ্দেশ

নহ'লে মই কাৰ হ'ম,
কাৰ ?
ইফালে জলকুঁৱৰী
সিফালে বিৰিণাকুঁৱৰী

তেতিয়াৰ পৰাই মই
বতাহত ওঁপঙি ফুৰা
আথানিকোঁৱৰ !

ණ কন্দর্পজিৎ কল্লোল
#################
আথানিকোঁৱৰ (২)
==============

বিৰিণাৰ আঁৰৰ পৰা
তাই
ৰাউচিজুৰি কান্দে

ওলাই গৈ দেখোঁ
একো নাই

আহি ঘৰত সোমাওঁ

অলপ পিছতে আকৌ
বিৰিণাৰ আঁৰৰ পৰা
ৰাউচিজুৰি কান্দে তাই

আকৌ ওলাই গৈ দেখোঁ
একো নাই

আকৌ আহি
ঘৰত সোমাওঁ

এনেদৰে
ওলোৱে সোমোৱা
কৰোতে কৰোতে
মই শূন্যতাৰ প্ৰেমত
পৰি যাওঁ

যিদিনাৰ পৰা মই
শূন্যতাৰ প্ৰেমত পৰিলোঁ
সিদিনাৰ পৰা তাই বিৰিণাৰ আঁৰৰ পৰা ৰাউচিজুৰি নাকান্দে !

যিদিনাৰ পৰা তাই
বিৰিণাৰ আঁৰৰ পৰা ৰাউচিজুৰি নাকান্দে
সিদিনাৰ পৰা মই
আথানিকোঁৱৰ হ'লোঁ

যিদিনাৰ পৰা মই
আথানিকোঁৱৰ হ'লোঁ
সিদিনাৰ পৰা মই
জলকুঁৱৰীৰ প্ৰেমত পৰিলোঁ

যিদিনা মই
জলকুঁৱৰীৰ
প্ৰেমত পৰিলোঁ
সিদিনা মোক বিৰিণাকুঁৱৰীয়ে
অভিশাপ দিলে

জলকুঁৱৰী পলাই গ'ল
জলকোঁৱৰৰ স'তে

অভিশাপ খণ্ডন নহয়
কান্দিলেও অতীত কেতিয়াও
বর্তমান নহয়
সেয়ে বিৰিণাকুঁৱৰীয়ে
শুভ্ৰ সাজ পিন্ধি
স্বইচ্ছাই বিধৱা হ'ল
আৰু বিদায় জনালে
আথানিকোঁৱৰক

অভিশপ্ত আথানিকোঁৱৰ
মৰাপাট হ'লোঁ
তেতিয়াৰে পৰা তিৰোতাবোৰে
মোৰ বুকুৰ পাটশলাৰে
জুহালত জুই লগায় !

(১১/০১/১৪)

ණ কন্দর্পজিৎ কল্লোল
####################

"তুমি ভালপাওঁ বুলি
ক'লে মোৰ বুকুত
সাতটা শিয়ালে
হোৱা দিয়ে"
==============

পানীমেটেকাৰ তলত কাঁইট
ভৰিত খুঁচে
খুঁচে নে নুখুঁচে

খুঁচিলে বিষায়
তেজ নোলায়
নুখুঁচিলে নিবিষায়
তেজ ওলায়

তেজ মোৰ
বিলৰ পোণামাছ
জাকৈয়া ছোৱালীয়ে নুবুজা
শ্যামৰঙী ঢোৰাসাপ

উৰি আহি পৰে
তোমাৰ ছিগা চুলি
মোৰ ভাতৰ কাঁহিত

ভাত বিলাক
কজলাহৈ পৰে
তোমাৰ চুলিৰ ৰঙৰ দৰে

সেই ভাত খালে
বুকুলৈকে পানী
সেই ভাত নাখালে
ডিঙিলৈকে ঢোৰাসাপ

ঢোৰাসাপে মোৰ
কলিজাত লিখে
আই লাভ ইউ বুলি

কাৰণ তুমি
ঢোৰা সাপৰ দাঁতেৰে
মূৰ ফণিওৱা

তুমি ঢোৰা সাপৰ দাঁতেৰে
মূৰ ফণিওৱা বাবেই
তোমাৰ চুলি সৰে

চুলি সৰি উৰি আহি
ক'ত পৰে ?
ভাতত নে বাটত ?

ভাতত পৰিলে ভাতবিলাক বিলৰ বোকা,
বাটত পৰিলে মই
অবাটে যোৱা

কোন ফালে যাওঁ
সোঁফালে হিজলৰ পাত
বাওঁফালে ঢোৰাসাপৰ মাত

যেনিয়ে যাওঁ তেনিয়ে মাথোঁ
বিষাদৰ নিনাদ

তুমি ভালপোৱাৰ কথা কোৱা

কি ভালপোৱা
ক'ৰ ভালপোৱা
ভালপোৱাৰ ৰং কেনেকুৱা

মই এইবিলাক
একোকে নাজানো

তোমাৰ মূৰৰ চুলি
ভাতত পৰাৰ পৰাই
মই লঘোণে মৰা

তোমাৰ মূৰৰ চুলি
বাটত পৰাৰ পৰাই
মই অবাটে যোৱা

মই অন্ধ হ'ম
মই বধিৰ হ'ম
অনুগ্ৰহকৰি ভালপাওঁ বুলি নক'বা

কাৰণ তুমি ভালপাওঁ বুলি
ক'লে
মোৰ বুকুত
সাতটা শিয়ালে হোৱা দিয়ে

ණ কন্দর্পজিৎ কল্লোল
##############

• অকবিতা :
অনুগ্ৰহ কৰি আপোনালোকে
TV নাচাব •

বাতৰি বিলাক
Adult Movie নহয়
বয়সৰ কোনো
সীমাবদ্ধতা নাথাকে
সকলোৱে চাব পাৰে
কিন্তু অনুগ্ৰহ কৰি আপোনালোকে
বাতৰি নাচাব

আপোনালোকৰ প্ৰিয়
Zee TVৰ
ছিৰিয়েলবিলাক
18+ নহয়
তথাপি নাচাব

18+ নহয়
ৰং চেনেলৰ
ধাৰাবাহিক
তথাপি
ভুলতো নাচাব

অনুগ্ৰহ কৰি আপোনালোকে
TV নাচাব
এনেকি বাতৰিও

কাৰণ তাৰ মাজতে
আহি যাব পাৰে
জৰুৰ কণ্ডোম,
কহিনুৰ কণ্ডোম
অথবা মালা ডি আদিৰ
বিজ্ঞাপন
যিবিলাক আপোনালোকে চাব নিবিচাৰে

আপোনালোকে
ফেচবুকৰ দৰে
TV অকলে নাচায়
সেয়ে অন্ততঃ
অনুগ্ৰহ কৰি আপোনালোকে
TV নাচাব

কাৰণ আপোনালোকৰ কথামতে
সিহঁতে বন্ধ নকৰে
আপুনি নিবিচৰা
বিজ্ঞাপন

বিঃদ্ৰঃ
আপোনালোকৰ
কথা মতে মই
ফটোৰে সৈতে
ৰহিম চাচাৰ চকুপানী
গল্পটো মচি দিলোঁ

মই আপোনালোকৰ
কথা ৰখাৰ দৰে
আপোনালোকে ৰাখিব পাৰিবনে
মোৰ এইষাৰ কথা
↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓
"অনুগ্ৰহ কৰি আপোনালোকে
TV নাচাব"

(হৃদয়ৰ অনুভৱখিনি
ব্যক্ত কৰিছোঁ ।
কথাটো অন্য
দিশলৈ লৈ বিতর্কৰ
সৃষ্টি নকৰিবলৈ
সকলোকে অনুৰোধ জনালোঁ...)

ණ কন্দর্পজিৎ কল্লোল
#######################
• পিঠিত লেবেল থকা মানুহ •
===============

পিঠিত লেবেল থকা মানুহবিলাক
ফেচবুকৰ ৰজা
তেওঁলোকে আনৰ ষ্টেটাচত
লাইক, কমেণ্ট নকৰে
এনেকি নিজৰ ষ্টেটাচবোৰৰ
কমেণ্ট বক্সতো ভুমুকি নামাৰে কেতিয়াও

কাৰণ তেওঁলোকে ফেচবুক খুলি
নিজৰ ৱালত লিখিবহে পাৰে
আৰু নিজৰ ষ্টেটাচত
শতাধিক লাইক আৰু
শতাধিক কমেণ্ট দেখি
ৰাতি ৰাতি অভিমানত টোপনি যাব নোৱাৰে

আমাৰ দৰে তৃতীয় শ্ৰেণীৰ ফেচবুকাৰসকলে
সিহঁতৰ ষ্টেটাচৰ কমেণ্ট বক্সত গৈ বাঃ বাঃ কৰোঁ
উত্তৰ নিদিব বুলি জানিও প্ৰশ্ন কৰোঁ

পিঠিত লেবেল থকা মানুহবিলাকৰ জন্মদিনত শুভেচ্ছা জনালেও
ধন্যবাদ বুলি নকয়
কাৰণ সিহঁতে নাজানে
বিনিময় প্ৰথাৰ পুৰণি ইতিহাস

আচলতে সিঁহতে
আজৰি সময় নাপায়
সিহঁতে ২৪x৭ নিউজ চেনেলৰ দৰে
অনবৰতে অনলাইনহৈ থাকে দুপৰনিশালৈ

সকলো প্ৰযুক্তিৰ কামাল
সেয়ে সিহঁত একবিংশ শতিকাৰ
ফেচবুকৰ ৰজা
অথবা ফেচবুক ৱার্ল্ডৰ
ABCD !

[A = আবু ছালেম
B = বাবুল
C = ছোটা চেতন
D = ডাউদ ইব্ৰাহিম]

ණ কন্দর্পজিৎ কল্লোল
################
• সৰি পৰা এটা গিলাচ •
================

সৰি পৰা এটা গিলাচ
টুকুৰা টুকুৰি কাঁচ
আৰু নতুন বছৰ

কথাবোৰ মই নিজেই নুবুজোঁ
আৰু তোমাক নো কি
বুজাম

কুঁৱলীৰ আঁৰত লুকাই থকা মোৰ অতীত
নিয়ৰৰ টোপালবোৰত মিহলি হৈ যোৱা দুটোপাল চকুলো
আৰু তোমাৰ চকুৰ কাজল

কথাবোৰ এন্ধাৰকো ক'ব পৰা নাই
আৰু তোমাক নো কি ক'ম

নৈখনে উচুপে
জলকুঁৱৰীয়ে কাপোৰ সলায়
আথানি কোঁৱৰে
ভেবা লাগি চাই ৰ'য়

বৰশীত যদি মাছৰ সলনি সাপ ধৰে
সাপে যদি মোক দংশন কৰে
সেয়া যদি ঢোৰা সাপ হয়

কথাবিলাক কালিঘুঁকিৰ ডিঙিৰ
কৰুণ কান্দোন
কথাবিলাক হিজল পাতৰ পৰা সৰা
নিয়ৰৰ টোপাল

এদিন হিজলজোপাৰ তলত বহি
তোমালৈ চিঠি লিখিছিলোঁ

আমাৰ তেজে কেতিয়াও নিলিখিব প্ৰেমৰ পত্ৰ
য'ত লাগি থকা
ৰং বিলাক
চেলেকি খাওঁ

দিনবোৰ কঠিন হ'ব
নেটত আৱদ্ধ হ'ব
নিষিদ্ধ ৰাতিৰ আলাপ

কথাবোৰ মৰা শগুণৰ নিনাদ
মই নিজেই নুবুজোঁ
আৰু তোমাক নো কি বুজাম !

ණ কন্দর্পজিৎ কল্লোল

(01/01/14)
###################

"কামতাপুৰৰ ভাষা, সাহিত্য, সংস্কৃতি"
==============

(১)
কামতাপুৰী ভাষাৰ চমু পৰিচয় :

পৰিসীমা: অসমৰ ধুবুৰী,
কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু গোৱালপাৰ পাৰা জিলাত এই ভাষা কোৱা মানুহৰ সংখ্যা সর্বাধিক, দৰং জিলাতো এই ভাষা কোৱা কিছু সংখ্যক মানুহ আছে। উত্তৰ বঙ্গৰ কোচবিহাৰ, জলপাইগুৰি উত্তৰ দিনাজপুৰ দক্ষিণ দিনাজপুৰ আৰু দার্জিলিঙৰ তৰাই অঞ্চল, বিহাৰৰ কাটিহাৰ, পূর্ণিয়া আৰু কিষানগঞ্জ জিলাৰ কিছু অঞ্চল, নেপালৰ মোৰেং আৰু ঝাঁপা জিলা, ভূটানৰ কিছু অঞ্চলত তথা বাংলাদেশৰ অবিভক্ত ৰংপুৰ জিলাত এই ভাষাৰ মানুহ আছে। মেঘালয়, ত্ৰিপুৰা আৰু সম্বলপুৰ (ওড়িশা)তো এই ভাষাৰ লোক আছে। অঞ্চলভেদে ৰাজবংশী, গোৱালপাৰীয়া, উত্তৰ বঙ্গীয়, দেশী ভাষা, ৰংপুৰী ভাষা আদি বিভিন্ন নামত পৰিচিত। এই ভাষা কোৱা মানুহৰ সংখ্যা ১০ মিলিয়নৰ অধিক।

(২)
কামতাপুৰী ভাষাৰ প্ৰায় ২০ টা মান নাম আছে। অঞ্চল বিশেষে ভাষাটোৰ ৰূপ বেলেগ বেলেগ। প্ৰতিটো ভাষাতে তেনেকুৱা আঞ্চলিক ৰূপ দেখিবলৈ পোৱা যায়। অসমীয়া ভাষাৰ কথাই ধৰক, শিৱসাগৰ, নলবাৰী, বৰপেটা, মঙলদৈ আদি বিভিন্ন ঠাইৰ কথিত ৰূপ বেলেগ বেলেগ। আমাৰো তেনেকুৱাই। কিন্তু লিখিত ৰূপত ব্যকৰণৰ কথা আহে, দ্বিতীয়তে এটা নিদৃষ্ট অঞ্চলক কেন্দ্ৰবিন্দু হিচাবে লগ লাগে। আমাৰ ধুবুৰী জিলাৰ গৌৰীপুৰ, ধুবুৰী, বিলাসীপাৰা, সাপটগ্ৰাম, কোকৰাঝাৰ জিলাৰ কিছু অঞ্চল অথা উত্তৰ বংগৰ কেন্দ্ৰবিন্দুক ধৰিব লাগিব। আমাৰ ইয়াত আজিৰ সময়ত বহুতো অসমীয়া শব্দ সোমাই পৰিছে। তথাপিও আমি আমাৰ ভাষাৰ প্ৰাচীন শব্দবোৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু আমাৰ উত্তৰ পুৰুষৰ পৰা কিছু শব্দ পাই আহিছোঁ। চাপৰৰ পৰা আৰম্ভ কৰি বঙাইগাঁও, অভয়াপুৰী আৰু কোকৰাঝাৰৰ কিছু অঞ্চলত অসমীয়াৰ প্ৰভাৱটো বেছিকৈ পৰিছে। গোৱালপাৰাৰ ৰংজুলী, দুধনৈ আদিৰ ফালে কামৰূপী উপভাষাৰ বহু শব্দৰ প্ৰৱেশ ঘটিছে। তেনেকৈ উত্তৰ বংগৰ কিছু অঞ্চলত বাংলাৰ কিছু প্ৰভাৱ পৰিছে। নেপালৰ ৰাজবংশী/ তাজপুৰি ভাষাত আকৌ মৈথিলী, ভোজপুৰী আৰু নেপালীৰ প্ৰভাৱ পৰিছে। ভাষাগত তথা উচ্চাৰণগত দিশত কামতাপুৰী ভাষাক মূলত তিনিভাগত ভগাব পাৰি। (মোৰ ব্যক্তিগত চিন্তাধাৰা মতে)-

(১) মধ্যমস্থল (Middle Point) - উত্তৰ বংগৰ পৰা আৰম্ভ কৰি ধুবুৰী, গৌৰীপুৰ হৈ বিলাসীপাৰালৈ, কোকৰাঝাৰ জিলাৰ তুলসীবিল, গোসাইগাঁও, চিতলা আদি অঞ্চল। তথা বাংলাদেশৰ ৰংপুৰ অঞ্চল (২) অসমীয়া প্ৰভাৱিত কামতাপুৰী (কোকৰাঝাৰ জিলাৰ বাসুগাঁও, চিংৰা জিলা, বঙাইগাঁও জিলা, গোৱালপাৰা জিলা) আনহাতে চাপৰ অঞ্চলৰ ভাষাটোত দুয়ো ভাগৰে প্ৰভাৱ ঘটিছে।
(৩) নেপালৰ (কোছিলা ৰাজ্যৰ) ভাষা। ইয়াৰ মাজতো আকৌ উপশাখা বাহিৰ কৰিব পাৰি।

(৩) ব্যাকৰণ

বচন :-

১। গুলা/ গুলান/ গিলা/ গিলান/ লা, পাজা, পালা, ভিৰা, সব, ঘৰ, গণ, বৃন্দ, মণ্ডলী, বর্গ আদি প্ৰত্যয় যোগ দি একবচনৰ পৰা বহুবচন কৰা হয়। যেনেঃ মানসি গুলা, ৰাক্ষসগণ, খৰিপাজা, খেৰপালা, ভক্তবৃন্দ, প্ৰজাবর্ঘ, যতোসব, দর্শকমণ্ডলী আদি।

প্ৰত্যয়ৰ ব্যৱহাৰ:-

কোছা — চাবি কোছা ।
খান — বই খান, কোদাল খান ।
টুকুৰা — মাছ টুকুৰা ।
ঘৰ — মানুশ ঘৰ ।
চাকা — আম চাকা ।
চাপৰা — মাটি চাপৰা ।
জন — কয়েক জন ।
টা — মানুষটা, ছাওআটা, গৰুটা ।
টোপা — তেল টোপা ।
পাল — ভৈষ পাল ।
বাথান — মৈশ বাথান ।
বাৰী — ধান বাৰী, বাগান বাৰী।
বোজা — খৰিবোজা ।
মুঠা — পাণ মুঠা ।
হাতা — কলা হাতা ।
হাল — গৰু হাল ।
হাটী — দৈ হাটী, ছাগল হাটী ।

পুংলিঙ্গৰ পৰা স্ত্ৰীলিঙ্গলৈ পৰিবর্তন কৰাৰ নিয়ম :-

১। পৃথক শব্দ ব্যবহাৰ কৰি :-
দাদা — বৌদি ভাউজী ।
ভাই — বৈনী ।
বাপ — মাও ।
বাবা — মা ।
আতা — আবো আবু ।
ভাতাৰ — মাইয়্যা ।

২। পুংলিঙ্গৰ পিছত ঈ প্ৰত্যয় ব্যবহাৰ কৰি :-
বামুণ — বামুণী ।
কালা — কালী কালটী ।
বড়ুআ — বড়ুআনী ।
বাঘ — বাঘিনী ।

৩। উভয় লিঙ্গৰ আগত বা পিছত পুং বা স্ত্ৰীবুজোৱা শব্দ ব্যৱহাৰ কৰি পুলিঙ্গ আৰু স্ত্ৰীলিঙ্গ কৰা হয়। :-
বেটা ছাওয়া — বেটী ছাওয়া ।
মাত্ৰা সাপ — মাত্ৰী সাপ ।

৪। সংস্কৃত মূলীয় শব্দৰ ক্ষেত্ৰত সংস্কৃত অসমীয়া বাংলা ব্যাকৰণত দেখিব পাৰে। :-
পত্থম — পত্থমা ।
গায়ক — গায়িকা ।
বৈষ্ণব — বৈষ্ণবী ।
ইন্দ্ৰ — ইন্দ্ৰাণী ।
গুণবান — গুণবতী ।

শব্দ বিভক্তি :-

১মা — এ, ই
২য়া — ক
৩য়া — দ্বাৰায়
৪র্থী — ক, জৈন্যে, বাদে
৫মী — থাকিয়া, থাকি
৬ষ্ঠী — এৰ
৭মী — ত, এ

কাল :-

বর্তমান কাল

একবচন — বহুবচন
* মুঁই ভাত খাং — আমা ভাত খাই
* তুই ভাত খাইস — তুমা ভাত খান (তুচ্ছার্থত)
* তুমা ভাত খান — তুমৰা ভাত খান (মান্যার্থত)
* অ'য় ভাত খায় — উমৰা ভাত খায়

ভূত কাল

একবচন — বহুবচন
* মুঁই ভাত খাছিলুং — আমা ভাত খাছিলেং
* তুই ভাত খাছিলি — তুমা ভাত খাছিলেন (নিম্নার্থত)
* তুমা ভাত খাছিলেন — তুমৰা ভাত খাছিলেন (মান্যার্থত)
* অ'য় ভাত খাছিল — উমৰা ভাত খাছিল

ভবিষ্যত্ কাল

একবচন — বহুবচন
* মুঁই ভাত খাইম — আমা ভাত খামু
* তুই ভাত খাবি — তুমা ভাত খাবেন (নিম্নার্থত)
* তুমা ভাত খাবেন — তুমৰা ভাত খাবেন (মান্যার্থত)
* অ'য় ভাত খাব — উমৰা ভাত খাব ।

শব্দ :-

১। সর্বনাম শব্দ

মই — মুঁই ।
তই, তুমি — তুই ।
আপুনি — তুমা, আপনি ।
তেওঁ/তাই — অ'য় ।
এওঁ — এয় ।
এইটো — এইটা ।
সেইটো — ঐটা ।
সিঁহত — উমা, উমৰা ।
তহঁত — তুমা, তুমৰা ।
আপোনালোক — তুমৰাগুলা ।

২। মানুহ বিষয়ক শব্দ

মানুহ — মানুষ, মানষি, লোক, ব্যক্তি ।
পুৰুষ — বেটাছাওয়া ।
মহিলা — বেটীছাওয়া ।
ল'ৰা — ছাওয়া ।
ছোৱালী — আপী, পুৰী ।
যুৱক — চেংৰা ।
যুৱতী — চেংৰী ।

৩। সম্বন্ধ

দেউতা — বাবা ।
ভনী — বৈনী ।
স্বামী — ভাতাৰ, আপাছাওয়া ।
পত্নী — মাইয়্যা, আপীছাওয়া ।
পুত্ৰ — বেটা, পুত্ৰ ।
কন্যা — বেটী, কন্যা ।
ককাদেউতা — আতা ।
আইতা — আবো ।
মাহী — মাসী ।
মহা — মাউশা ।
পেহী — পিসি ।
পেহা — পিসা ।
জোঁৱাই — জামাই ।
ককাই — দাদা ।
নবৌ — ভাউজী ।
বাইদেউ — দিদি ।
ভিনীহি — ভিন্সি, বৈনাই ।
খুৰা — কাকা ।
খুৰী — কাকী ।

৪। প্ৰাণী

জেঠীপোক — ঘেৰকেটী ।
কাছ — দূৰা, পানীমাছ ।
ভেকুলী — বেং ।
গাহৰী — শূঅঁৰ ।
মেকুৰী — বিলাই ।
চৰাই — পখী ।
কাউৰী — কাউঅ্যা ।
শালিকা — শাৰো, শাইল্কা ।
হাঁহ — হাঁস ।

৫। ফল:-

কঁঠাল — কাঠোল । আপেল — আফেল । তামোল — গুআ । মধুৰীআম — সপিৰাম, সুপাৰী ।
বগৰী — বৰাই ।
অমিতা — মধুফল, তমুল, প্যেপে, পাপিয়া ।
কল — কলা ।

৬। শাক-পাচলি :-

নহৰু — ৰসুন ।
বেঙেনা — বাইগন ।
ৰঙালাউ — মিঠালাউ । উৰহী — ছিমা ।
ভেণ্ডী — ঢেৰস ।

৭। মচলা:-

সৰিয়হ — সৈশা । জলকীয়া — মৰিচ । জালুক — গুলমৰিচ ।

৮। খাদ্যদ্ৰব্য:-

গাখীৰ — দুধ, খাউদা ।
জোল — ঝোঁল ।
গুড় — মিঠাই ।
মিঠাই — মিষ্টি ।
ব্যঞ্জন — বেজন ।
চেনি — চিনী ।
পানী — পানী, জল ।

৯। বাৰ মাহৰ নাম:-

বৈশাখ, জেঠ, আষাঢ়, শাওণ, ভাদৰ, আসিন, কাতি, আঘোণ, পুষ, মাঘ, ফাগুন, চৈত ।

১২। সাত বাৰৰ নাম

ৰবি, সোম, মঙল, বুধ, বিশুধ, শুকুৰ, শনি ।

১৩। ৰং:-

বগা — ধলা, সাদা । হালধীয়া — হলুধ ।
ৰঙা — লাল, নাল ।
ক'লা — কালা । সেউজীয়া — সবুজ ।

প্ৰশ্নবাচক বাক্য :-

১। আপুনি কি কৰি আছে ? - আপনি/তুমৰা কি কৰিয়া আছেন ?
২। তুমি যাবা নে ? - তুই যাবি না ?
৩। কোন আহিছে ? - কায় আইচ্ছে (আসিছে) ?
৪। তোমাৰ বয়স কিমান ? - তোৰ বয়স কতো ?
৫। তুমি কেতিয়া আহিলা ? - তুই কুনবেলা আচ্ছিস (আসছিস) ?
৬। মই যাব পাৰোনে ? - মুঁই যাবাৰ পাংনা ?
৭। অলপ সহায় কৰিব নেকি ? - অল্প সহায় কইৰ্বেন (কৰিবেন) নাকি ?
৮। অলপ সহায় কৰিবা নেকি ? - অল্প সহায় কৰ্বি (কৰিবি) নাকি ?
৯। তোমাৰ নাম কি ? - তোৰ নাম কি ?
১০। তুমি কোন শ্ৰেণীত পঢ়া ? - তুই কুন মানত (ক্লাসত) পঢ়িস ?
১১। মই ইয়াত বহিব পাৰোনে ? - মুঁই এঠেই বসিবাৰ পাংনা ?
১২। অনুগ্ৰহ কৰি মোক ক'বনে, তুলসীবিললৈ যোৱা বাট কোনটো ? - দয়া কৰিয়া মোক কবেন নাকি, তুলসীবিল যাওয়া ঘাটা (ৰাস্তা) কুনটা ?
১৩। বন্ধু, বৰষুণ আহিব পাৰে ! এটা ছাতি দিবা নেকি, কাইলৈ দি যাম ! - বাহে, ঝড়ি আসিবাৰ পায় ! আকটা (একটা) ছাতা দিবি নাকি, কালি দিয়া যাইম !
১৪। বাৰু, আপোনাৰ নামটো জানিব পাৰোনে ? - আচ্ছা, আপনাৰ নামটা জানিবাৰ পাংনা ?
১৫। ভিতৰলৈ সোমাব পাৰো নে ? - ভিতিৰাত সামাবাৰ পাংনা ?
১৬। হেল্ল', কোনে কৈ আছে ? - হেল্লো, কায় কয়া আছেন ?

সংক্ষেপে কামতাপুৰৰ লোক-সংস্কৃতি :-

কামতাপুৰৰ লোকসংস্কৃতিক প্ৰথমতে ধর্মৰ দিশত ভাগ কৰিব পাৰি। (১) হিন্দু ধর্মালম্বীৰ লোক সংস্কৃতি (২) ইছলাম ধর্মালম্বীৰ লোক সংস্কৃতি (৩) অন্যান্য ধর্মালম্বীৰ লোক সংস্কৃতি।হিন্দু ধর্মালম্বীৰ লোক সংস্কৃতিক ধর্মৰ ভিত্তিত প্ৰধানত তিনি ভাগত ভাগ কৰিব পাৰি শাক্ত ধর্মালম্বীৰ লোকসংস্কৃতি, শৈৱ ধর্মালম্বীৰ লোকসংস্কৃতি আৰু বৈষ্ণৱ ধর্মালম্বীৰ লোকসংস্কৃতি।

আনহাতে জাতিগত দিশতো কেবাভাগত ভাগ কৰিব পাৰি। কামতাপুৰৰ মূল অধিবাসী ৰাজবংশী সকলৰ লোকসংস্কৃতিৰ ভিতৰত হুদুম পূজা মাশান পূজা বাঁশ পূজা আদিৰ কথা উল্লেখ কৰিব পাৰি। ইয়াৰ বাহিৰে বিভিন্ন জনগোষ্টিৰ বিবাহ, মৃতকৰ সৎকাৰ কন্যাকাল আদি সংস্কাৰৰ লগতে ভেকুলীৰ বিয়া, নাওখেল আদিকো লোকসংস্কৃতিত ধৰিব পাৰি ।

কামতাপুৰৰ উমৈহতিয়া লোকসংস্কৃতিৰ ভিতৰত বিষুআ, পুষনা, ৰথযাত্ৰা, দূর্গাপূজা আদিৰ কথা উল্লেখ কৰিব পাৰি।

অন্যান্য অধিবাসী সকলৰ ভিতৰত বড়োসকলৰ বাথৌ পূজা আদিৰ কথা উল্লেখ কৰিব পাৰি।
######################

"একশৰণ ধর্ম, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বর্তমান সমাজ"
===============
ණ কন্দর্পজিৎ কল্লোল

মহাপুৰুষ শঙ্কৰদেৱে প্ৰচাৰ কৰা ধর্ম নির্গুণা ভক্তি সম্পন্ন ধর্ম । এই ধর্মত
কোনো কামনা বাসনা । আন কিছুমান ধর্মৰ দৰে নিজৰ মনোবাঞ্চা পূৰণৰ অর্থে জীৱ বলি দিয়াৰ
দৰে কুসংস্কাৰ একশৰণ ধর্মত নাই । চতুর্দশ শতিকাত অসমীয়া সমাজখন কুসংস্কাৰত ডুব গৈ আছিল । শঙ্কৰদেৱে তেতিয়াৰ অন্ধবিশ্বাসী সমাজ খনৰ লগত যুঁজ কৰি ধর্ম প্ৰতিষ্ঠা কৰোতে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল ।

তেখেতে প্ৰচাৰ কৰা ধর্ম নির্গুণ ভক্তিসম্পন্ন । অন্ধবিশ্বাস মুক্ত ।
"ভগৱন্তত যিজনে কোনো প্ৰকাৰ ফল কামনা নকৰি ভেদভাৱ ত্যাগ কৰি নামাপৰাধ শূন্য হৈ ভক্তি আচৰে, সেই ভক্তিকে নির্গুণা ভক্তি বোলা হয় ।" একশৰণ ধর্মৰ মূল কথা হ'ল-
"অন্য দেৱী দেৱ ___ নকৰিবা সেৱ/
নাখাইবা প্ৰসাদ তাৰ । /
মূর্ত্তিকো নচাইবা ___
গৃহো নপশিবা/
ভক্তি হৈব ব্যভিচাৰ ॥ (ভাগৱত,
দ্বিতীয় স্কন্ধ) ।

দ্বিতীয়তে শঙ্কৰদেৱে আনৰ ধর্মক নিন্দা কৰিবলৈ দিয়া নাই । নিজ ধর্ম একান্ত মনেৰে পালন কৰিবলৈহে কৈছে । এনে উদাৰ ধর্মপ্ৰচাৰক খুব
কমেই আছে । ডাঃ ৰাধাকৃষ্ণণেও কৈছে-
"Not the so-called gods, but true
living God, the Atman has to be worshipped. God's dwelling place is
the heart of man (Indian Philosophy, Vol. 1, page 146) । ভাৰতৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দার্শনিক ডাঃ সর্ব্বপল্লি ৰাধাকৃষ্ণণে শঙ্কৰদেৱ
সম্পর্কে কৈছে যে- "In Assam Sankara Deva was an apostle of Vaisnavism
who taught the worship of Sri Krishna, denounced idolatry, sacrificial
diety and caste structure of society." (Foreword to Nam-Ghosa, by H.M.
Das).

বৈষ্ণৱ ধর্মৰ মূল শ্লোকটো হ'ল- "যথা তৰোমূলনিষেচন" অর্থাৎ গছৰগুৰিত পানী নিদি পাতত বা ডালত পানী দিয়াটো যিদৰে অর্থহীন,ক্ষুধাতুৰক খাদ্য খাবলৈ নিদি অঙ্গ-প্ৰত্যঙ্গতলেপনকৰি দিয়াটো যেনেকৈ বলিয়ালি, ঠিকতেনেকৈ বিষ্ণুক উপাসনা নকৰি বা বিষুক উপাসনা কৰাৰ পিছতো অন্য দেৱ-দেৱীক পূজা কৰাটো তেনে নিৰর্থক আৰু বলিয়ালি । নানা দেৱ-দেৱীৰ উপাসনা কৰা কথাটোক উপনিষদেও সমর্থন কৰা নাই । ডাঃ শকুন্তলা শাস্ত্ৰীয়ে কৈছে-"There are thirteen Upanishadathat are important andrepresent themonothesistic thought ofIndia." (Bhavan's Jarnal, August 24, 1958)

যিয়ে ব্ৰহ্মত্ব জ্ঞান আহৰণ কৰিব পাৰে সিয়েহে প্ৰকৃত ব্ৰাহ্মণ ।জাতিগত ভাবে বামুণ হ'লেই ব্ৰাহ্মণ হ'বনোৱাৰে । কিয়নো জন্মতে কোনেও ব্ৰহ্মত্ব জ্ঞান অর্জন কৰি জন্মগ্ৰহণ নকৰে । এইক্ষেত্ৰত সাধু সুনন্দ দাসৰ এটা উক্তি ক'ব বিচাৰোঁ । তেখেতৰ মতে-
"দীপক জোয়ৌ বিপ্ৰঘৰ,
পুনি জোয়ৌ চাণ্ডাল
সুন্দৰ দোউ সদনকৌ,
তিমিৰ গয়ো তৎকাল ।"
অর্থাৎ- এটা দীপক জ্বলোৱা হ'ল এজন ব্ৰাহ্মণৰ ঘৰত আৰু আন এটা দীপক জ্বলোৱা হ'ল এজন চাণ্ডালৰ ঘৰত । দুয়োটা দীপকে ব্ৰাহ্মণ আৰু চাণ্ডালৰ ঘৰত অন্ধকাৰ সমানে দূৰ কৰিব ।

কিন্তু আজিৰ সমাজত শিক্ষিতৰ সংখ্যা বাঢ়িছে যদিও প্ৰকৃত শিক্ষিতৰ সংখ্যা নগন্য বুলি ভাবোঁ । আচলশিক্ষা হৃদয়তহে থাকে । প্ৰকৃত জ্ঞানেৰে শিক্ষিত হোৱা ব্যক্তিৰ সংখ্যা কম বাবেই আজিৰ যুগত হিংসাত্মক কার্যকলাপ বেছিকৈ দেখিবলৈ পোৱা যায় । বাতৰি কাকত মেলিলেই প্ৰথমে হত্যাৰ বাতৰি । নিউজ চেনেল খুলিলেই হত্যা, ধর্ষণ, অসামাজিক কামৰ বাতৰি ।

একশৰণ ধর্ম এনে এটা ধর্ম যিটো জাতি বর্ণ নির্ব্বিশেষে সকলো মনুষ্যই গ্ৰহণ কৰিব পাৰে । অর্থাৎ মানৱতাবাদী ধর্ম । বহুতেই কয় যে ধর্মৰ লগত বিজ্ঞানৰ সম্পর্ক নাই । কিন্তু এয়া প্ৰকৃততে সঁচা কথা নহয় । ন্যায়শাস্ত্ৰত আছে- "জ্ঞানবিয়বং জ্ঞানম্ অনুভৱঃ । অর্থাৎ- কোনো এটা জ্ঞান বাহিৰৰ পৰা পোৱাৰ পিছত সেই জ্ঞানটোক বিষয়কৰি অন্তৰতে আৰু এটা জ্ঞান তদনুৰূপে অনুভূতি কৰাকে বিজ্ঞান বোলা হয় । একশৰণ ধর্মমতে প্ৰাণী হিংসা আৰু জীৱহত্যা মহাপাপ । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কৈছে: "কুক্কুৰ, শৃগাল, গর্দভৰো আত্মাৰাম। / জানিয়া সবাকো কৰিবা প্ৰণাম ।" একশৰণ ভাগৱতী ধর্মৰ মতে নৰহত্যা জঘন্য অপৰাধ ।এতিয়া প্ৰশ্ন আহি পৰে যে আপোনাক যদি কোনোবাই আক্ৰমণ কৰিবলৈ আহে তেতিয়া আপুনি গা পাতি দিব নেকি ? নাইবা বিদেশীয়ে আমাৰ দেশক আক্ৰমণ কৰিলে আমি হাত সাবটি বহি থাকিম জানো ?
এইক্ষেত্ৰত ধর্মই কৈছে যে আততায়ী ব্যক্তিক হত্যা কৰাত পাপ নাই । অর্জুনে যেতিয়া কুৰক্ষেত্ৰৰ যুদ্ধ বর্জন কৰিব বিচাৰিছিল তেতিয়া শ্ৰীকৃষই কৈছিল যে আততায়ীক বোধ কৰাত একো পাপ নাই । এতিয়া প্ৰশ্ন হয় আততায়ী কোন ? ধর্মীয় শাস্ত্ৰ মতে আততায়ী ছবিধ -
(১) যিজনে ঘৰত জুই দিবলৈ আহে বা জুই দিয়ে ।
(২) যিজনে খাদ্যাদিত বিষ আদি দিব'লৈ আহে বা মিহলি কৰি দিয়ে ।
(৩) যিজনে হাতত অস্ত্ৰলৈ আক্ৰমণ কৰিবলৈ খেদি আহে ।
(৪)যিজনে সঞ্চিত ধন হৰণ কৰিবলৈ আহে বা আনৰ ধন চুৰ কৰে ।
(৫)যিজনে খেতি বা মাটি বলেৰে নিব'লৈ আহে বা নিয়ে । আৰু
(৬) যিজনে পত্নীহৰণ কৰিবলৈ আহে বা হৰণ কৰি লৈ যায় ।

শ্ৰীকৃষ্ণই অর্জুনক কৈছে "যো নহৃষ্যতি ন দ্বেষ্টি ন শোচতি নকাঙ্ক্ষতি । শুভাশুভপৰিত্যাগী ভক্তিমান্ যঃ সমে প্ৰিয়ঃ ॥" অর্থাৎ - যি কেতিয়াও হর্ষিত নহয়, যিয়ে কেতিয়াও দ্বেষ (হিংসা) নকৰে, কেতিয়াও শোক নকৰে, যাৰ কামনা-বাসনা নাই, তথা যিয়ে শুভ-অশুভ সকলো কর্মত্যাগ কৰিছে, সেই ভক্তিমানজন মোৰ প্ৰিয় ॥ (শ্ৰীমদ্ভগৱদগীতা, অধ্যায় ১২,শ্লোক নং ১৭) ॥

বর্তমান অসমীয়া সমাজৰ বহুত অভিযাত্য পৰিয়ালে শঙ্কৰদেৱ প্ৰচাৰিত মহান ধর্মলৈ দৃষ্টি নিদি খ্ৰীষ্টান ধর্মগ্ৰহণ কৰা দেখা যায় । এইক্ষেত্ৰত ক'ব পাৰি যে- "শ্ৰেয়ানস্বধর্মো ৱিগুণঃ পৰধর্মাৎস্বনুষ্ঠিতাৎ । স্বভাৱনিয়তং কর্মকুর্ৱন্নাপ্নোতি কিল্বিষম্ ॥" অর্থাৎ- কুশলতাৰে অনুষ্ঠিত আনৰ ধর্মতকৈ গুণৰহিত হৈও নিজৰ ধর্ম শ্ৰেষ্ঠ, কাৰণ নিজৰ স্বভাৱ অনুযায়ী নির্ধাৰিত স্বধর্ম ৰূপ কর্তব্য কৰি থকা মনুষ্যৰ কেতিয়াও পাপ নহয় ॥ (শ্ৰীমদ্ভগৱদগীতা, অধ্যায় ১৮, শ্লোক নং ৪৭) ॥

শ্ৰীকৃষ্ণই অর্জুনক কৈছে- "সহজং কর্ম কৌন্তেয় সদোষমপি নত্যজেৎ । সর্ৱাৰম্ভা হি দোষেণ ধূমেনাগ্নিৰিৱাবৃতাঃ ॥" অর্থাৎ-- গতিকে, হে কুন্তীপুত্ৰ ! দোষযুক্ত হ'লেও স্বভাৱজ কর্ম কেতিয়াও ত্যাগ কৰিব নালাগে । কাৰণ, জুইত ধোঁৱা থকাৰ দৰে কর্মত কিবা নহয়কিবা দোষ থাকিবই ॥ (শ্ৰীমদ্ভগৱদগীতা, অধ্যায় ১৮, শ্লোক নং ৪৮) ॥
শ্ৰীমদ্ভগৱদগীতাৰ প্ৰতিটো কথাই গুৰুত্বপূর্ণ । সেয়ে শ্ৰীমদ্ভগৱদগীতাঅধ্যায়ণ কৰাটো অতি প্ৰয়োজনীয় ।

মাধৱকন্দলিৰ ৰামায়ণৰ আদি আৰু উত্তৰা কাণ্ড বিলুপ্ত হোৱাত শঙ্কৰদেৱৰ কথামতে মাধৱদেৱে আদি কাণ্ড অনুবাদ কৰে । শঙ্কৰদেৱে নিজে উত্তৰা কণ্ড অনুবাদ কৰে । মাধৱকন্দলী ৰচিত ৰামায়ণখনে আর্য্য গোষ্ঠীৰ ভাষাৰ ভিতৰত প্ৰথম অনূদিত ৰামায়ণ । অসমীয়া ৰামায়ণ ৰচনাৰ প্ৰায় ১৫০ বছৰ পিছতহে বাংলা কবি কৃত্তিবাসে বাংলালৈ অনুবাদ কৰে । কিন্তু দুর্ভাগ্যৰ বিষয় এয়া যে একবিংশ শতিকাত আমি বাংলা ভাষাত কৈ পিছপৰি আছোঁ । লগতে আন এটা দুখৰ কথা এয়া যে যিজন মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে আমাক ধর্ম, সাহিত্য, সংস্কৃতি আদি সকলো দি গ'ল সেইজন মহাপুৰুষৰ সৃষ্টি "বৃন্দাবনী বস্ত্ৰ" খন আমি লণ্ডনৰ পৰা ঘূৰাই আনিব নোৱাৰিলোঁ । চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ নলোৱাটো অতি পৰিতাপৰ বিষয় ।

শেষত যুৱচামক কওঁ যে শঙ্কৰদেৱ, মাধৱদেৱ আদি বৈষ্ণৱ পণ্ডিতসমূহে লিখা বৈষ্ণৱ সাহিত্য পঢ়ক । আৰু আশা কৰোঁ তেতিয়া যুৱ উচ্ছৃঙ্খলতা, হত্যা, ধর্ষণ আদিৰ দৰে অপকর্মৰ পৰা অসমীয়া সমাজ দূৰত থাকিব পাৰিব । অন্যথায় পাশ্চাত্য সংস্কৃতিয়ে আমাৰ বিনাশ ঘটাব । পাশ্চাত্য সংস্কৃতি গ্ৰহণ কৰিলে আমি এদিন নিজৰ অস্তিত্ব হেৰুৱাই পেলাব লাগিব ।

বিঃদ্ৰঃ - প্ৰৱন্ধটোত কিবা ভুলৰৈ গ'লে আপোনালোকে নিজগুণে ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ । লগতে জনাওঁযে এই লেখাটো লিখিবলৈ অনুপ্ৰাণিত কৰিছে ৰাজ ৰিংকুল মণি কোঁৱৰ আৰু তেওঁৰ দেউতাকে । ৰাজলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ । তথা ৰাজৰ দেউতাকলৈ, পাঠক সমাজলৈ আৰু ঈশ্বৰলৈ মহাপুৰুষ মাধৱদেৱ বিৰচিত
"নাম-ঘোষা"ৰ ৭১নং ঘোষাটোৰে সেৱা জনাই লেখাটোৰ সামৰণি মাৰিলোঁ--
"অপৰাধ বিনাশন
তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণে ।
আন গতি নাহিকে মৰণে ।
অপৰাধ ক্ষমা কৰি
তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে ॥"

সহায়ক গ্ৰন্থ:-
==========
১। অসমৰ বৈষ্ণৱ দর্শনৰ স্বর্ণৰেখা - সোণাৰাম চুতীয়া ।
২। একশৰণ ভাগৱতী ধর্ম্ম - ভুৱনচন্দ্ৰ ভূঞাঁ ।
৩। শ্ৰীমদ্ভগৱদগীতা- গীতা প্ৰেছ ।
৪। নাম-ঘোষা - মহাপুৰুষ মাধৱদেৱ-বিৰচিত,শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘ ।

("ভক্তি নিজৰা"ত প্ৰকাশিত)
########################

• অনুভৱ (বিষয়: ধর্ম, জাতিভেদ ইত্যাদি) •

ধর্মৰ নামৰ প্ৰতিদিনে হত্যা কৰা হয় মানুহ । জাতিৰ নামত হত্যা
কৰা হয় মানুহ । কিন্তু যেতিয়া এজন ব্যক্তিক জীয়াই তুলিবলৈ
তেজৰ প্ৰয়োজন হয় তেতিয়া ব্লাড গ্ৰুপৰ
কথাহে আহি পৰে ।
সেয়া হিন্দুৰ তেজ নে ইছলামৰ তেজ,
সেয়া খ্ৰীষ্টানৰ তেজ নে বৌদ্ধৰ তেজ ......
সেয়া বামুণৰ তেজ নে নাপিতৰ তেজ,
সেয়া ৰাজবংশীৰ তেজ
নে মাছমৰীয়াৰ তেজ, সেয়া বড়োৰ তেজ নে চাওতালৰ তেজ,
সেয়া কলিতাৰ তেজ নে নাথৰ তেজ ......
তেতিয়া এইবোৰ কথা উত্থাপন নহয় ।
এটা জাতিৰ ব্যক্তিয়ে
যদি আন এটা জাতিৰ তেজলৈ জীয়াই থাকিব পাৰে, এটা ধর্মৰ
ব্যক্তিয়ে যদি আন এটা ধর্মৰ ব্যক্তিৰ তেজলৈ জীয়াই থাকিব পাৰে, তাতে যদি কোনো
বাধ্য-বাধ্যকতা নাই,
কিন্তু সামাজিকতাৰ ক্ষেত্ৰত কিয় বাধ্য-বাধকতা ?
হয়তো এই প্ৰশ্নৰ উত্তৰ কোনেও দিব নোৱাৰিব । তাৰ পিছতো কিন্তু
নীতি-নিয়মৰ দোহাই দি জাতি-ধর্ম-ভাষাৰ নামত কাজিয়াৰ সৃষ্টি কৰিয়েই থাকিব । হায়ৰে নীতি-নিয়ম, কোনেযে এইবোৰ সৃষ্টি কৰিছে !

ණ কন্দর্পজিৎ কল্লোল
#####################
• বিষয়: ধর্ম, জাতিভেদ ইত্যাদি (২) লগতে কেইটামান কাহিনী •

সময় ! সময়ত জাতিৰ ধর্মৰ নামত থকা ভেদাভেদ সলনি হ'বই । নগৰাঞ্চলত ভেদাভেদ কমিছে । গ্ৰাম্যাঞ্চলতো আগতকৈ কিছু কমিছে । সম্পূর্ণৰূপে ভেদাভেদ নহোৱা হ'বলৈ আৰু হয়তো ৩০ৰ পৰা ৫০ বছৰমান লাগিব । মই তিনিজনী মুছলমান ছোৱালীক ভালপাইছিলোঁ । এজনীক কেতিয়াও ক'ব পৰা নাছিলোঁ । এজনীক কৈছিলোঁ যদিও তাইৰ পক্ষে মোক ভালপোৱাটো সম্ভৱ নাছিল । মোক ভালদৰেই বুজাই কৈছিল । আন এজনী মুছলমান ছোৱালীয়ে মোক ভালপাইছিল । কিন্তু সমাজৰ এই বাধাৰ বাবেই কথাটো খুলি ক'ব পৰা নাছিল । এসময়ত মদ্যপান আমাৰ অঞ্চলত নিষিদ্ধ আছিল । আজি সেইটো নাই । গাহৰীৰ মাংস খোৱাৰ অপৰাধত দুজন ব্যক্তিক মন্দিৰত সুমাবলৈ নিদিছিল । এতিয়া ৫০% কলিতা মানুহে গাহৰী খায় । বজাৰত মুছলমানে হালাল কৰা ছাগলী খায় । আজিৰ পৰা প্ৰায় ৪০ বছৰ মান আগৰ দুটা ঘটনা আজি ক'ম । এটা হ'ল মোৰ আতাৰ । আতা মানে ককাদেউতা । মোৰ বাবাৰ (দেউতাৰ) কাকা (খুড়া) । মোৰ আতাহঁত ৫ ভাই আছিল ।৪ জন অশিক্ষিত বুলি ক'ব পাৰি । সৰুজন দশম শ্ৰেণীলৈকে পঢ়া । আমাৰ অঞ্চলত তেওঁ প্ৰথম মুর্গী/ কুকুৰাৰ মাংস খোৱা ব্যক্তি । তাৰ বাবে বামুণ মাতি প্ৰায়চিত্ত কৰাইছিল । তেওঁ তেতিয়া অলপ বলিয়া আছিল । প্ৰায়চিত্তৰ সময়ত বামুণক কৈছিল "এবাৰেই প্ৰায়চিত্ত কৰাব যেন পিছত আকৌ খাব পাৰোঁ" । এতিয়া আমাৰ অঞ্চলৰ ৯৯% কলিতা মানুহে কুকুৰাৰ মাংস খায় । অৱশেষত সম্পূর্ণৰূপে পগলাহৈ তেওঁ মৰি থাকিল । তেওঁ ইংৰাজীত পাকৈত আছিল । ফুটবল খেলত পাকৈত আছিল । দুভৰিতে আছিল যাদু । মানুহজন পগলা হোৱাৰ কাৰণ হ'ল- তেওঁ বৰপেটাত চাকৰী কৰিছিল । বাকী চাৰিজন ভাই কৃষক । তাতে প্ৰেমত পৰিলে এজনী ৰাজবংশী ছোৱালীৰ । সামাজিক বাধাৰ বাবে বিয়া কৰিব নোৱাৰি পগলা হ'ল । বর্তমান আমাৰ গাঁওত ৭/৮ জনী ৰাজবংশী নাৰী আছে । মই নিজেও ৰাজবংশী বিয়া কৰাইছোঁ । ঘটনা ২: আমাৰ ওচৰৰ গাঁওৰ এজন ব্যক্তি । সিয়ো বাহিৰত চাকৰি কৰিছিল । তাতে এজনী ছোৱালীক ভালপাইছিল । কলিতা ছোৱালী । তথাপিও এই অঞ্চলৰ কলিতা সমাজৰ মুখীয়াল জনৰ আদেশ মর্মে বিয়া পাতিব নোৱাৰিলে । তেওঁৰ ভাষ্য আছিল এয়া যে "আমি বৰকলিতা, সিহঁত সৰুকলিতা" । এতিয়া সেই মুখীয়াল ব্যক্তিজন নাই । থকাহ'লে খুব ভালপালোঁহেঁতেন । তেওঁৰ নাতি দেৱজিৎ মজুমদাৰ । অসমীয়া ছবি জগতৰ অভিনেতা । দেৱজিৎ মজুমদাৰে বিয়া পাতিছে মুছলমান ছোৱালীক । কেতিয়াবা গাঁওৰ ঘৰলৈও আহে । ডাঙৰ মানুহ হোৱা বাবে কোনেও একো ক'ব নোৱাৰে । আমাৰ দৰে সৰু মানুহ হোৱাহ'লে কথাটো বেলেগ দিশলৈ গ'লহেঁতেন । যিয়েই নহওঁক ৪০ বছৰ আগৰ সমাজখন এতিয়া নাই । এতিয়া আমাৰ কলিতা ল'ৰাই ৰাজবংশী, নাথ, বড়ো, ৰাভা, গাৰো, নেপালী আদি জাতিৰ ছোৱালীক বিয়া পাতিব পাৰে । কলিতা ছোৱালীও বিভিন্ন জাতিৰ ল'ৰাৰ লগত সামাজিক ভাবেই বিয়াহৈ আছে । মুছলমান বা খ্ৰীষ্টানৰ ক্ষেত্ৰত এতিয়াও গ্ৰাম্যাঞ্চলত নিষেধাজ্ঞা আছে । হয়তো ৪০/৫০ বছৰ পিছত এয়াও নহোৱা হ'ব ।
#####################


• এই সহরের আমি একজন দুর্ভিক্ষ সদাগর •

আমার সাৰ্টের নিচদিয়ে
টোপটোপ করে রক্ত ঝ'ড়ে
এই সহরের আমি একজন দুর্ভিক্ষ সদাগর

হলুধ হয়ে উঠে আমার দুখ্যের চাঁদ
এই সহরের আমি একজন দুর্ভিক্ষ সদাগর

রক্তের বিন্দুগুলি লবনের মতো স্বাদ
বুকের বিষাদগুলি সবুজ
এই সহরের আমি একজন দুর্ভিক্ষ সদাগর

এই সহর ছিল আমার
মাতাল রাতের গান
এখন গানগুলিও ধানের পাতান

এই সহরে সন্ধ্যা সন্ধ্যা
দুষ্টু মেয়ের মিষ্টি হাঁসি
এই সহরের আমি একজন দুর্ভিক্ষ সদাগর

এই সহরের পথ
সাপের মতো আঁকা-বাঁকা
সাৰ্টের ভেতর পৰ্যন্ত প্রবেশ করে
দংশন করে কইলজা

সত্যি
এই সহরের আমি একজন
দুর্ভিক্ষ সদাগর !
ණ কন্দর্পজিৎ কল্লোল
###################
অনুভবের টুকরো
(১)

যেখানেই শুরু
সেখানেই শেষ
তোমার ও আমার মধ্যে তবু
প্রেমের সম্পর্ক অনেক

(২)

যখন থেকে আমার
জীবনের সাথে অরি
তখন থেকেই আমি
মদিরার প্রেমে পরি !

ණ কন্দর্পজিৎ কল্লোল
###################

"চামেলী,
তোৰ দেহাৰ
ভাঁজে ভাঁজে
ফাগুন না আগুন"
===============

তোৰ চুল উড়া হাওয়াৰ
ৰংগীন ফাগুন
হামাৰ মনে লাগাই দেলি তুই
কিসেৰ আগুন !

আগুনতো জ্বলে ছাই হয়ে যাবেক
ফাগুনতো চলি চৈত্ৰ আসিবেক
আৰ তুই লাগাই দেওয়া
মনেৰ আগুন
না নিভাইতে পাৰবি
না জ্বলাই ৰাখতে পাৰবি
খালি পুৰি পুৰি ছাই হয়ে যাবি
আৰ তুই দূৰ সে খিলখিল হাঁসি দেইকে
চলে যাইবিক

মুঁই ফাগুন না আগুন !

তোৰ দিল মে মুঁই ভি
লাগাই দেবি
ৰংগেৰ দাগ
বদনেৰ দাগ ধুই দেলে চাফা
দিলেৰ দাগ কিকৰে মিটাইবি

যেই দিন সে
তোৰ নেয়না মে কাজল
ঐ দিন সে
হামাৰ ছাতিটা ঘায়ল

যেই দিন সে
ফাগুনেৰ হাওয়ায় উড়ে তোৰ চুল
ঐ দিন সে
তুয়ে হামাৰ জীবনেৰ মূল

কবিতা
কি কবিতা
কিসেৰ কবিতা
বাদ দেলি কবিতাৰ ভাষা
এখন আয়,
ৰেস্তোৰায় বসি
প্ৰাণেৰ কথা খুলকে বলি

এই চামেলী,
তোৰ দিল টা দে
হামাৰ দিল টা নে

অ' অ' অ'
হামাৰ দিলটা নেইকে
তুই আবাৰ কি কৰবিক
যেই দিন সে
তোৰ দেহাৰ ভাঁজত
প্ৰেমেৰ ফাগুন
ঐ দিন সে
হামাৰ বুকে আগুন

অ...ই চা...মে...লী
তোৰ বদন মে
মুঁই ভি লাগাই দেবি আগ ৰে... !

ණ কন্দর্পজিৎ কল্লোল
#####################
ৰাগিণী 4Y
=======

সোণকোষেৰ পাৰেৰ সপোনগুলান
সোণালী সূতাৰে
নামিয়া আসিয়া আসিয়া
ঝুলিয়া ৰ'য়া আছে
তামস নদীৰ পাৰঘাটত

তোৰ সপোন
মোৰ আঁসি
মোৰ সপোন
তোৰ নষ্ট হাঁসি

পাৰহোয়া আসিয়া আসিয়া
আমা দুয়োজনে
সাৰেং পখীৰ
গলাপয্যন্ত অৰিষ্ট

উটেৰ মতো গলা মেলিয়া
নামিয়া আইসে আকটা
অশিষ্ট সপোন

সপোন থাকে মানে
আঘোণেৰ পাথাৰত
সোণেলী শালিধান

সপোন ভাঙিয়া গেইলে
গানগুলা ধানেৰ পতান

সপোন ভাঙিয়া যাৱাৰ আগতে
আইসেক আকবাৰ
গাওধুইয়া নেই

বিঃদ্ৰঃ ১ - "আখান নদীত দুইবাৰ গাওধুৱা নাযায়"

বিঃ দ্ৰঃ ২ -
তুই পাসুৰিয়া গেছিস । কিন্তু মুঁই পাসুৰুং নাই । আজি আমাৰ যুগ্ম জীবনেৰ চতুৰ্থ বছৰ । তোক দিবাৰতো

মোৰ কিছুই নাই । এই কবিতাটাকে নে ।
আৰ্ ....... আৰ্ ....... আৰ্ .......

আৰ্ কি কৰিস, কৰিস যা !
কবিতাটা ধুইয়া পানী খা ! B-)

ණ কন্দৰ্পজিৎ কল্লোল
#########################
"বড়াই ফৈল্ছেনা
কিচ্ছাৰ চেংৰী"
===========

বড়াই ফৈল্ছেনা কিচ্ছাৰ চেংৰী
বাইৰ্ষাৰ শেষত মোৰ কথা মনত
পৈৰ্ছেনা কিচ্ছাৰ চেংৰী
তোৰ বুকেৰ নিজানত

মুঁই জানুং, -
বাইৰ্ষা ভোলানাথেৰ ভূঁই ৰুয়া
আল্সিয়া তোৰ এই দেহা
অল্পখানিক দুখ্যো পাইলেয়
গালে-মুখে ফলে বড়াই-জেদ

পাছে তুই কী জানিসনা কিচ্ছাৰ চেংৰী
মোৰ বুকত কি ফুল ফুলে
তোক নাদেখিলে..
(ভয় লাগে - তোক
যুদি কাড়িয়া নেয় অন্যয় !)

ছাওয়াবেলাত
বড়াই বড়াই খেলাছিলেং আমা
তুই পাকা বড়াই
মুঁই অ'ৰে পহৰাদাৰ
আৰ্ আকদিন ৰাজাৰ বেটায় ছিঙাবাৰ চাওয়াতে
মুঁই যে হাতে-ঠেঙে ফৰ্কাছিলুং অ'ক
বেছেৰা ৰাজাৰ বেটা !
আক দিব্যি, দুই দিব্যি
তিন দিব্যি খায়া -
অ'য় যে আৰ্ কুনোদিনে নাহোছিল আমাৰ বড়াই খেলাৰ লগ

তাৰপৰে তুই খুব কান্দিলি কিচ্ছাৰ চেংৰী
কান্দিয়া কান্দিয়া
চোঁখত ফুলালি মস্ত বড়াই দুইটা
বুকত আখান বড়াই-বাগান

আৰ্ তখনেৰ থাকিয়ায় মুঁই
আকঝাপা কাঁটা হোয়া বাছিয়া
আছুং কিচ্ছাৰ চেংৰী
তোৰ বুকেৰ বড়াই-বাগানত

* মূল : ৰুবুল দাস
* বুলিবদল : কন্দৰ্পজিৎ কল্লোল
####################
লং ড্ৰাইভত ৰবীন্দ্ৰনাথ
==============

লং ড্ৰাইভত বিৰাইছে
ৰবীন্দ্ৰনাথ,
অ'কে সেলাম ঠুকছে
ঘাটাৰ পাশেৰ গাছগুলায় ।
ফুলগুলায়,
সম্ভাষণ জানাইছে
বুড়া পাহাড়েৰ পাথৰগুলায় ।

ৰবীন্দ্ৰনাথেৰ ঠোঁটত সিগেৰেট, গত ৰাইতেৰ নেশাৰ খানিকটা দুইচোঁখেৰ আবেশত
পথ চলতি লোকগুলায় দেখে ৰবীন্দ্ৰনাথেৰ এলটো কাৰ,
বেপৰোয়া চাল চলন
ঐ যে , কাণত মোবাইল নিয়া ড্ৰাইভিং সিটত ৰবীন্দ্ৰনাথ,
কাৰেৰ স্টিৰিওতে ধুমধাম
মিউজিক
নচিকেতাৰ গান,
ট্ৰাফিক জ্যামত মন্থৰ ৰবীন্দ্ৰনাথেৰ গাড়ী

মালিগাঁওয়েৰ আকটা ধাবাত থামিয়া যায় ৰবীন্দ্ৰনাথেৰ কাৰ,
ধাবাৰ ভিতৰাত আকটা ইন্টাৰভ্যুৰ আশাত নীলিম কুমাৰ
কাউণ্টাৰত দুই প্লেট পৰ্ক,
আৰ্ আকটা ব্লেন্ডাৰস প্ৰাইড
ফুল অৰ্ডাৰ দিয়া
সিট টানিয়া বসিয়াপড়ে ৰবীন্দ্ৰনাথ,
বিস্মিত নীলিম কুমাৰ,
দুইপেগ টানিয়া কয়,
দাদা, আকটা কবিতা শুনান
ধুৰ কবিতা !!
বিৰক্তিতে মুখ কোঁচায় ৰবীন্দ্ৰনাথ ।
বিৰবিৰিয়ে কয়,
দুনিয়াতে যত্তসব টাকাৰ
ধান্দা !
তাৰ থাকিয়া কোন এই ৰাজ্যত
কী কিছু ম্যানেজ কৰা যাইবে,
এন আৰ এইচ এমেৰ বাজাৰ
শুনছুং বেশ ভালা
বৈন্যাৰ ঠিকাতেও বুলে অঢেল
টাকা,
পি ডাব্লিউ ডি-ৰ খবৰ কি, পেপাৰেৰ বিজনেসও মন্দ
নাহায় !
আশ্চৰ্যচকিত হৈয়া যায় নীলিম
কুমাৰ,
এ কি কৈছে ৰবীন্দ্ৰনাথ !
কি কৈছে এইগুলা ?

এই কী ঐ ৰবীন্দ্ৰনাথ
যায় কবিতা লেখছিলেক,
গীতাঞ্জলি, দ্য সং অফাৰিংস
‘মানুষেৰ প্ৰতি বিশ্বাস
হাৰানো পাপ !’
আঁহঃ ! কি পৰিবৰ্তন,
বেশ ! বেশ!
মুড অফ হয়ে যায় ৰবীন্দ্ৰনাথেৰ ।
কি কবিতা,
কুঠৈ কবিতা,
কিসেৰ কবিতা !
এই পাগলে কয় কি !
ছাড়েকতো তোৰ প্ৰলাপ,
কবিতাতে কী কিছু পাল্টায় ?
কল্পনাৰসিকেৰ বাজে কালচাৰ! কাৰ জন্যে কবিতা ?
নিৰন্ন মানুষেৰ পেট নাভৰে কবিতাতে
সোনাগাছিৰ
বেশ্যাগুলায় কাবিতা লেখে ভদ্ৰ মানুষেৰ,
বৈন্যাত ধোওয়া ধেমাজী কবিতা লেখে ৰাজনীতিৰ মানুষেৰ
সংঘৰ্ষত নিহতেৰ আত্মীয়গুলায় লেখে
শোকেৰ স্বৰলিপি,
কবিতাৰ বিষাদ

বিব্ৰত, বিমূঢ় নীলিম
কুমাৰক ছাড়িয়া চলিয়া আসে ৰবীন্দ্ৰনাথ ।
আৰো,
আৰোও ড্ৰাইভিঙত ৰবীন্দ্ৰনাথ
এইবাৰ ৰবীন্দ্ৰনাথেৰ ঠোঁটত শিস,
এইবাৰে ৰবীন্দ্ৰনাথেৰ
ড্ৰাইভিঙত বসন্ত,
ব্ৰেক মাৰে, স্পীড বাড়ায়
ধীৰে ধীৰে খুলিয়া যায়
ৰবীন্দ্ৰনাথেৰ মুখা,
ভিজিয়া আইসে ৰবীন্দ্ৰনাথেৰ
দুয়োটা চোঁখ,
ঘাটাৰ পাশত খাড়া কৰায় গাড়ী
স্টিয়াৰিঙত মুখ ৰাখিয়া হুঁ হুঁ
কৰিয়া কান্দে ৰবীন্দ্ৰনাথ,
হুঁ হুঁ কৰিয়া কান্দে,
হুঁ হুঁ কৰিয়া কান্দে
কেনে কান্দে ৰবীন্দ্ৰনাথ ?
কেনে কান্দে, কেনে কান্দে
এতোদিন কী তাহৈলে ৰবীন্দ্ৰনাথ আকলা আছিলেক, নিৰ্বাসিত আছিলেক,
আছিলেক বিপন্ন আৰ্ ক্লান্ত !
মৰিয়া যাওয়া ৰবীন্দ্ৰনাথ
কুঠৈৰ থাকিয়া আসছিলেক,
কুঠৈ কাটায়ছিলেক দিনগুলান, কি খাছিলেক,
কুঠৈ ঘূমাইছিলেক এতোদিন
কী বিশ্বকবি কবিতা লেখছিলেক,
কফিহাউসেৰ
আড্ডাতে কী আছিলেক অ'য়
নাটক দেখছিলেক,
পড়ছিলেক খবৰেৰ কাগজ, ধৰ্ষণ বলাৎকাৰেৰ ছবিৰগুলান কী অ'ৰ সকালবেলাগুলানত গিলছিলেক ?

গত ৰাইতে স্বপ্নত ৰবীন্দ্ৰনাথ,
লং ড্ৰাইভত ৰবীন্দ্ৰনাথ,
ঘাটৰ পাশত গাড়ী খাড়া কৰিয়া কান্দিছিলেক
পথ চলতি লোকগুলায় দেখছিলেক ঐ দৃশ্য,
সিনেমাৰ মতো পাৰ হৈয়া যাচ্ছিলেক ঐ দৃশ্য
আৰ্ মিলিয়া যাচ্ছিলেক ৰবীন্দ্ৰনাথ
লং ড্ৰাইভে আসছিলেক
আৰ্ ঘাটাৰ পাশেৰ গাছগুলায়,
ফুলগুলায়
অ'ক সেলাম ঠুকছিল
সাৰা ৰাইত ধৰিয়া
লং ড্ৰাইভত আসছিলেক
ৰবীন্দ্ৰনাথ,
আৰ্ ভোৰবেলা চলিয়া গেছিলেক

আৰো কী কুনোদিন আসিবেক,
লং ড্ৰাইভত ৰবীন্দ্ৰনাথ

* মূল : বিকাশজ্যোতি শইকীয়া
* বুলিবদল : কন্দৰ্পজিৎ কল্লোল
#####################
যেঠেই যাং অ'ঠেই নিযা যাং
তোৰ মৃতদেহ
===============

মুঁই নষ্ট শিব
সতী, যেঠেই যাং অ'ঠেই নিযা যাং
তোৰ মৃতদেহ

সতী, তুই কি বুজবি
মোৰ বুকেৰ ব্যেথা
সতী, তুই কি বুজবি
মোৰ বুকেৰ জ্বালা

সতী, তুই হীনতাত টান দেং
ছিলিমত
ধোঙা আৰ্ ধোঙা
ধোঙাৰ মৈদ্ধত ডুবিয়া
তোৰ শৰীৰেৰ ছবি আকাং

মুঁই নষ্ট শিব
ছিলিমত টান দেং
ধোঙাৰ মৈদ্ধত নিজকে হাৰাং

তোৰ বাপ দক্ষ মহাৰাজ
কি বাল বুজিব মোৰ মনেৰ কথা
মুঁই জামাই তো ধঙুআ
ধঙুআ মাতাল
দুখ্য লাইগলে ছিলিমতে দেং টান
তাৰ পৰেও সতী তোক
তোকেই মুঁই ভালাপাং

মুঁই নষ্ট শিব
অল্পতে খুশি
যায যি চায়
তাকেয় দেং বুক উজৰিয়া
দিয়া দিয়া নিস্ব
নিজেৰ কিছুই নাই
নিদ্ৰাহীনতাই আমৰা
দিন কাটাই

কৈলাসত তুই নাই
তুই এলা আকটা শ
মুঁই অৰেয় বেআলো

বেআলোত মাতাল হং
ঘাৰত তুলুং তোৰ মৃতদেহ
যেঠেই যাং অ'ঠেই নিযা যাং

তোৰ শাখা খসে খসুক
তোৰ নাক পৰে পৰুক
তোৰ কাণ ছিড়ে ছিড়ুক
তোৰ মাধা ভাঙে ভাঙুক
খালি তোৰ কইল্জাটা থাইকেলয় হয়
যাক মুঁই ভালাপাং
যাৰ জৈন্যে মুঁই
দিন আৰ ৰাইত কাটাং

ණ কন্দৰ্পজিৎ কল্লোল
#################
"তোৰ প্ৰেমত মুঁই কুন
বালেশ্ব বাল হৰিদাস পাল"

ৰাইত ৰাইত আগুন জ্বলে
আগুন জ্বলে না নিমে !

ফাগুন ফাগুন চোঁখত আগুন
আগুনতো বুকেৰ ভিতৰাত
আৰ কি বাল পুৰিব মোক

মুঁই তুঁসেৰ ছাই
তুই ওৰে বালাই
মুঁই ৰাইতেৰ আন্ধাৰ
তুই ওৰে নিষাদ গান্ধাৰ

ধুৰ কি প্ৰেম
কাৰ প্ৰেম
কি প্ৰেম

প্ৰেম আকটা উড়িয়া থাকা
মৌ-মাছি
"সত্যি সত্যি আমি তোকে ভালবাসি"

প্ৰেম - ভালাপাওয়া
বুকেৰ আঁসি
তোৰ জন্যেই বাজাং মুঁই
ৰাইত ৰাইত কৰুণ বাঁসী

বাঁসী ভাঙিল
প্ৰেমৰ নিসা বাঢ়িল

নিসা বাঢ়িল
নিসা ভাঙিল

তুই তুই
আৰ্ মুঁই মুঁই

তুই মোক নাবুজিলি কুনোদিলে

ঐজন্যেয় মুঁই মদ খাং
ৰাইত ৰাইত ভাঙা দোতৰা বাজাং

তুই হয়তো ভাবিস
তোৰ প্ৰেমত মুঁই কুন
বালেশ্ব বাল হৰিদাস পাল !

ණ কন্দৰ্পজিৎ কল্লোল
################
কিচ্ছাৰ ৰাজকুমাৰী
আৰ্ ডিঙা মেলা বাইচাৰেৰ অলিখিত কাহিনী
===============

মুঁই ঘাটত বসিয়া দেখিয়া থাকুং....

ফাল্গুনী হাওয়াত ঘাটা ছাড়িয়া
বেঘাটাত যায় তোৰ ডিঙা

তোৰ ভাঙা কাঠেৰ বৈঠা
লৰক্ ভৰক্
তোৰ ভাঙা বুকেৰ ক্ৰন্দন
থৰক্ বৰক্

কাক বিছৰিয়া যাইস
কাৰ ঘাটত বসিয়া
জিৰাবাৰ চাইস

মুঁই ঘাটত বসিয়া দেখিয়া থাকুং

ৰূপকথাৰ ডানা মেলিয়া উড়িয়া যাং
কিচ্ছাৰ মতোন কৰিয়া

ধূসৰ ধূসৰ ৰাত্তিৰ আগুন
বুকত উড়ে উদাসী ফাগুন

কাক দেখিস বাইচাৰ ভাই
কাৰ জৈন্যে অপেক্ষাত দিন কাটাইস

তোৰ ডিঙা উজিয়াও যায়
তোৰ ডিঙা ভাইটায়াও যায়
কিন্তু বিছৰিয়া নাপায় জিৰাবাৰ ঘাট

তোক বৰিবাৰ জৈন্যে চাইলন বাতি ধৰিয়া নাইসে
কুনো ৰূপকথাৰ ৰাজকুমাৰী

তোৰ ডিঙাত কয় হাঁটু জল
জল না অশ্ৰুৰ কলবল্

কিচ্ছাৰ ৰাজকুমাৰীৰ সপোন বান্দিস বুকত
আৰ্ মেলিয়া দিস ডিঙা

ডিঙা যায় আৰ্ যায়
ৰাজকুমাৰী বসিয়া থাকা
ঘাট
বিছৰিয়া নাপায় !

ණ কন্দর্পজিৎ কল্লোল
################
• সৰিয়া পৰা আকটা গেলাস •
================

সৰিয়া পৰা আকটা গেলাস
টুকুৰা টুকুৰি কাঁয়েচ
আৰ্ নেয়া বছৰ

কথাগুলা মুঁই নিজেই নুবুজুং
আৰ্ তোক তে কি
বুজাইম

কুঁআশাৰ আঁৰালত লুকিয়া থাকা মোৰ অতীত
শীতেৰ টোপাগুলানত মিসল হোয়া যাওয়া দুইটোপা চোঁখেৰ জল
আৰ্ তোৰ চোঁখেৰ কাজল

কথাগুলা আন্ধাৰকো কোবাৰ পাং নাই
আৰ্ তোক তে কি কৈম

নদীখানে ফেঁকুৰে
জলকুমাৰীয়ে কাপুৰ বদলায়
আথানি কুমাৰে
ভেবা লাগিয়া দেখিয়া ৰয়

বৰ্‌শীত যুদি মাছেৰ বদল সাপ ধৰে
সাপে যুদি মোক দংশন কৰে
ঐখান যুদি ঢোৰা সাপ হয়

কথাগুলান কালিঘুঁকিৰ গোলাৰ
কৰুণ কান্দোন
কথাগুলান হিজ্‌লা পাতাৰ থাকিয়া সৰা
শীতেৰ টোপাল

আকদিন হিজলটাৰ তলত বসিয়া
তোৰ জৈন্যে চিঠি লেখ্‌ছিলুং

আমাৰ ৰক্তয় কুনোদিনেও নালেখিব প্ৰেমেৰ পত্ৰ
যেঠেই লাগিয়া থকা
ৰং গুলান
চেল্‌কিয়া খাং

দিনগুলান কঠিন হবো
নেটত আবদ্ধ হবো
নিষিদ্ধ ৰাত্তিৰ আল্লাপ

কথাগুলান মৰা শগুণেৰ নিনাদ
মুঁই নিজেই নাবুজুং
আৰ্ তোক তে কি বুজাইম !

ණ কন্দর্পজিৎ কল্লোল

(01/01/14)
##################
• মিছ ওর্ল্ড ঐশ্বর্য ৰায় •
..............................................

(উছর্গা : বিশ্বৰ সগ্ নির্যাতিতা মহিলাৰ
হাতত
যেগুলান দুর্ভোগেৰ বলি হৈল খালী নাৰী হোআৰ জৈন্যে)

পৃথিবীৰ সবথাকিয়া
সুন্দৰ চোঁখদুইটাৰে
তুই ঐশ্বর্য ৰায়

চেংৰা ছাওয়াৰ বেৰাত ঝুলিয়া থাকা তোৰ পোষ্টাৰ
ফটোজেনিক তোৰ চেহেৰাৰ ঐ নৰম হাঁসি
কতো দামদিয়া বিক্ৰী কৰ্‌লি তুই
কতো দামদিয়া ।

অন্ধ্ৰত ভূমিহীন কিৰ্ষকে আত্মহত্যা কৰে
মহাজনী সুদত
ভোকত মাগী হয়
দিল্লীৰ ৰেশমী
মোৰ গাঁওয়েৰ মণিমালা কবিতা
কাপুৰেৰ অভাবত
উত্তৰ-প্ৰদেশেৰ তিনবৈনীয়ে
গোলাত নেয়
ফাঁসিৰ দোৰী
বলৎকাৰ কৰা হয়—
বলৎকাৰ কৰা হয়
মোৰ দেশেৰ ৰাজুবৈনীমাইক
অথোচো টিভিৰ পর্দাত
ঝিল্‌কিয়া উঠে তোৰ
ক্লোজআপ হাঁসি
কাৰ নির্দেশত ঐশ্বর্য
কাৰ নির্দেশত
এতো সহজতে
কোয়া দিবাৰ পাইস তুই
'জো চাহে হো যায়ে কোকা-কোলা এনজয়'

তোৰ দেহাৰ
অংগয় অংগয়
আমেৰিকাৰ পেটেণ্ট
তুই বিক্ৰী কৰ্ছিস
দেহাৰ ভূগোল
বহুজাতিক কোম্পানীৰ বেডৰুমত তুই
অভিজাত মাগী
মোৰ দেশেৰ
আবাদেৰ পাথাৰত আমেৰিকাৰ ইন্দুৰ মেলিয়া দিস তুই
ঐজৈন্তে হয়তো তোৰ
সমাজ সেবাৰ নাম
এইড্‌ছ
ঐশ্বর্য, আমা ঘিণ্ণা কৰুং তোৰ সৌন্দর্যক
কেনে গোলাম হোয়া
চিল্লাবি তুই
'জো চাহে হো যায়ে
কোকা-কোলা এনজয়'
ঐশ্বর্য, আকৰাত্তি
কাটেয়া যাইসতো তুই বাঁহজনী অথবা চৰাইপুঙত
বানাৰ সমায়ত মথাউৰিৰ আশ্ৰয় শিবিৰত
সৈন্দাভ্ৰমণত আসিস আকবাৰ
গোসাঁইগাঁও অথবা কঁচুগাঁৱত
ঢকুআখানা অথবা ধেমাজিৰ কির্ষক আকজনেৰ বাড়ীত আকসাঁজ খায়া যাইস
তাৰ পৰে শুনিম
তুই কেমনকৰিয়া কৈস
'জো চাহে হো যায়ে কোকা-কোলা এনজয়'

পত্থম বিশ্বৰ মোজেইক মজিয়াত
তোক নাচিবাৰ দিলেয় নাচিবাৰ লাইগ্‌বো 'নিমুৰা নিমুৰা'
ঢালিয়া দিবাৰ লাইগ্‌বো উমাক
গেলাস ভৰেয়া হুইস্কী
তুই খাওয়াৰ কথা কৈস
কোকা-কোলা
অথোচো তুই নাজানিস
কেমনকৰিয়া পানী পানী বুলিয়া
বেদুইন হয় ৰাজস্থানেৰ অবোধ বাচ্ছা

এৰ্ পৰেও পাবিনা
পাবিনা তুই কোবাৰ
ৰাজুবৈনীমাই ৰেশমী মণিমালাগুলানেৰ চোঁখত চোঁখ থোয়া
'জো চাহে হো যায়ে কোকা-কোলা এনজয়' ।
------------------------

মূল : হিমাংশু প্ৰসাদ দাস
ফোন - 9707015496

কামতাপুৰী ৰাওবদল :
কন্দর্পজিৎ কল্লোল