XtGem Forum catalog
kkallol.xtgem.com

২০১৩
=====

২০১৩ চনত আজিলৈকে প্ৰায় ৫০টা মান কবিতা-অকবিতা আৰু ২৫টা মান হাইকু লিখিছোঁ । তাৰ বিপৰীতে ২০১৩ চনত এটাও গল্প লিখা নহ'ল । মোৰ গল্পৰ সংখ্যা একেবাৰে কম । ২০০৮ চনত ১০টা গল্প লিখাৰ পিছত ২০০৯, ২০১০ আৰু ২০১১ চনত এটাও গল্প লিখা নাছিলোঁ । ২০১২ চনত লিখা একমাত্ৰ গল্পটো আছিল অংশুমানৰ আত্মহত্যা, নিজৰা, জাহ্নৱী আৰু মই । অৱশ্যে ২০১৩ চনত লিখা আত্মহত্যাৰ তৃতীয় পৃষ্ঠা গল্প নহ'লেও গল্পৰ দৰে । আনহাতে কেবাটাও লেখা হেৰুৱালোঁ । নষ্ট অকবিৰ নষ্ট গদ্য (অসমীয়া ভার্চন), নষ্ট প্ৰেমিকৰ নষ্ট প্ৰেম, কন্দর্পজিৎ কল্লোলৰ সৈতে এটি চমু বার্তালাপ, মোৰ বিবাহৰ কাহিনী, নষ্ট মহানায়ক আদি কেবাটাও লেখা একাউণ্ট নষ্ট হোৱাত হেৰুৱাব লগীয়া হ'ল ।

ইয়াৰ বাহিৰেও ২০১৩ চনত বহুত পালোঁ, বহুত হেৰুৱালোঁ । বহুক্ষেত্ৰত কথা ৰাখিলোঁ, আন বহুক্ষেত্ৰত কথা ৰাখিব নোৱাৰিলোঁ । বহু বির্তকই চুই গ'ল মোক । এনেদৰেই সময়বোৰ চকুৰ পজাৰতে পাৰহৈ গ'ল ।

ණ কন্দর্পজিৎ কল্লোল