80s toys - Atari. I still have

কল্পনা-পৰিকল্পনা : ২০১৪-২০১৫

১। বিশৃংখল জীৱনৰ পৰা আঁতৰি আহিম । ঘৰখনৰ প্ৰতি চকু দিম । নিয়মানুবর্তিতা বজাই ৰাখিম । মদ্যপান নকৰিম ।

২। B.A. Final Exam-ৰ আগলৈকে সাধাৰণতে ঘৰতে থাকিম । জানুৱাৰীৰ মাজভাগত পত্নী-কন্যাৰ সৈতে কেইদিনমান ফুৰিম । ফেব্ৰুৱাৰীত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অধিৱেশন (তিনিচুকীয়া)লৈ যাম ।

৩। পৰীক্ষাৰ পিছত কেইদিনমান ভ্ৰমণ কৰিম । কেইজনমান বন্ধু-বান্ধৱীক লগ কৰিম । গুৱাহাটীলৈ যাম । তাৰ পিছত বংগ আৰু ওড়িশা (উৰিষ্যা) ভ্ৰমণ কৰি আহি কিবা এটা কামত ধৰিম ।

৪। মদ খোৱাৰ ক্ষেত্ৰত খৰচ হোৱা টকাখিনি সাঁচি ৰাখিম । সেয়া কিবা এটা সৃষ্টিমূলক কামত লগাম ।

৫। বেছিকৈ নেট নকৰিম । সময়মতে গা ধোঁৱা, খোৱা-বোৱা আদি কৰিম । আজৰি সময়তহে নেট কৰিম । ফেচবুক এৰিম বুলি নকওঁ । কিন্তু ফেচবুক কমকৈ কৰিম ।

৬। ২০১৫ চনটো কর্মব্যস্ততাৰে পাৰ কৰিম । ২০১৫ চনৰ শেষৰফালে কাব্যসংকলন এখন প্ৰকাশ কৰিম বুলি হেঁপাহ এটা পুহি ৰাখিছোঁ ।

ණ কন্দর্পজিৎ কল্লোল